চিথিলা আঞ্চলিক হৰি মন্দিৰৰ উদ্বোধন বিটিআৰৰ ইএম অৰূপ কুমাৰ দেৰ

7bb18508 34ed 46ae 8ffc aed539599ff5

কোকৰাঝাৰ জিলাৰ অন্তৰ্গত চিথিলা গাওঁত চিথিলা আঞ্চলিক হৰি মন্দিৰৰ আজি উদ্বোধন কৰে বিটিআৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেই ।

আজিৰ অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি পুৱা ভাগৱত পাঠ , কীৰ্তন আদি অনুষ্ঠিত কৰে । ইয়াৰ পাছত চিথিলা আঞ্চলিক হৰি মন্দিৰৰ ধূপ দ্বীপ প্ৰজ্বলন কৰি বিভিন্ন মাংগলিক অনুষ্ঠানৰ মাধ্যমে মন্দিৰৰ মূল দুৱাৰৰ উদ্বোধন কৰাৰ অন্তত এখন মুকলি সভাও অনুষ্ঠিত হয় ।

উক্ত মুকলি সভাত মূখ্য অতিথি হিচাপে উপস্থিত থাকি ইএম অৰূপ কুমাৰ দেই হৰি মন্দিৰটোৰ উন্নয়ণৰ বাবে নাট মন্দিৰো নিৰ্মান কৰাৰ ব্যবস্থা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ।

সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে স্বামী যোগানন্দগিৰি মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডঃ পৰেশ চন্দ্ৰ ৰায় , চিথিলা ভিছিডিছিৰ অধ্যক্ষ কনকেশ্বৰ ৰায়কে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি।

Exit mobile version