Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

এইবাৰ ৩৬ অসমীয়া গাঁও অৰুণাচললৈ

publisher by publisher
March 9, 2022
in Assam, News
Reading Time: 1 min read
0
এইবাৰ ৩৬ অসমীয়া গাঁও অৰুণাচললৈ
2
SHARES
19
VIEWS
ShareShareShareShare

‘মা আমি শদিয়ালৈ যামেই, মা আমি শতফুল খামেই, বান্ধিম আমি বান্ধিম মা, কেঁচা পাতত লােণ।’ খগেন মহন্তৰ সেই বিখ্যাত গীতৰ কলিটো মনত আছেনে? ড° ভূপেন হাজৰিকাৰ সেই কালজয়ী গীতটো? ‘চিয়াঙৰে গালং লুইতৰে খামটি, টিপৰে ৱাংচুৱে মােক কিয় মাতিছে?

ADVERTISEMENT

অসমীৰে পদূলি, উদুলি যে মুদুলি, মৰম-চেনেহৰে হাট বহিছে।’ আপােনাৰ, মােৰ মনত নাথাকিলেও পূর্ব-পশ্চিম, উত্তৰ-দক্ষিণ, অসমৰ চাৰিওদিশে আৱৰি থকা পাহাৰ আৰু পাহাৰৰ সহজ-সৰল প্ৰতিগৰাকী জনজাতীয় লােকৰ মন-মগজুত সেইসমূহ কালজয়ী গীতৰ গুঞ্জন আজিও বিদ্যমান। তাৰেই প্রমাণ স্বৰূপে চুবুৰীয়া অৰুণাচল প্রদেশ চৰকাৰে নামনি দিবাং উপত্যকা জিলাৰ শান্তিপুৰত ড° ভূপেন হাজৰিকাৰ প্রতিমূর্তি স্থাপন কৰি মহামিলনৰ নজিৰ সৃষ্টি কৰিছে।

RelatedPosts

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

পিছে সম্পর্কবােৰ সেই মজবুত হৈ আছেনে? শেহতীয়াকৈ পৰিৱৰ্তনৰ কোবাল নৈত যেন আমাৰ সামাজিক সাংস্কৃতিক আৰু ৰাজনৈতিক পটভূমিয়ে এক নতুন দিশ লৈছে। কোনােবা যদি আনন্দত আত্মহাৰা, আন কোনােবা আকৌ সর্বস্ব হেৰুওৱাৰ বেদনাত ম্রিয়মাণ। নগৰ-চহৰকেন্দ্রিক বৃহত্তৰ সমাজ যেন এতিয়া লক্ষ্য প্রাপ্তিত মত্ত।

আনপিনে, একে সময়তে অসমৰ সীমান্তত বাস কৰা ক্ষুদ্র ক্ষুদ্ৰ জনজাতীয়সকলৰ যে সম্প্রতি কুলাই-পাচিয়ে নধৰা দুখ। ভাষা, সংস্কৃতি, ভূমি সম্পদ সকলাে হেৰুওৱাৰ বেদনাত যেন দগ্ধ তেওঁলােক। তেওঁলােকৰ দুখ-বেদনা, ক্ষোভক আজি চাওতা নাই, শুনােতা নাই, বুজোতাও নাই। আজি তেওঁলােক সংগীবিহীন, ফলস্বৰূপে দুখৰ সময়ত আপােনজনক বিচাৰি, সংগী বিচাৰি ভৈয়ামৰ ককাই’হঁতক এৰি পুনৰ অৰুণাচললৈ ধাৱমান হৈছে।

তেওঁলােকে উপলব্ধি কৰিবলৈ বাধ্য হৈছে যে অসমীয়াৰ পৰিচয় ত্যাগ কৰাই সমস্যা সমাধানৰ পথ। ৰাজ্যৰ পূব প্ৰান্তৰ তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল প্রদেশ সীমান্তৰ ক্ষুদ্র ক্ষুদ্র জনসংখ্যাৰ জনজাতীয় সম্প্রদায়- টাংছা, চেমা, লুটা, চিংফৌ, তাই খামটি, তাই খাময়াং, তাই ফাকে, তাই তুং, তাই আইটনসকলৰ কথাই কোৱা হৈছে। জিলাখনৰ বুঢ়ীদিহিং, মাকুম, টিপ আদি মৌজাৰ অন্তৰ্গত সেই অসম-অৰুণাচল সীমান্তৰ দুর্গম পাহাৰৰ দাঁতিকাষৰীয়া জনজাতীয় গাঁওসমূহৰ দুৰৱস্থা বর্ণনাতীত।

