আজি পুৱা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰদান কৰা তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত, দেশত ক’ভিডত আক্ৰান্ত হৈছে ৪,৫৭৫ জন লোক ।
ADVERTISEMENT
বৰ্তমানলৈকে দেশত মুঠ চাৰি কোটি ২৯ লাখ ৭৫ হেজাৰ ৮৮৪ জন লোক কৰ’নাত সংক্ৰমিত হৈছে।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰদান কৰা পৰিসংখ্যা অনুসৰি, দেশত সক্ৰিয় কৰ’না ৰোগীৰ মুঠ সংখ্যা ৪৬ হেজাৰ ৯৬২ লৈ হ্ৰাস পাইছে।
বিগত ২৫৪ ঘণ্টাত, দেশত কৰ’না সংক্ৰমণৰ ফলত ১৪৫ জন লোকৰ মৃত্যু হৈছে। ফলস্বৰূপে, দেশত কৰ’না সংক্ৰমণৰ ফলত মুঠ মৃত্যুৰ সংখ্যা হৈছে পাঁচ লাখ ১৫ হেজাৰ ৩৫৫ জন।