ময়নাৰতলত ৩০খন বিছনাযুক্ত মডেল চিকিৎসালয় স্থাপনকলৈ বিটিআৰত এইবাৰ আৰম্ভ হৈছে উন্নয়ন বনাম ৰাজনীতি

কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামৰ ময়নাৰতলত মডেল চিকিৎসালয়খনৰ নিৰ্মাণৰ আধাৰশিলা স্থাপনকলৈ বিপিএফ বনাম ইউপিপিএল-বিজেপি মিত্ৰজোটঁৰ ৰাজনীতি আৰম্ভ হোৱা পৰিলক্ষিত হৈছে ।

ময়নাৰতলত কোনে আনিলে এই মডেল চিকিৎসালয় ৷  ৰাইজৰ আগত ক্ৰেডিট দেখুৱাবলৈ একেখন মডেল চিকিৎসালয়ৰ দুবাৰকৈ আধাৰশিলা স্থাপনৰে চমক আৰম্ভ কৰিছে বিধায়ক ৰবিৰাম নাৰ্জাৰী আৰু ইএমৰ অৰূপ কুমাৰ দেৰ ।

উন্নয়নৰ মূখ নেদেখা ফকিৰাগ্ৰাম বাসী ৰাইজৰ মাজত বাৰুকৈ আমোদ দিছে ৰাজনৈতিক দল দুটাৰ আধাৰশিলাৰ ৰাজনীতিয়ে ৷ উল্লেখ্য যে যোৱা ১০ মাৰ্চত ফকিৰাগ্ৰামৰ ময়নাৰতলত মডেল চিকিৎসালয় স্থাপনৰ আনুষ্ঠানিক আধাৰশিলা স্থাপন কৰিছিল কোকৰাঝাৰ পশ্চিম বিধানসভা সমষ্টিৰ বিধায়ক তথা বিপিএফৰ নেতা ৰবিৰাম নাৰ্জাৰীয়ে এই আধাৰশিলাক লৈ এতিয়া লাগিছে প্ৰতিযোগিতাৰ ৰাজনীতি ৷

সেই একেটা স্থানতে পুনৰ বাৰ ১৫ মাৰ্চত একেটা মডেল চিকিৎসালয় স্থাপনৰ আধাৰশিলা স্থাপনৰে বাহঃ বাহঃ ল’লে বিটিআৰৰ প্ৰমোদ বড়ো নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ স্বাস্থ্য বিভাগৰ দায়িত্বৰত কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে’ ই ।

এই দুই নেতাৰ আধাৰশিলা স্থাপন কৰা কাৰ্যক নিৰব দৰ্শক হিচাপে থাকিল ফকিৰাগ্ৰাম বাসীয়ে ।এইক্ষেত্ৰত ফকিৰাগ্ৰামবাসীয়ে চিকিৎসালয়খন স্থাপনৰ বাৱে কাক দিৱ চাব্বাচ সেয়া সময়ে কৱ ৷ বিধায়ক ৰবিৰাম নাৰ্জাৰীৰ দাৱী মোৰ আমোলত তদান্তীতন মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ আৰু স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ দ্বাৰা এইখন মডেল চিকিৎসালয় অনুমোদন পোৱা বুলি উল্লেখ কৰে ৷

ইপিনে বিটিআৰৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে’ৰ দাৱী বিটিআৰত আমাৰ চৰকাৰ আৰু দিচপুৰত আমাৰে চৰকাৰ চলি আছে ৷ তৎসত্বেও মডেল চিকিৎসালয়খনৰ আধাৰশিলাখন বিৰোধী দলহৈ বিপিএফৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে চুৰৰ দৰে আহি ফিটা কাটি যোৱাত প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷

দুইনেতাৰ আধাৰশিলা স্থাপন কৰাৰ পিছত আজি এক সংবাদমেল যোগে ফকিৰাগ্ৰাম ব্লক বিপিএফৰ সভাপতি এজামূল হক আৰু জিলা উপসভাপতি ডঃ ৰেজাউল কৰিমে তথ্যসহ দাঙি ধৰি কয় যে বিধষয়ক ৰবিৰাম নাৰ্জাৰীয়ে অৰূপ কুমাৰ দে এমছিএলএ তথা ইএম হোৱাৰ আগতে মডেল হাস্পাতাল স্থাপনৰ যাবতীয়া কাম কৰিছে বুলি দাবী কৰে ।

ইয়াৰ উপৰিও বিপিএফ দলৰ নেতাতথা বিৰোধী দলপতি দেৰহাসাত বসুমাতাৰীও মডেল হাস্পাতালৰ আধাৰশিলা স্থাপনক লৈ ইএম অৰূপ কুমাৰ দেই কৰা কাৰ্যত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে ইএম অৰূপ কুমাৰ দে নিজৰ বিভাগৰ দায়িত্ব পালনত ব্যৰ্থ হোৱাৰ বাবেই আধাৰশিলাৰ ৰাজনীতি আৰম্ভ কৰিছে বুলিও উল্লেখ কৰে ।

Exit mobile version