Barack Obama : কৰ’না আক্রান্ত আমেৰিকাৰ প্রাক্তন ৰাষ্ট্ৰপতি বৰাক অ’বামা

1200px President Barack Obama

কৰ’না আক্রান্ত আমেৰিকাৰ প্রাক্তন ৰাষ্ট্ৰপতি বৰাক অ’বামা । দেওবাৰে নিশা এটা টুইটত এই কথা তেওঁ জনায় । সামান্য ডিঙিৰ সুৰসুৰনি আছে বুলি জানিবলৈ দিছে প্ৰাক্তন ৰাষ্ট্ৰপতিজনে ।

চিকিৎসকসকলে জনাইছে, প্রাক্তন ৰাষ্ট্ৰপতিজন কৰ’না আক্রান্ত হ’লেও তেওঁৰ বিশেষ উপসর্গ নাই । কৰ’না ভাইৰাছৰ অপেক্ষাকৃত কম ক্ষতিকৰ ৰূপত আক্রান্ত হৈছে তেওঁ । অৱশ্যে তেওঁৰ পত্নী মিশেল সংক্রমিত হোৱা নাই । টুইটাৰতেই প্রাক্তন ফাৰ্ষ্টলেডিৰ স্বাস্থ্য সংক্রান্ত খবৰ দিছে আমেৰিকান ৰাষ্ট্ৰপতিয়ে ।

উল্লেখ্য, অ’বামা আৰু মিশেল— দুয়োজনেই ক’ভিড ভেকচিন লৈছিল । কিছুদিন আগতে বুষ্টাৰ টিকাও লৈছিল দুয়োজনে । কৰ’না আক্রান্ত হ’লেও অ’বামাই টুইটাৰত জনাইছে, তেওঁ আৰু তেওঁৰ পত্নী কৃতজ্ঞ যে তেওঁলোকে আগতেই বুষ্টাৰ টিকাও লৈছে ।

Exit mobile version