Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Opinion

মুছলিম বিদ্বেষ : সত্যতা, পটভূমি আৰু গভীৰতা

প্রাঞ্জলসেন ডেকা

publisher by publisher
March 21, 2022
in Opinion
Reading Time: 1 min read
0
মুছলিম বিদ্বেষ : সত্যতা, পটভূমি আৰু গভীৰতা
2
SHARES
15
VIEWS
ShareShareShareShare

শেহতীয়া সময়ছােৱাত,বিশেষকৈ নৰেন্দ্ৰ মােদীৰ নেতৃত্বত বিজেপি কেন্দ্ৰত শাসনাধিষ্ঠিত হােৱাৰ সময়ৰে পৰা দেশত মুছলিমসকলে শংকা-সংশয়ৰ মাজেদি দিন অতিবাহিত কৰিবলগীয়া হৈছে। বুলি ভাৰতৰ বাহিৰে-ভিতৰে চর্চা চলি আহিছে। আন্তর্জাতিক মঞ্চত প্রধানমন্ত্রী মােদীয়ে এক উচ্চ আসন অধিকাৰ কৰিবলৈ সক্ষম হলেও তাৰ সমান্তৰালভাৱে ভাৰতক এক হিন্দু আধিপত্যবাদী ৰাষ্ট্রৰূপে গঢ়ি তুলিবলৈ অগ্ৰসৰ হােৱা বুলি সমালােচনাৰাে সন্মুখীন হৈ আহিছে।

ADVERTISEMENT

প্ৰতিটো ক্ষেত্রতে হিন্দু-মুছলমানৰ দৃষ্টিভংগীৰে চাবলৈ লােৱা হেতুকে দেশত ধর্মকেন্দ্রিক বিভেদ গঢ় লৈ উঠিবলৈ ধৰিছে। এই সময়ছােৱাত দেশত মুছলিম বিদ্বেষ সর্বাধিক পর্যায় পাইছে বুলি বিভিন্ন মহলে অভিযােগ কৰি আহিছে। সেইদৰেই ধর্মীয় অসহিষ্ণুতাৰ আঁৰ লৈ ঠায়ে ঠায়ে মুছলমানৰ ওপৰত অবাঞ্চিত আক্রমণ চলিছে। ফলস্বৰূপে বহু হিন্দুও এই পৰিবেশক লৈ অতিষ্ঠ হৈছে ।

RelatedPosts

Tezpur University:কোনে বিপর্যয়লৈ ঠেলিলে তেজপুৰ বিশ্ববিদ্যালয়ক ?

মুখ্যমন্ত্ৰী অস্থিৰ হৈ পৰাৰ আঁৰত

দৃষ্টিপাত: কনকসেন ডেকা

জীৱন-জীৱিকাৰ কঠোৰ সংগ্ৰামৰ মাজতে আকৌ এনেদৰে হিন্দু-মুছলমানৰ সংঘাতৰ নামত সময় ব্যয় কৰিবলগীয়া হােৱাটো বহুতৰে বাবে এক নতুন বিড়ম্বনা হৈ পৰিছে। অৱশ্যে আন বহুতৰ দৰে এই কথা একেবাৰে নাকচ কৰিছে কেৰালাৰ ৰাজ্যপাল আৰিফ মহম্মদ খানে। একালৰ অতি প্ৰভাৱশালী কংগ্ৰেছ নেতা,ইছলাম দর্শন আৰু আন্তর্জাতিক প্রেক্ষাপটৰ এগৰাকী প্রগতিশীল চিন্তাবিদ খানে প্রধানমন্ত্রী ৰাজীৱ গান্ধীয়ে বহুচর্চিত শ্বাহ বানাে গােচৰৰ ৰায়দান মানি ল’বলৈ অস্বীকাৰ কৰা কাৰ্যৰ বিৰােধিতা কৰিছিল।

প্রধানমন্ত্রী গান্ধীৰ অতি ঘনিষ্ঠ তথা বিশ্বস্ত হৈও খানে মুছলিম মহিলাসকলৰ প্রতি ন্যায়ালয়ৰ সেই উদাৰ ৰায়ক সমর্থন কৰাই নহয়, ৰাজীৱ গান্ধীৰ পদক্ষেপৰাে বিৰােধ কৰিছিল। সম্প্রতি এক সাক্ষাৎকাৰত ৰাজ্যপাল খানে প্রশ্ন কৰে যে যদি মােদী অহাৰ পাছৰ পৰাহে হিন্দু-মুছলমানৰ সম্পর্ক সলনি হৈছে, তেন্তে দেশ বিভাজন কিয় হৈছিল? ১৯৪৭ত ধৰ্মৰ আধাৰতে দেশ বিভাজনৰ কথালৈ তেওঁ আঙুলিয়াই দিয়ে।

লগতে তেওঁ প্ৰশ্ন কৰিছে যে ইতিহাসত কেতিয়াৰ পৰা এই চাম লােক সন্দেহ অথবা সংশয়ত ভােগা নাই? তেওঁ কৈছে- ‘এই বিভেদ কেনেকৈ নতুন বুলি ক’ব পাৰি? যিসকলে ২০১৪ৰ পাছৰ পৰা ইয়াক লৈ উদ্বেগ প্রকাশ কৰি আহিছে, তেওঁলােকে পণ্ডিত জৱাহৰলাল নেহৰুৰ সময়তাে একে ধৰণৰেই উদ্বেগ প্রকাশ কৰা নাছিল নে ?

