চিৰাঙৰ প্ৰেট্ৰলিয়াম ইন্ধন মজুত ভাণ্ডাৰৰ ক্ষেত্ৰ পৰিদৰ্শন প্ৰমোদ বড়োৰ

চিৰাঙৰ ডাংতল খাগ্ৰাবাৰীত হিন্দুস্তান পেট্ৰলিয়াম কৰ্পোৰেচন লিমিটেডৰ প্ৰস্তাৱিত প্ৰেট্ৰলিয়াম ইন্ধন মজুত ভাণ্ডাৰৰ ক্ষেত্ৰ পৰিদৰ্শন হিন্দুস্তান পেট্ৰলিয়াম কৰ্পোৰেচন লিমিটেডৰ কাৰ্য্যবাহী সঞ্চালক শ্ৰীধৰ গৌড় আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ ।

প্ৰায় দুশ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব হিন্দুস্তান পেট্ৰলিয়াম কৰ্পোৰেচন লিমিটেড চমুকৈ এইচপিচিএল-ৰ এই ইন্ধন মজুত ভাণ্ডাৰৰ বাবে জিলাখনৰ ডাংতল আৰু বাসুগাঁও চহৰৰ সমীপৰ খাগ্ৰাবাৰী গাঁৱত ২৬০ বিঘা ভূমি অধিগ্ৰহণ ঠাইত আজি এইচপিচিএল-ৰ কাৰ্য্যবাহী সঞ্চালক শ্ৰীধৰ গৌড় আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়োয়ে ভূমিৰ স্বত্বাধিকাৰীসকলৰ স’তে মত বিনিময় কৰে ।

আজিৰ এই অনুষ্ঠানত চিদলীৰ বিধায়ক জয়ন্ত বসুমতাৰী, ইউপিপিএল দলৰ কাৰ্য্যকৰী সভাপতি ৰৌণগৌৰা নাৰ্জাৰী, বিটিআৰৰ কাৰ্য্যবাহী সদস্য উইলচন হাচদা, পাৰিষদ মাধৱ ছেত্ৰী, চিৰাং জিলা আৰক্ষী অধীক্ষক প্ৰাঞ্জিত বৰাসহ এইচপিচিএল-ৰ বিষয়া-কৰ্মচাৰী উপস্থিত থাকে ।

এইচপিচিএল-ৰ এই ইন্ধন মজুত ভাণ্ডাৰৰ স্থাপন হোৱাৰ পাছত এই অঞ্চলত প্ৰত্যক্ষ-পৰোক্ষভাৱে বহু নিবনুৱাৰ কৰ্ম সংস্থান লাভ কৰিব বুলি বিটিআৰ প্ৰধান প্ৰমোদ বড়ো আৰু এইচপিচিএল-ৰ কাৰ্য্যবাহী সঞ্চালক শ্ৰীধৰ গৌড়ে মন্তব্য কৰে ।

এইচপিচিএল-ৰ দৰে এটা কোম্পানীৰ প্ৰকল্প বিটিআৰ অঞ্চলত স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু দেশৰ পেট্ৰলিয়াম বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীক ধন্যবাদ জ্ঞাপন কৰে প্ৰমোদ বড়োই ।

বিটিআৰ এলেকা এটা সময়ত অশান্ত অঞ্চল আছিল যাৰ কাৰণে এই অঞ্চলত এনেধৰণৰ অনুষ্ঠান অহা নাছিল এতিয়া সময় সলনি হৈছে , শান্তিৰ পৰিৱেশ ঘূৰি আহিছে যাৰ কাৰণে আমি এনেধৰণৰ প্ৰকল্প পাবলৈ সক্ষম হৈছো ।

এনেধৰণৰ প্ৰকল্প স্থাপন হ’লে কেৱল নিবনুৱা সমস্যা সমাধান নহয় লগে লগে এলেকাৰ পৰিৱেশ উন্নত হয় বুলি মন্তব্য কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োয়ে ।

প্ৰমোদ বড়োয়ে বিটিআৰত পৌৰসভাৰ নিৰ্ব্বাচন আৰু কোকৰাঝাৰৰ শ্ৰীৰামপুৰৰ ব্ৰইলাৰ ছিণ্ডিকেট সন্দৰ্ভতো মন্তব্য কৰে ।

আজিৰ এই অনুষ্ঠানতে বিটিচি প্ৰধান বড়োয়ে এইচপিচিএল কৰ্তৃপক্ষই যোগান ধৰা কেক কাটি ৪৭ সংখ্যক জন্মদিন পালন কৰে ।

Exit mobile version