দেশত আৰু কমিল কৰ’না সংক্ৰমণ । শনিবাৰে, দেশত নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে ১,৭৬১ জন । যিটো বিগত ৬৮৮ দিনত সৰ্বনিম্ন। দেওবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ ক’ভিড বুলেটিনে জনালে এই কথা।
কেন্দ্ৰৰ তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত অৰ্থাৎ শনিবাৰে দেশত ১,৭৬১ জন ক’ভিডত আক্রান্ত হৈছে । শুক্ৰবাৰে,ইয়াৰ সংখ্যা আছিল ২,০৭৫।
কিন্তু আগৰ দিনৰ তুলনাত বৃদ্ধি পাইছে ক’ভিডৰ মৃত্যুৰ সংখ্যা । শুক্ৰবাৰে, কৰ’নাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ৭১ জন লোকে। শনিবাৰে, মৃত্যু হৈছে ১২৭ জনৰ ।
এতিয়ালৈকে, দেশখনত মুঠ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে ৫,১৬,৪৭৯জন । ভাৰতত ক’ভিড মৃত্যুৰ হাৰ ১.২০ শতাংশ।
স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, দেশত কৰ’নাৰ পৰা সুস্থ হাৰ ৯৮.৭৪ শতাংশলৈ হ্ৰাস পাইছে। দৈনিক সংক্ৰমণৰ হাৰ ০.৪১ শতাংশ আৰু সাপ্তাহিক সংক্ৰমণৰ হাৰ ০.৪১ শতাংশ। যোৱা ২৪ ঘণ্টাত, দেশখনত ৪,৩১,৯৭৪ টা ক’ভিড পৰীক্ষা কৰা হৈছে।