Russia Ukraine War : ৰাছিয়াক নজন ৰুছ সেনা ঘূৰাই দিলে ইউক্রেইনে, পৰিৱর্তে উভতালে মেয়ৰক

1647499915 army

ইউক্রেইন সেনাই আটক কৰা নজন ৰুছ সেনাক উভতাই দিলে কিয়েভে । পৰিৱর্তে ঘূৰাই পালে মেলিটোপ’ল চহৰৰ মেয়ৰক । ইউক্রেইনৰ এক স্থানীয় সংবাদ সংস্থাক বুধবাৰে এই কথা জনালে কিয়েভৰ এক প্রশাসনিক বিষয়াই । বিগত সপ্তাহত ৰুছ সেনাই বন্দী কৰে মেলিটোপ’ল চহৰৰ মেয়ৰ ইভান ফেডোৰোক ।

ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভল’দিমিৰ জেলেনস্কিয়ে আগতেই জনাইছিল যে, ইভানক ৰাছিয়াই মুক্তি দিছে । কিন্তু তেওঁ কিদৰে মুক্তি পালে, সেই বিষয়ত জেলেনস্কিয়ে কোনো তথ্য জনোৱা নাই ।

জেলেনস্কিৰ মুখপাত্র দাৰিয়া জাৰভানিয়াই জনায়, ‘‘ইভান ফেডোৰোভক ৰাছিয়াৰ হাতৰ পৰা ওলিয়াই অনা হৈছে । তাৰ পৰিৱৰ্তে নজন ৰুছ সেনাক উভতাই দিয়া হৈছে । এই সেনাসকলৰ জন্ম ২০০২ৰ পৰা ২০০৩ৰ ভিতৰত । তেওঁলোক প্রত্যেকেই প্রায় শিশু ।’’

প্রসংগত, বৃহস্পতিবাৰে কিভ-মস্কো সংঘাতৰ ২২ দিন হ’ল । ইতিমধ্যে ক্রেমলিনৰ আগ্রাসনৰ বলি হৈ বিপর্যস্ত ইউক্রেইন । ইউক্রেইনৰ ১০খন চহৰ ৰুছ সেনাৰ দখলত । যুদ্ধ সম্পৰ্কত একাধিকবাৰ আলোচনাতো বহিছে দুই দেশে । কিন্তু আলোচনা ফলপ্রসূ হোৱা নাই । আমেৰিকাৰ দাবী, ২২ দিনৰ সংঘাটত সাত হেজাৰ ৰুছ সেনাই প্ৰাণ হেৰুৱাইছে ।

Exit mobile version