Ukraine-Russia Conflict : কিভৰ পৰা পোলেণ্ড সীমান্তৰ দিশে যোৱা পথত গুলিবিদ্ধ ভাৰতীয় ছাত্ৰ, হাস্পাতালত চিকিৎসাধীন

download 2

কিভৰ পৰা উভতাৰ পথত গুলিবিদ্ধ ভাৰতীয় ছাত্ৰ । কিভৰ পৰা পোলেণ্ড সীমান্তৰ দিশে অহাৰ পথত এই ছাত্ৰজন গুলিবিদ্ধ হয় । তেওঁক মাজ পথৰ পৰাই উভতাই নি কিভৰ এটা হাস্পাতালত ভর্তি কৰা হৈছে । অসামৰিক বিমান চলাচল প্রতিমন্ত্রী ভিকে সিঙে বিষয়টো জনাইছে । তেওঁ কয়, ‘‘কিভত এজন ছাত্র গুলিবিদ্ধ হৈছে বুলি জানিব পৰা গৈছে আৰু তেওঁক অবিলম্বে কিভৰ হাস্পাতালত ভর্তি কৰা হৈছে ।’’ কিন্তু ছাত্রজনৰ পৰিচয় এতিয়াও প্রকাশ্যত অহা নাই ।

ইয়াৰ পূৰ্বেও ৰুছ আক্ৰমণৰ বলি হৈ প্রাণ হেৰুৱাইছিল কর্নাটকৰ এজন মেডিকেল ছাত্ৰ‌ই । মঙলবাৰে খাৰকিভত বোমা বিস্ফোৰণৰ ফলত এই ছাত্ৰজনৰ মৃত্যু হয় । মৃত ছাত্ৰজনৰ নাম নবীন শেখাৰাপ্পা জ্ঞানগৌধৰ । নবীন মেডিকেল কলেজৰ চতুর্থ বর্ষৰ ছাত্র আছিল । নিত্যপ্রয়োজনীয় সামগ্ৰী কিনবলৈ দোকানৰ শাৰীত থিয় হৈ আছিল নবীন । তেনে সময়তে সেই স্থানত ৰুছৰ বোমা পৰে । ইয়াৰ ফলতেই তেওঁৰ মৃত্যু হয় ।

ইউক্রেইনত আবদ্ধ ভাৰতীয়সকলক দেশত উভতাই আনিবৰ বাবে ১৯খন বিমান চলাইছে বায়ুসেনা আৰু দেশৰ বিমান সংস্থাসমূহে । বৃহস্পতিবাৰৰ পৰাই উদ্ধাৰকাৰ্যত নামিছে এই বিমানসমূহ ।

ইউক্রেইনৰ প্রতিবেশী দেশ ৰোমানিয়া, হাংগেৰী আৰু পোলেণ্ডত আশ্রয় লৈছে তিনি হেজাৰ ৭২৬ জন ভাৰতীয়‌ই । তাৰ পৰা তেওঁলোকক উদ্ধাৰ কৰিবৰ বাবে বায়ুসেনা, এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ’ৰ বিমান চলোৱা হ’ব ‘অপাৰেছন গংগা’ মিছনৰ অধীনত । কেন্দ্রীয় অসামৰিক বিমান পৰিবহণ মন্ত্রী জ্যোতিৰাদিত্য শিণ্ডেই জনাইছে, বৃহস্পতিবাৰে আঠখন বিমান যাব বুখাৰেষ্টত ।

Exit mobile version