শিক্ষা, স্বাস্থ্য সেৱা, বাট-পথ, বিজুলী, খােৱাপানী, সাধাৰণ চৰকাৰী কল্যাণমূলক আঁচনিৰ পৰা তেওঁলােক দশকৰ পাছত দশক ধৰি বঞ্চিত হৈ আহিছে। নাই কোনাে ভূমি তথা সম্পদৰ ওপৰত অধিকাৰ। সমান্তৰালভাৱে বহিৰাগত ব্যৱসায়ীৰ আগ্রাসন, চৰকাৰী যন্ত্রৰ পদ্ধতিগত বঞ্চনা,আৰক্ষী-নিৰাপত্তাৰক্ষীৰ নির্যাতন আৰু অজনজাতীয় লােকৰ অবাধ প্রব্রজন আৰু আগ্রাসনে সীমান্তৰ সেইসকল লােকক কম্পিত কৰি তুলিছে।

ফলস্বৰূপে,শেহতীয়াকৈ তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৰ ৩৬ খন অসমীয়া গাঁও চুবুৰীয়া অৰুণাচল প্রদেশত অন্তর্ভুক্ত হ’বলৈ সকলাে প্রস্তুতি সম্পূর্ণ কৰিছে। এতিয়া কেৱল আনুষ্ঠানিকতাহে বাকী। অপেক্ষা মাথোঁ কিছু দিন অথবা মাহ। অৰুণাচল প্রদেশত অন্তর্ভুক্ত হ’ব বিচৰা গাঁওসমূহৰ অন্যতম হ’ল দুই নম্বৰ আৰু তিনি নম্বৰ মালুগাঁও, লাংটিং, সঞ্জুৱাৰা, মংকাম বস্তি, এক নম্বৰ আৰু দুই নম্বৰ ৱাৰা বস্তি ইত্যাদি।

উল্লেখ্য যে এক নম্বৰ আৰু দুই নম্বৰ মালং পাহাৰ, এক নম্বৰ মালুগাঁও আৰু অঞ্জু বস্তি ইতিমধ্যে চুবুৰীয়া ৰাজ্যখনত অন্তর্ভুক্ত হৈ তাৰে স্থানীয় বাসিন্দাসকলে অৰুণাচল চৰকাৰৰ পৰা চৰকাৰী চাকৰিকে ধৰি অন্যান্য কল্যাণমূলক আঁচনি উপভােগ কৰি আহিছে।

তাৎপর্যপূর্ণ যে অসম চৰকাৰ তথা ৰাজ্যৰ জাতীয় দল-সংগঠনৰ পৰা সীমান্তবাসীৰ জনজাতীয় ৰাইজৰ সমস্যা সমাধান সন্দৰ্ভত কোনাে সঁহাৰি নােপােৱাত শেহতীয়াকৈ সীমান্তৰ এই ৩৬ খন গাঁৱৰ স্থানীয় বাসিন্দাই চুবুৰীয়া অৰুণাচলৰ চৰকাৰ তথা নাগৰিক সমাজৰ লগত যােগাযােগ স্থাপন কৰিছে আৰু আলাপ-আলােচনাই বহু দূৰ আগবাঢ়িছে।

সীমান্তৰ এই ৩৬ খন অসমীয়া গাঁৱক টিপ-চাংলাং, লংডিং স্বায়ত্তশাসিত পৰিষদত অন্তর্ভুক্ত কৰাৰাে প্রস্তুতি চলি আছে। চুবুৰীয়া অৰুণাচল প্রদেশৰ টিপ-চাংলাং-লংডিং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ এন চাংমি মুগলমে ‘দৈনিক অগ্রদূত’ৰ আগত কয়, ‘অসম-অৰুণাচল প্রদেশ সীমান্তৰ টাংছা, চেমা, লুটাকে ধৰি আন আন জনজাতীয় ৰাইজে অসমীয়া পৰিচয়েৰে জীয়াই থকাৰ ফলত কিবা পাইছে যদি সেয়া কেৱল লাঞ্ছনা, বঞ্চনা, দমন আৰু অকথ্য নির্যাতন। সীমান্তৰ কোনাে এখন গাঁৱলৈ বাট-পথ নাই। বিদ্যালয়, স্বাস্থ্য কেন্দ্র নাই।

