Russia -Ukraine Conflict : ইউক্ৰেনৰ পৰা উভটিলে বাংলাদেশী শিক্ষাৰ্থী ,মোদীক ধন্যবাদ জনালে হাছিনাই

1646812440 hasina

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনালে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই । কাৰণ প্ৰথম জন ব্যক্তি যিজনে যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ পৰা নিজৰ দেশৰ নাগৰিকসকলক উদ্ধাৰ কৰাৰ সময়ত চুবুৰীয়া দেশৰ কথা নাপাহৰিল। বৰঞ্চ, তেওঁলোকক উদ্ধাৰ কৰি আনিলে নিৰাপদ স্থানলৈ ।

ৰাছিয়া-ইউক্ৰেইন যুদ্ধত ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় নাগৰিকসকলক উদ্ধাৰ কৰিবলৈ ‘অপাৰেচন গংগা’ আৰম্ভ কৰিছে নতুন দিল্লীয়ে ।

এই পৰিকল্পনাত ভাৰতে ইতিমধ্যে ইউক্ৰেইনৰ পৰা ১৮০০ ভাৰতীয় নাগৰিকক উদ্ধাৰ কৰিছে। ইয়াৰ উপৰিও ভাৰতীয় বায়ু সেনাই পৰিচালনা কৰা ‘অপাৰেচন গংগা’ উদ্ধাৰকাৰী বিমানে বহু বাংলাদেশী নাগৰিক, নেপাল আৰু টিউনিছিয়াৰ নাগৰিককো উদ্ধাৰ কৰিছে।

আনকি তেওঁলোকৰ ভিতৰত এজন পাকিস্তানী নাগৰিকো আছিল আৰু আছিল ন জন বাংলাদেশী ।

প্ৰসংগত সোমবাৰৰ পৰা ভাৰতত অপাৰেচন গঙ্গাৰ অন্তিম পৰ্যায় আৰম্ভ হৈছিল। এতিয়ালৈকে, পূৱ ইউক্ৰেইনত আৱদ্ধ ভাৰতীয়সকলক উদ্ধাৰ কৰিবলৈ উদ্ধাৰ অভিযান চলোৱা হৈছিল। অৱশ্যে, এইবাৰ ভাৰতে পশ্চিম ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় শিক্ষাৰ্থীসকলৰ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। ভাৰতে ৰাছিয়াৰ স’তেও কথা পাতিছিল যাতে ভাৰতীয়সকলক উদ্ধাৰ কৰাত কোনো অসুবিধা নহয়।

ভাৰতে অনুৰোধ জনায় ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিক । নিৰপদে ইউক্ৰেইন এৰিবলৈ ইউক্ৰেইনত অস্থায়ী যুদ্ধ বিৰতি ঘোষণা কৰে পুটিনে ।

Exit mobile version