WPI Inflation : ভাৰতৰ পাইকাৰী বজাৰত জুই ! মূদ্ৰাস্ফীতি ১৩.১১ শতাংশ

INDIA SUGAR DEMAND 0 1647244365472 1647244374708

ভাৰতৰ পাইকাৰী মূদ্ৰাস্ফীতি ফেব্রুৱাৰীত বৃদ্ধি হৈ ১৩.১১ শতাংশ হৈছে । যোৱা জানুৱাৰীত দেশৰ মূদ্ৰাস্ফীতি আছিল ১২.৯৬ শতাংশ । পূৰ্বে ডিচেম্বৰত এই হাৰ আছিল ১৩.৫৬ শতাংশ । হোলচেল প্রাইছ ইনডেক্স বা পাইকাৰী মূল্যৰ সূচক অনুসৰি ২০২১ৰ নৱেম্বৰত মূদ্ৰাস্ফীতি আছিল ১৪.৮৭ শতাংশ ।

ক্রুড পেট্রলিয়াম আৰু প্রাকৃতিক গেছ, ধাতৱ সামগ্ৰী, কেমিকেল, কেমিকেলজাত পণ্য, খাদ্য সামগ্রীৰ মূল্য বিগত বৰ্ষৰ তুলনাত বৃদ্ধি পাইছে । এই সমস্যা আৰু বাঢ়িব পাৰে বুলি শংকা কৰা হৈছে ।

উল্লেখ্য, প্রকাশিত মূদ্ৰাস্ফীতিৰ হাৰ ইউক্রেইনত যুদ্ধ আৰম্ভ হোৱাৰ আগৰ । পাইকাৰী বজাৰত ইউক্রেইন যুদ্ধৰ প্রভাৱ কিমান পৰিছে সেয়া বুজিব পৰা যাব আগন্তুক মাহৰ প্রকাশিত প্ৰতিবেদনৰ পৰা ।

উৎপাদিত পণ্যৰ ওপৰত মূদ্ৰাস্ফীতি ৯.৮৪ শতাংশ হৈছে । জানুৱাৰীত এই হাৰ আছিল ৯.৪২ শতাংশ । খাদ্য পণ্যৰ ওপৰত মূদ্ৰাস্ফীতি ৮.২ শতাংশ হৈছে । জানুৱাৰীত এই হাৰ আছিল ১০.৩৩ শতাংশ । শাক-পাচলিৰ মূদ্ৰাস্ফীতি ৮.২ শতাংশ হৈছে । জানুৱাৰীত এই হাৰ আছিল ১০.৩৩ শতাংশ ।

ইন্ধনত মূদ্ৰাস্ফীতি হৈছে ৩১.৫ শতাংশ । জানুৱাৰীত এই হাৰ আছিল ৩২.২৭ শতাংশ । ইপিনে নন ফুড আর্টিকলৰ মূল্যস্ফীতিৰ হাৰ প্রায় পাঁছ শতাংশ ।

Exit mobile version