Russia Ukraine War : হাতত মাত্ৰ ১৪ দিন, হয় শান্তি চুক্তিত স্বাক্ষৰ, নহ’লে আত্মসমর্পণ কৰক ! কঠোৰ বার্তা জেলেনস্কিক

1647598890 putin zelenskyy

হাতত আৰু মাত্ৰ দুসপ্তাহ সময় । হয় শান্তি চুক্তিত স্বাক্ষৰ কৰিব লাগিব জেলেনস্কিয়ে অথবা আত্মসমর্পণৰ বাহিৰে উপায় নাথাকিব ইউক্রেইনৰ । এই মত বেলাৰুছৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাশেংকোৰ । জাপানৰ এটা সংবাদমাধ্যমত সাক্ষাৎকাৰ দিয়াৰ সময়ত এই কথা জনায় লুকাশেংকোৱে ।

২৪ ফেব্রুৱাৰীত ইউক্রেইনত প্ৰথম আক্ৰমণ কৰিছিল ৰাছিয়াই । ৰাছিয়াৰ বাহিনী ক্রমে ইউক্রেইনল ৰাজধানী কিয়েভৰ দিশে আগবাঢ়িছে । সর্বস্ব ত্যাগ কৰি প্রাণ বচাবলৈ ইউক্রেইনৰ পশ্চিম দিশে পোলেণ্ড, শ্লোভাকিয়া, হাংগেৰী আৰু ৰোমানিয়া সীমান্তত মানুহৰ দীঘল শাৰী । সকলোৱে দেশান্তৰী হৈ ৰাছিয়াৰ আগ্রাসনৰ পৰা ৰক্ষা পাব বিচাৰিছে । যদিও দেশৰ অভ্যন্তৰত প্রতিৰোধ জাৰি ৰাখিছে ইউক্রেইনৰ সেনাই । তেওঁলোকক অস্ত্র-শস্ত্র দি সহায় কৰিছে আমেৰিকা আৰু পশ্চিম বিশ্বৰ একাধিক দেশে । এনে পৰিস্থিতিত যুদ্ধৰ ভৱিষ্যৎ গতিপ্রকৃতিক লৈ নিজৰ মত ব্যক্ত কৰিলে ইউক্রেইনৰ উত্তৰ-পশ্চিম দিশৰ প্রতিবেশী তথা মস্কোৰ ঘনিষ্ঠ মিত্র বেলাৰুছৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাশেংকোৱে ।

সম্প্রতি জাপানৰ এটা টেলিভিছন চেনেল ‘টিবিএছ’-ক দিয়া সাক্ষাৎকাৰত লুকাশেংকোৱে কয়, ‘ইউক্রেইনক প্রস্তাৱ দিছে ৰাছিয়াই । ম‌ই ভালকৈ নাজানো, প্রস্তাৱটো সকলো দিশৰ পৰাই গ্রহণযোগ্য । ৰাছিয়া আৰু ইউক্রেইনে এটা চুক্তি কৰক, এয়া আজিও সম্ভৱ । জেলেনস্কিয়ে কেৱল এই প্রস্তাৱত স্বাক্ষৰ কৰিব লাগিব । কিন্তু যদি জেলেনস্কিয়ে স্বাক্ষৰ কৰিবলৈ অসন্মত হয়, তেনেহ’লে বিশ্বাস কৰক, তেওঁ কিছু দিনৰ ভিতৰতে আত্মসমর্পণৰ নথিত স্বাক্ষৰ কৰিব লাগিব । কাৰণ ৰাছিয়া এই যুদ্ধত পৰাজিত হোৱা নাই, সেয়া এক প্ৰকাৰ নিশ্চিত ।’’

ইপিনে, মস্কোত সাম্প্রতিক এটা সাক্ষাৎকাৰত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুতিনে জনাইছে, তেওঁ ইউক্রেইনক ৰাছিয়াৰ পৰা পৃথক বুলি নাভাবে । ইউক্রেইনে যদি নিজৰ অৱস্থান স্পষ্ট কৰিবলগীয়া হয়, তেনেহ’লে সেয়া ৰাছিয়াৰ স’তে অংশীদাৰিত্বৰ পৰিপ্রেক্ষিততেই কৰিব লাগিব । ইয়াৰ বাহিৰে আৰু কোনো উপায় নাই ।

 

Exit mobile version