China : দক্ষিণ চীন সাগৰৰ বিতর্কিত এলাকাত চীনা নৌ-অনুশীলনৰ ঘোষণা, উদ্বিগ্ন ভিয়েতনাম

138791

ইউক্রেইনত ৰুছ সেনাৰ আক্ৰমণক লৈ বিশ্বজুৰি অশান্তিৰ সৃষ্টি হৈছে । তেনে সময়তে দক্ষিণ চীন সাগৰত নতুনকৈ উত্তেজনাৰ সৃষ্টি কৰিছে বেইজিঙে । ভিয়েতনামৰ উপকূলত নতুনকৈ নৌযুদ্ধৰ অনুশীলন আৰম্ভ কৰাৰ কথা শনিবাৰে ঘোষণা কৰিছে চীনৰ ‘পিপলছ লিবাৰেছন আর্মি’ (পিএলএ)য়ে । সেই এলাকাত বাণিজ্যিক জাহাজ চলাচল বন্ধৰ নিৰ্দেশো জাৰি কৰা হৈছে ।

ভিয়েতনাম চৰকাৰ সূত্রে খবৰ, চীনৰ হেনান প্রদেশৰ ছানিয়া নৌঘাটিত মোতায়েন বাহিনীয়ে এই নৌ-মহৰাত অংশ লোৱাৰ প্রস্তুতি আৰম্ভ কৰিছে । বিতর্কিত এই জলপথৰ ওপৰত চীনা ফৌজে কৃত্রিম দ্বীপ তৈয়াৰ কৰিছে বুলি আগতেই খবৰ পোৱা গৈছিল । হেনানৰ ‘মেৰিটাইম ছেফটি এডমিনিষ্ট্ৰেছন’এ ইয়াক ‘ৰুটিন অনুশীলন’ বুলি জনাই কয়, অহা ১৫ মার্চ পর্যন্ত এই অনুশীলন চলিব ।

দক্ষিণ চীন সাগৰক লৈ প্রতিবেশী দেশসমূহৰ স’তে চীনৰ বিৰোধ নতুন নহয় । ইয়াৰ আগতেও এই এলাকাত এনে এক পক্ষীয় পদক্ষেপ গ্ৰহণ কৰিছে চীনে । ইয়াকে লৈ দীর্ঘদিন ধৰি অসন্তোষ জনাই আহিছে এই সাগৰৰ আশ-পাশে থকা দেশসমূহে । আমেৰিকাসহ পশ্চিমীয়া দেশসমূহৰ অভিযোগ, এই সাগৰক নিজৰ ‘সাম্রাজ্য’ হিচাপে ব্যৱহাৰ কৰিছে বেইজিঙে ।

চীনা নৌ-বাহিনীৰ অনুশীলনৰ স্থান ভিয়েতনাম উপকূলৰ হুৱে চহৰত দুশ নটিকেল মাইল দূৰত । চীনা সামৰিকৰ তৎপৰতাক লৈ ইতিমধ্যে উদ্বেগ প্রকাশ কৰিছে ভিয়েতনাম চৰকাৰে । নিজৰ অর্থনৈতিক অঞ্চলত চিনা নৌ-সেনাৰ এই অনুশীলনক ‘ভিয়েতনামৰ সার্বভৌমত্ব লংঘন’ বুলি অভিযোগ কৰিছে সেই দেশৰ সংবাদমাধ্যমে ।

উল্লেখ্য, ২০২০ত দক্ষিণ চীন সাগৰৰ বিতর্কিত পেৰাছেল দ্বীপপুঞ্জৰ সর্ববৃহৎ দ্বীপ উডি আইলেণ্ডত চীনা ফৌজৰ যুদ্ধবিমান মোতায়েনৰ ফলত বেইজিং-হেনত উত্তেজনাৰ সৃষ্টি হৈছিল । ইয়াৰ পূৰ্বে ২০১৪ত চীনৰ এটা খনিজ উত্তোলনকাৰী জাহাজ ভিয়েতনামৰ জলসীমাত প্ৰৱেশ কৰি খনন আৰম্ভ কৰাত দুই দেশৰ মাজত সংঘাত আৰম্ভ হৈছিল ।

সম্প্রতি ইউক্রেইন যুদ্ধৰ পৰিস্থিতিত আমেৰিকাৰ প্রাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে কয়, ‘‘আমাৰ দেশৰ বর্তমান নেতাসকলৰ দুর্বলতাৰ বাবে ইউক্রেইনৰ ওপৰত আক্ৰমণ চলাইছে ৰাছিয়াই । এইবাৰ চীনে একেদৰেই টাইৱান দখল কৰিব ।’’

Exit mobile version