চাৰিদিনত ৪১ কোটি টকাৰ ব্যৱসায় ‘দ্য কাশ্মীৰ ফাইলছ’ৰ

89726146

বিবেক অগ্নিহােত্রী পৰিচালিত সদ্যমুক্তিপ্রাপ্ত ‘দ্য কাশ্মীৰ ফাইলছ’ ছবিখনে বক্স অফিচত বিশেষ সঁহাৰি লাভ কৰিছে।

যােৱা শুকুৰবাৰে দেশৰ চিত্ৰগৃহত মুক্তি লাভ কৰা এইখন ছবিয়ে চাৰিদিনতে মুঠ ৪১.৫০ কোটি টকাৰ ব্যৱসায় কৰিলে।

শুকুৰবাৰে মুক্তিৰ দিনা ছবিখনে ৩.২৫ কোটি টকা উপার্জন কৰিছিল। শনিবাৰে ৮.২৫ কোটি, দেওবাৰে ১৫ কোটি আৰু সােমবাৰে পুনৰ ১৫ কোটি টকাৰ ব্যৱসায় কৰিবলৈ এইখন ছবি সফল হ’ল।

উল্লেখ্য যে কাশ্মীৰ পণ্ডিতৰ বাস্তৱ জীৱনৰ কাহিনীৰে এইখন ছবি নির্মাণ কৰা হৈছে। ‘দ্য কাশ্মীৰ ফাইলছ’ত অনুপম খেৰ, পল্লৱী যােশী, মিথুন চক্ৰৱৰ্তী, দর্শন কুমাৰ আদিয়ে অভিনয় কৰিছে।

Exit mobile version