ৰাছিয়াত বন্ধ হ’ল মেকড’নাল্ডছৰ ৮৫০ খন ৰেস্তোৰাঁ, অন্তিমবাৰৰ বাবে খাদ্যৰ জুতি ল’বলৈ গ্ৰাহকৰ ভিৰ

5b1ecde85e48ec1a008b4579

ৰাছিয়া আৰু ইউক্রেইনৰ মাজত যুদ্ধ অব্যাহত থকাৰ সময়তে ৰাছিয়াৰ বিৰুদ্ধে পশ্চিম বিশ্বৰ কে’বাখনো দেশে কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছে । দেওবাৰে মেকড’নাল্ডছে ৰাছিয়াত থকা প্ৰতিষ্ঠানটোৰ ৮৫০ খন ৰেস্তোৰাঁ বন্ধ কৰিলে । আমেৰিকাৰ বিখ্যাত ৰেস্তোৰাঁ প্ৰতিষ্ঠানটোৱে অলপতে যুদ্ধৰ পৰিপ্ৰেক্ষিতত ৰাছিয়াত ব্যৱসায় বন্ধ কৰাৰ সিদ্ধান্ত লৈছিল ।

মেকড’নাল্ডছৰ এইসমূহ প্ৰতিষ্ঠান বন্ধ হোৱাৰ পূৰ্বে দেওবাৰে অভূতপূৰ্ব সংখ্যক গ্ৰাহকে ৰেস্তোৰাঁসমূহত ভিৰ কৰিছিল । মেকড’নাল্ডছৰ বিখ্যাত বাৰ্গাৰসহ আন্যান্য খাদ্যৰ জুতি ল’বলৈ এইসকল গ্ৰাহকে প্ৰতিষ্ঠানটোৰ বিপণীৰ বাহিৰত দীঘল শাৰী পাতি থিয় দিছিল ।

উল্লেখ্য যে মেকড’নাল্ডছৰ লগতে ষ্টাৰ বাক্স, কোকাক’লা, পেপ্‌ছি, কে‌এফচি, বাৰ্গাৰ কিং আদি আন্তৰ্জাতিক ৰেস্তোৰাঁ প্ৰতিষ্ঠানেও ৰাছিয়াত ব্যৱসায় বন্ধ কৰিলে । ষ্টাৰ বাক্সে ১৩০, বাৰ্গাৰ কিঙে ৮০০, কে এফ চিয়ে ৭০ আৰু পিজ্জা হাটে ৫০খন ৰেস্তোৰাঁ ইতিমধ্যে ৰাছিয়াৰ বিভিন্ন অঞ্চলত বন্ধ কৰিলে ।

মেকড’নাল্ডছে ঘোষণা কৰা অনুসৰি তেওঁলোকে ৰাছিয়াত সম্প্ৰতি সকলোবোৰ ৰেস্তোৰাঁ বন্ধ কৰিলে যদিও এইসমূহ বিপণীত কৰ্মৰত ৬২,০০০জন কৰ্মচাৰীক বেতন প্ৰদান কৰি যাব । স্মৰ্তব্য যে ১৯৯০ৰ ৩১ জানুৱাৰীত ৰাছিয়াত মেকড’নাল্ডছে প্ৰথমখন ৰেস্তোৰাঁ মুকলি কৰিছিল ।

Exit mobile version