বিজুলী সংযােগৰ ব্যৱস্থাও কৰা নাই। স্থানীয় যুৱক- যুৱতীয়ে বহু কষ্ট কৰি উচ্চ শিক্ষিত হৈ ঘূৰি আহিছে যদিও অসম চৰকাৰৰ পৰা সংস্থাপনৰ সুযােগ পােৱা নাই। অসম চৰকাৰৰ অধীনত স্থানীয় যুৱক-যুৱতীয়ে আজি পর্যন্ত নৈশ চকীদাৰৰ চাকৰি এটা নাপালে। ইয়াৰ বিপৰীতে অৰুণাচল প্রদেশ চৰকাৰৰ পৰা কর্মসংস্থাপনকে ধৰি সকলাে চৰকাৰী সা-সুবিধা পাইছে।

গতিকে স্থায়ীভাৱে অৰুণাচলত অন্তর্ভুক্ত হােৱাটোৱে লাভজনক আৰু সুৰক্ষিত হ’ব বুলি পতিয়ন গৈছে।’সীমান্তৰ জনজাতীয় লােকসকলক একপ্রকাৰ দমন, নিপীড়ন আৰু নির্যাতন কৰিবলৈহে অসমত অন্তর্ভুক্ত কৰি ৰাখিছে বুলি ক্ষোভ প্রকাশ কৰি অধ্যক্ষ মুগলমে কয় যে অসমৰ ‘ককাই’ (ভাষিক অসমীয়া) বিলাকে সীমান্তত বাস কৰা জনজাতীয় লােকসকল সংখ্যালঘু কাৰণে কোনােদিনেই আপােন বুলি নাভাবিলে।

উগ্রপন্থীৰ সন্দেহত আৰক্ষী-নিৰাপত্তাৰক্ষীয়ে সীমান্তবাসীসকলক নির্যাতন চলােৱাৰ উপৰি মন গ’লেই কাৰাগাৰলৈ নিক্ষেপ কৰাৰ লগতে বন বিষয়াই যেতিয়াই মন যায় তেতিয়াই সীমান্তৰ জনজাতীয় গাঁওসমূহক বনভূমি হিচাপে ঘােষণা কৰিবলৈ জাননী প্ৰেৰণ কৰা কাৰ্য অসম চৰকাৰৰ পৰিকল্পিত ষড়যন্ত্র বুলি জনজাতীয় সমাজকর্মী মুগলমে ক্ষোভ ব্যক্ত কৰে।

তেওঁ কয়, ‘সীমান্তৰ জনজাতীয় ৰাইজ ১৯৪৭ পৰাই ক্ষুব্ধ, বঞ্চিত, নিপীড়িত আৰু নির্যাতিত হৈ জীয়াই আছে। সেয়েহে এতিয়া তেওঁলােকে অসমীয়া পৰিচয়ৰ যন্ত্ৰণাৰ পৰা মুক্তি পাব বিচাৰে। নতুন এখন সমাজৰ অংশ লৈ নতুন পৰিচয়েৰে আত্ম মর্যাদা হৈ নতুন জীৱন গঢ়িব বিচাৰে।

গতিকে শান্তি আৰু পাৰস্পৰিক বুজাবুজিৰে দুয়ােখন ৰাজ্যৰ চৰকাৰে সাংবিধানিক সীমা পুনৰ নিৰ্ধাৰণ কৰিব লাগে। ‘মাৰ্ঘেৰিটা অঞ্চলৰ স্থানীয় যুৱ সমাজকর্মী ৱাইলুং শ্বান পল্লৱে এই সম্পর্কত ‘দৈনিক অগ্রদূত’ৰ আগত কয় যে যােৱা ১৩ ফেব্ৰুৱাৰীত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে টিপ অঞ্চল ভ্ৰমণ কৰাৰ লগতে চুবুৰীয়া ৰাজ্যখনৰ চাংলাং জিলা প্ৰশাসনৰ লগত আৰু অৰুণাচল প্রদেশ বিধানসভাৰ উপাধ্যক্ষ টেছাম পংটে আৰু কে’বাগৰাকী স্থানীয় বিধায়ক, নাগৰিক সমাজৰ প্রতিনিধিৰ উপস্থিতিৰ সীমা সমস্যা আৰু পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত আলােচনা কৰিছিল।

অৱশ্যে উক্ত আলােচনা ফলাফল সন্দৰ্ভত আজি পর্যন্ত দুয়ােখন ৰাজ্য চৰকাৰৰ পৰা কোনাে ধৰণৰ ঘােষণা কৰা হােৱা নাই। সীমান্তৱর্তী অসমীয়া গাঁও মালুংগাঁৱৰ গাঁওবুঢ়া টেহন আকুনে ‘দৈনিক অগ্রদূত’ক কয়, ‘আমি অসমীয়া বুলি দাবী কৰিলেও প্রশাসনকে ধৰি বৃহত্তৰ ভাষিক অসমীয়া সমাজে পাহাৰীয়া অৰুণাচলী বুলি লাঞ্ছনা কৰি আহিছে। আমাৰ চামটো অসম চৰকাৰৰ পৰা অসমীয়াৰূপে একো স্বীকৃতি নাপালাে।

