Covid Death in China: এবছৰৰ পাছত ক’ভিডত মৃত্যু চীনত!

1647670237 china

প্ৰশাসনে প্ৰায় এক বছৰ কঠোৰ ভাৱে নিয়ন্ত্ৰণ কৰাৰ পাছত চীনত ক’ভিডৰ সংক্ৰমণ বৃদ্ধিত পুনৰ উদ্বেগ বৃদ্ধি কৰিছে ।ক’ভিড সংক্ৰমণ বৃদ্ধি পাইছে, ইয়াৰ লগতে, ক’ভিডৰ ফলত হোৱা মৃত্যুৰ সংখ্যাও বৃদ্ধি পাইছে।

চীনা প্ৰশাসনৰ মতে, শনিবাৰে ক’ভিডৰ ফলত দুজন লোকৰ মৃত্যু হয়। জানুৱাৰী ২০২১-ৰ পাছত, চীনত আকৌ ক’ভিডত মৃত্য হ’ল ।

কেইসপ্তাহমানৰ ভিতৰতে, সংক্ৰমণৰ ছবি সম্পূৰ্ণৰূপে সলনি হৈ গৈছিল। সংক্ৰমণৰ গ্ৰাফ বহুত তললৈ নামি গৈছিল। কিন্তু এতিয়া ভাইৰাছটো পুনৰ বাঢ়িবলৈ আৰম্ভ কৰিছে।

চীন আৰু দক্ষিণ কোৰিয়াৰ দৰে দেশত, অ’মিক্ৰনৰ সংক্ৰমণ বৃদ্ধি পাইছে। চীনত ইতিমধ্যে স্থানীয়ভাৱে সামূহিক সংক্ৰমণ আৰম্ভ হৈছে। শনিবাৰে,দুই হেজাৰ ১৫৭ জন লোক নতুনকৈ সংক্ৰমিত হৈছিল।

তেওঁলোকৰ বেছিভাগেই জিলিন প্ৰদেশৰ।ইতিমধ্যে এই প্ৰদেশত বাহিৰৰ লোকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে।

২০২০ চনত উহানত ক’ভিড সংক্ৰমণ হোৱাৰ পাছত, চীনে সমগ্ৰ দেশত ক’ভিড ৰোগীৰ সংখ্যা শূন্যলৈ হ্ৰাস কৰাৰ লক্ষ্যৰে কাম কৰা আৰম্ভ কৰিছে। ইয়াৰ বাবে, তেওঁলোকে গণ ক’ভিড পৰীক্ষা, কঠোৰ তলাবন্ধ, নিভৃতবাসৰ দৰে পদক্ষেপ লৈছে।

প্ৰশাসনৰ এই পদক্ষেপৰ ফলত, সংক্ৰমণ যথেষ্ট পৰিমাণে হ্ৰাস পাইছিল। এবছৰতকৈ বেছি সময় ধৰি ক’ভিডত মৃত্যু হোৱা নাই। কিন্তু আকৌ, অ’মিক্ৰনৰ সংক্ৰমণ বাঢ়ি অহাৰ লগে লগে, চৰকাৰ চিন্তিত হৈ পৰিছে।

অৱশ্যে, এইবাৰ যি হাৰত সংক্ৰমণৰ বৃদ্ধি পাইছে তাতে নিষেধাজ্ঞা আগৰ তুলনাত বৃদ্ধি কৰাৰ কথা চিন্তা কৰি আছে প্ৰশাসনে ।

চীন আৰু দক্ষিণ কোৰিয়াত যি ভাৱে অ’মিক্ৰনৰ সংক্ৰমণ পুনৰ বৃদ্ধি হ’বলৈ আৰম্ভ কৰিছে সেই বিষয়ে সতৰ্কবাৰ্তা দি আমেৰিকা প্ৰশাসনক আগতীয়াকৈ পদক্ষেপ লোৱাৰ পৰামৰ্শ দিছে ৰাষ্ট্ৰপতি জ’ বিডেনৰ মুখ্য স্বাস্থ্য উপদেষ্টা এণ্টনি ফাউচিয়ে ।

তেওঁ সতৰ্ক কৰি দিছিল যে বি.এ.২, আন এক প্ৰকাৰৰ অ’মিক্ৰনে, আমেৰিকাত সংক্ৰমণৰ হাৰ বৃদ্ধি কৰিব। গতিকে যদি সংক্ৰমণ বাঢ়িবলৈ আৰম্ভ কৰে, যিকোনো মুহূৰ্তত তলাবন্ধ হ’ব পাৰে

Exit mobile version