Russia-Ukraine War : উৰিষ্যাৰ মুখ্যমন্ত্রীৰ পত্ৰ প্ৰধানমন্ত্ৰীলৈ, ইউক্ৰেইনৰ পৰা উভতা শিক্ষাৰ্থীক সাহায্যৰ আবেদন

pti182019000095b 2 1 1086569 1646136228

উৰিষ্যাৰ (Odisha) মুখ্যমন্ত্রী নবীন পট্টনায়েকে (Naveen Patnaik) দেওবাৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীক (Prime Minister Narendra Modi) পত্ৰ লিখিছে । ইউক্রেইনৰ (Ukraine) পৰা ভাৰতত উভতি অহা চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষা চলাই যাবৰ বাবে জৰুৰী ভিত্তিত হস্তক্ষেপৰ কথা তেওঁ পত্ৰত লিখিছে । প্রধানমন্ত্রীলৈ লিখা পত্ৰত তেওঁ লিখে, মুখ্যমন্ত্ৰী পট্টনায়েকে কয় যে ইউক্রেইনত যুদ্ধৰ বাবে উৰিষ্যা আৰু ভাৰতৰ অন্যান্য অংশৰ পৰা প্রচুৰ মেডিকেল ছাত্র-ছাত্ৰীসকলে দেশত উভতি আহিবলগীয়া হৈছে ।

ইউক্রেইনত তেওঁলোকৰ বিশ্ববিদ্যালয়ত যুদ্ধ বন্ধ হোৱা আৰু স্বাভাৱিক অৱস্থাত ঘূৰি নহা পর্যন্ত তেওঁলোকৰ শিক্ষাত ব্যাঘাত অব্যাহত থাকিব পাৰে বুলি তেওঁ জনাইছে । মুখ্যমন্ত্রীগৰাকীয়ে তেওঁৰ পত্ৰত উল্লেখ কৰিছে, “এইটো এটা অভূতপূর্ব সংকট য’ত কে’বা হেজাৰ যুৱক আৰু যুৱতিৰ কেৰিয়াৰ ব্যাহত হোৱাৰ সম্ভাৱনা আছে, যিসকল ইতিমধ্যে যুদ্ধক্ষেত্রত থকাৰ মানসিক আঘাতত আছে ।”

উৰিষ্যাৰ মুখ্যমন্ত্রীয়ে নেচনেল মেডিকেল কমিছন (NMC) আৰু সংশ্লিষ্ট মন্ত্রণালয়ৰ স’তে প্রধানমন্ত্রীৰ জৰুৰী হস্তক্ষেপ বিচাৰিছে যাতে ইউক্রেইনত ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষা ব্যাহত হোৱা পর্যায়ৰ পৰা তেওঁলোক ভাৰতৰ মেডিকেল কলেজসমূহত তেওঁলোকৰ শিক্ষা গ্ৰহণ কৰিবলৈ সক্ষম হয় । মুখ্যমন্ত্ৰী পট্টনায়েকে এই উদ্দেশ্যে এটা কার্যকৰ সমাধানৰ বাবে প্রধানমন্ত্রীক তেওঁৰ চৰকাৰৰ তৰফৰ পৰা পূর্ণ সমর্থনৰ আশ্বাস দিছে ।

ৰিপ’র্ট অনুযায়ী, উৰিষ্যাৰ পৰা প্রায় পাঁচশ ছাত্র-ছাত্ৰী ইউক্রেইন গৈছিল চিকিৎসা বিজ্ঞানত শিক্ষা গ্ৰহণ কৰিবলৈ । ৰাছিয়া আৰু ইউক্রেইনৰ মাজত যুদ্ধৰ ফলত তেওঁলোকৰ অনেকেই কোৰ্ছৰ মাজ ভাগতে ভাৰতত উভতি আহিবলগীয়া হৈছে ।

Exit mobile version