আমাৰ ভাষা, সংস্কৃতি, সমাজ, অর্থনীতি সকলাে থানবান হৈ গ’ল। গতিকে ভষ্যিৎ প্রজন্মৰ কথা চিন্তা কৰি চুবুৰীয়া ৰাজ্য অৰুণাচল অন্তর্ভুক্ত হােৱাটোৱে গাঁওবাসীয়ে এতিয়া কামনা কৰে।’পৰিতাপৰ কথা, যােৱা কিছু বছৰ ধৰি অজনজাতীয় লােকৰ প্ৰব্ৰজন ইমানে বৃদ্ধি পাইছে যে শেহতীয়াকৈ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত খিলঞ্জীয়া লােকসকল সংখ্যাগত ফালৰ পৰা সংখ্যালঘুত পৰিণত হৈছে।

ফলত স্থানীয় খিলঞ্জীয়াসকলৰ হাতৰ মুঠিৰ পৰা অর্থনৈতিক, ৰাজনৈতিক সকলাে অধিকাৰ আনৰ নিয়ন্ত্রণলৈ গৈছে। টিপ সীমান্ত অঞ্চলৰ জনজাতীয় ৰাইজৰ ভূমি, সম্পদৰ ওপৰত অধিকাৰ বিচাৰি, ৰাজনৈতিক অধিকাৰ বিচাৰি দীর্ঘকাল আন্দোলন কৰি অহা জনজাতীয় নেতা প্রসন্ন তুৰুঙৰ অপহৰণ আৰু হত্যাৰ ঘটনায়াে সীমান্তৰ লােকসকলক যথেষ্ট শংকিত কৰি আহিছে।

২০০৭ত সংঘটিত হােৱা উক্ত হত্যাকাণ্ডৰ ঘটনাত ৰাজনৈতিক, ব্যৱসায়ীসকলৰ অপৰাধী চক্র জড়িত হৈ সীমান্তবাসীক ত্রাসিত কৰি দমন কৰাৰ অভিসন্ধি লুকাই থকা বুলিও উপলব্ধি কৰি আজি সীমান্তৰ অসমীয়া গাঁওসমূহ নিৰাপত্তা বিচাৰি অৰুণাচল প্ৰদেশত অন্তর্ভুক্ত হ’ব বিচৰা বুলিও ‘দৈনিক অগ্রদূত’ৰ আগত স্থানীয় বাসিন্দাই অভিমত ব্যক্ত কৰে। উল্লেখ্য যে সীমা পুননির্ধাৰণ সন্দৰ্ভত ইতিমধ্যে টিৰাপ চাংলাং-লংডিং স্বায়ত্তশাসিত পৰিষদে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ লগতে অৰুণাচল প্রদেশ চৰকাৰৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্র দাখিল কৰিছে।

উক্ত স্মাৰকপত্ৰৰ সন্দৰ্ভত পৰিষদৰ অধ্যক্ষ এন চাংমি মুগলমে কয়, ‘আমি দুয়ােখন চুবুৰীয়া ৰাজ্য চৰকাৰলৈ আহ্বান জনাইছাে— তৰুণ চেটাৰ্জী কমিটীৰ সাতফীয়া পৰামৰ্শাৱলী সীমান্তত ৰূপায়ণ কৰক। সীমান্তৰ স্থানীয় গাঁওবাসীৰ লগত ৰাজহুৱা শুনানি গ্রহণ কৰি সাংবিধানিক সীমা পুনৰ নিৰ্ধাৰণ কৰক। ১৯৫২ত টিপ ট্রাঞ্চফাৰ এৰিয়াৰ সহকাৰী ৰাজনৈতিক বিষয়াই মালংগাঁৱৰ গাঁওবুঢ়াৰ হাতত দিয়া ভূমিৰ জৰীপ অনুসৰি দিহিং পর্যন্ত অৰুণাচল প্রদেশলৈ পুনৰ হস্তান্তৰ কৰক। তদানীন্তন অসমৰ মুখ্যমন্ত্রী গােপীনাথ বৰদলৈৰ দিনত একপক্ষীয়ভাৱে টাংছাসকলৰ ৩৩৬ বর্গ কিলােমিটাৰ ভৈয়ামত অন্তর্ভুক্ত কৰা মাটি ঘূৰাই দিয়ক।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ARUNACHAL PRADESHAssam
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d