এক এপ্রিলৰ পৰা প’ষ্ট অফিচৰ এই একাউন্টসমূহত নাপাব নগদ সুদ

Allahabad postoffices

আপোনাৰ যদি প’ষ্ট অফিচত ছিনিয়ৰ চিটিজেন ছেভিংছ স্কিম, মাহিলী আয় স্কিম আৰু টার্ম ডিপ’জিট একাউন্ট আছে, তেনেহ’লে এই খবৰ আপোনাৰ বাবে ।

এক এপ্রিল ২০২২ৰ পৰা প’ষ্ট অফিচত ছিনিয়ৰ চিটিজেন ছেভিংছ স্কিম, মাহিলী আয় স্কিম আৰু ম্যাদী জমা একাউন্টত নগদ সুদ দিয়া বন্ধ হৈ যাব ।

প’ষ্ট অফিচৰ ছেভিংছ একাউন্ট : সুদৰ হাৰ চাৰি শতাংশ । প্রতি বছৰে সুদৰ হিচাপ কৰা হয় ।

ডাক বিভাগে জনাইছে, বহু ছিনিয়ৰ চিটিজেন ছেভিংছ স্কিম, মাহিলী আয় স্কিম আৰু টার্ম ডিপ’জিট একাউন্ট হ’ল্ডাৰসকলে তেওঁলোকৰ মাহিলী/ত্রৈমাষিক/বার্ষিক সুদৰ ক্রেডিট কৰিবৰ বাবে তেওঁলোকৰ ছেভিংছ একাউন্ট (প’ষ্ট অফিচ ছেভিংছ একাউন্ট বা বেংক একাউন্ট) লিঙ্ক কৰা নাই ।

যদি একাউন্টধাৰীয়ে তেওঁৰ ছেভিংছ একাউন্ট লিংক নকৰে, সেই ক্ষেত্রত বকেয়া সুদ প’ষ্ট অফিচ ছেভিংছ একাউন্টত কেৱল ক্রেডিট বা চেকৰ মাধ্যমত প্রদান কৰা হ’ব ।

Exit mobile version