হেৰুওৱা মেকুৰীৰ সন্ধানত পাঁচ লাখ টকাৰ পুৰস্কাৰ ঘোষণা গৰাকীৰ

6bda0940 b9ad 11e9 98cb e738ad509720

বিভিন্ন সময়ত পােহনীয়া জীৱ-জন্তুৰ প্ৰতি মানুহে নিজৰ মৰম-চেনেহ প্রদর্শন কৰাৰ বাতৰি সংবাদ মাধ্যমত প্ৰচাৰ হৈ আহিছে।

এইবাৰ আমেৰিকাৰ মেচাচুচেটছ চহৰৰ এক বাসিন্দাই নিজৰ পােহনীয়া মেকুৰী এটাৰ জৰিয়তে সংবাদ শিৰােনাম দখল কৰিছে।

‘দ্য ছান’ৰ বাতৰি অনুসৰি, মেচাচুচেটছ নিবাসী বিল লৰেন্সৰ পােহনীয়া মেকুৰী এটা অলপতে সন্ধানহীন হৈছিল। বিগত তিনি বছৰ ধৰি মেকুৰীটো বিলৰ ঘৰত আছিল।

কিন্তু যােৱা ২৪ ফেব্ৰুৱাৰীত হঠাতে পােহনীয়া মেকুৰী জিল সন্ধানহীন হয়। জিলক বহুত বিচাৰিও উলিয়াব নােত গৰাকী বিল মানসিকভাৱে ভাগি পৰে।

পাছত মেকুৰীটোৰ সন্ধান বিচাৰি তেওঁ স্থানীয় সংবাদপত্র বিজ্ঞাপন দিয়ে আৰু এই বিজ্ঞাপনত বিলে ঘােষণা কৰা অনুসৰি,তেওঁৰ সন্ধানহীন হােৱা মেকুৰীটোৰ সন্ধান দিও তেওঁ নগদ পাঁচ লাখ টকাৰ পূৰস্কাৰ দিব।

তিনি বছৰ পূৰে ৰিলে মেকুৰী পােৱালি জিলক এখন বিপণীৰ পৰা কিনি আনিছিল আৰু বিগত সময়ছােৱাত জিল পৰিয়ালৰ সদস্যত পৰিণত হৈছিল।

কিন্তু হঠাতে ২৪ ফেব্ৰুৱাৰীৰ দিনা জিল নিৰুদ্দেশ হয়। মেকুৰীৰ সন্ধান বিচাৰি বিলে চাৰিওফালে চলাথ কৰিলেও জিলৰ সন্ধান লাভ কৰিব নােৱাৰিলে।

উপায়হীন হৈ বিলে মৰমৰ মেকুৰীৰ সন্ধানত বিজ্ঞানে প্ৰকাশৰ সিদ্ধান্ত লয়। সেই অনুসৰি তেওঁ স্থানীয় সংবাদপত্ৰত এক বিজ্ঞাপন দি কয় যে মৰমৰ মেকুৰীটোৰ সন্ধান দিওতাক তেওঁ পাঁচ লাখ টকাৰ উপহাৰ দিবলৈ সাজু আছে।অৱশ্যে এই বিজ্ঞাপন প্রকাশৰ পাছতত বিলে মেকুৰীৰ সন্ধান লাভ কৰা নাই।

Exit mobile version