Covid in South Korea: এদিনতে আক্ৰান্ত চাৰি লাখ !

1647487504 korea

img

‘জিৰো ক’ভিড’ নীতিত চলা দেশ চীনত, সংক্ৰমণৰ সংখ্যা হঠাতে ইমান বৃদ্ধি পাইছে যে কে’বাখনো চহৰত তলাবন্ধ পুনৰ আৰম্ভ হৈছে।

ইফালে বিগত ২৪ ঘণ্টাত বৃদ্ধি পাইছে দক্ষিণ কোৰিয়াৰ কৰ’না সংক্ৰমনো। দেশখনৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ মতে, যোৱা ২৪ ঘণ্টাত দেশখনত মুঠ ৪,০০,৭৪১ জন লোক সংক্ৰমিত হৈছে। এইটো এতিয়ালৈকে দক্ষিণ কোৰিয়াত সৰ্বাধিক ।

দেশখনে মঙলবাৰে মৃত্যুৰ ক্ষেত্ৰতো এক অভিলেখ গঢ়িছে। পৰিসংখ্যা অনুসৰি, যোৱা ২৪ ঘণ্টাত ২৯৩ জন লোকে প্ৰাণ হেৰুৱাইছে। এইটো যোৱা দুবছৰত সৰ্বাধিক।

কোৰিয়া ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ সংস্থা (কেডিচিএ)ৰ মতে, একেসময়তে চাৰি লাখতকৈও অধিক লোক সংক্ৰমিত হোৱাৰ স’তে, মুঠ সংক্ৰমিত লোকৰ সংখ্যা সাত লাখতকৈও অধিক অতিক্ৰম কৰিছে। বিশেষজ্ঞসকলে জনাইছে , দক্ষিণ কোৰিয়াত, সংক্ৰমণ মুখ্যতঃ স্থানীয়ভাৱে বিয়পি পৰিছে।

আনহাতে, চীনে অতি সোনকালে চিকিৎসালয়ৰ বিচনা খালী কৰিবলৈ আৰম্ভ কৰিছে। বুধবাৰে প্ৰায় তিনি হেজাৰ নতুন অ’মিক্ৰন সংক্ৰমিত ৰোগী পোৱা গৈছে। যদি সোনকালে পদক্ষেপ লোৱা নহয়, সংক্ৰমণ সোনকালে বিয়পি পৰাৰ আশংকা আছে।

চীনৰ কেবাখনো চহৰত ইতিমধ্যে তলাবন্ধ ৰখা হৈছে। ছাংহাইত প্ৰায় ১৭লাখ লোক গৃহবন্দী হৈ আছে। হংকঙত, চিকিৎসালয়ৰ সন্মুখত থিয় হৈ থকা ৰোগীসকলৰ ভিডিঅ’ বৰ্তমান দ্ৰুত গতিত ভাইৰেল হৈছে। বহুতো অস্থায়ী চিকিৎসালয় নিৰ্মাণ কৰা হৈছে।

এই দুখন দেশৰ বাহিৰেও, ইতিমধ্যে আমেৰিকাত সংক্ৰমণ বৃদ্ধি হোৱাৰ ইঙ্গিত পোৱা গৈছে। জাৰ্মানী আৰু ভিয়েটনামো পিছ পৰা নাই। সেই পৰিপ্ৰেক্ষিতত, প্ৰশ্ন উত্থাপিত হয়, য’ত টিকাকৰণৰ হাৰ এতিয়া যথেষ্ট বৃদ্ধি পাইছে তাত সংক্ৰমণৰ এই হঠাৎ উৰ্ধমুখী গতিৰ কাৰণ কি?

ইয়াৰ প্ৰত্যুত্তৰত বিশ্ব স্বাস্থ্য সংস্থাৰ ক’ভিড-১৯ কাৰিকৰী দলৰ মুৰব্বী মাৰিয়া ভান খাৰকভে কয় যে প্ৰতিবন্ধকতা শিথিল হ’লে সংক্ৰমণৰ বিস্তাৰ সিমানেই বৃদ্ধি পাব। আনকি জনসংখ্যাৰ বেছিভাগ লোকক টিকাকৰণ কৰা হ’লেও, এই ক্ষেত্ৰত কোনো গুৰুত্ব নাই।

তেওঁ টুইট কৰে, “সংক্ৰমণৰ এই বৃদ্ধিৰ দ্বাৰা আচৰিত হোৱাৰ কোনো কাৰণ নাই। ভেকছিনে আক্রান্তৰ শাৰীৰিক অৱস্থা এক নিৰ্দিষ্ট অৱনতিৰ পৰা সুৰক্ষিত কৰাত এক কাৰ্যকৰী ভূমিকা পালন কৰে, আৰু সংক্ৰমণৰ ফলত হোৱা মৃত্যু প্ৰতিৰোধ কৰিবলৈও সক্ষম। কিন্তু সংক্ৰমণ প্ৰতিৰোধ কৰাত ভেকছিনৰ সেই অৰ্থত কোনো ভূমিকা নাই। ”

Exit mobile version