একাংশ লােক আছে যিয়ে নিপীড়িত হােৱাৰ মনােভাৱ লৈয়ে আগবাঢ়ে। তেনে মানসিকতাই আগবাঢ়ি গৈ সমাজত বিভেদৰ বীজ সিঁচে। কোনােবাই কাৰােবাক তেতিয়াহে শােষণ কৰিব পাৰে, যেতিয়া তেওঁ শােষণৰ যােগ্য হয়। উল্লেখ্য যে কঠোৰ ৰাষ্ট্ৰীয়তাবাদী নেতাৰূপে পৰিচিত ৰাজ্যপাল খানৰ নাম আসন্ন ৰাষ্ট্রপতি নির্বাচনৰ সম্ভাব্য প্রার্থীৰূপে বিজেপিৰ তালিকাত অন্তর্ভুক্ত হৈছে বুলি প্রকাশ পাইছে।

যােৱা কেইবছৰমানত ভাৰতৰ ধৰ্মনিৰপেক্ষ ভূমিকাক লৈ প্রশ্ন উত্থাপিত হােৱাৰ প্ৰসংগলৈ আঙুলিয়াই দিয়াত ৰাজ্যপাল খানে কৈছে যে যিসকলে তেনেকৈ কৈছে তেওঁলােকৰ ভাৰতৰ সম্পৰ্কত কোনাে ধাৰণাই নাই। যােৱা ডেৰশমান বছৰ ধৰি বিশ্বত বিভিন্ন সমাজে বহুত্ববাদ অথবা বৈচিত্র্যক আঁকোৱালি লৈছে; কিন্তু সহনশীলতা, বহুত্ববাদ অথবা বৈচিত্র্য ভাৰতৰ বাবে নতুন নহয়।

আমাৰ সভ্যতাৰ যাত্ৰাই আৰম্ভ হৈছিল বৈচিত্র্য আৰু বহুত্ববাদক প্ৰকৃতিৰ নিয়মৰূপে স্বীকাৰ কৰি লৈ। ভাৰতে সদায়ে বহুত্ববাদত বিশ্বাস কৰি আহিছে। দেশলৈ ইহুদী অথবা খ্রীষ্টানসকলৰ আগমনৰ বহু আগৰে পৰাই ভাৰতীয়সকলে বহুত্ববাদক গ্রহণ কৰি লৈছিল। ভাৰতীয় সমাজত বৈচিত্র্য আৰু বহুত্ববাদৰ ধাৰণা ইমান দকৈ শিপাই আছে যে কোনােবাই চেষ্ট কৰিলেও তাক শিথিল কৰি পেলাব নােৱাৰে।

ধর্ম বিদায় দিয়াটো ভাৰতীয় ধর্মনিৰপেক্ষতা নহয়, আমাৰ ধৰ্মনিৰপেক্ষতাই বৈচিত্র্যক আঁকোৱালি লয় আৰু ইয়াক সন্মান কৰে।ৰাজ্যপাল আৰিফ মহম্মদ খানৰ এনে বক্তব্যৰ বিপৰীতে কিন্তু আজি দেশত মুছলমানসকল শংকাত ভুগি থকাৰ কথাটো লুকাই থকা নাই আৰু ইয়াক অস্বীকাৰ কৰিবও নােৱাৰি। কিয়নাে ইতিমধ্যে দেশত হিন্দু-মুছলমানৰ মাজত মানসিক বিভেদে গভীৰ ৰূপ লৈছে। বহুতেই হয়তাে ধৰিয়েই লৈছে সেই দিন আৰু দূৰত নাই যেতিয়া সংবিধান সংশােধন কৰি ভাৰতক হিন্দু ৰাষ্ট্র ঘােষণা কৰি দিয়া হ’ব।

বিভিন্ন ক্ষেত্ৰৰ বহু অগ্রণী ব্যক্তিয়ে মুকলিকৈয়ে ইতিমধ্যে ইয়াক লৈ গভীৰ উদ্বেগ প্রকাশ কৰিছে। এনে পৰিৱেশৰ বাবে মােদী আৰু বিজেপিকে জগৰীয়া কৰা হৈ আহিছে যদিও সেয়া কিমানদূৰ শুদ্ধ তাক বিশ্লেষণৰ প্ৰয়ােজন আছে। দৰাচলতে ধর্মনিৰপেক্ষতাৰ আত্মাক কংগ্ৰেছেই ক্ষত-বিক্ষত কৰি থৈছে। সংখ্যালঘু-সংখ্যাগুৰু ধাৰণা দেশত বিয়পাই দি পূর্বতেই এনে বিভাজনক সাৰ-পানী দিয়া হৈছে।

কেৱল ভােট আদায়ৰ স্বাৰ্থত ধর্মনিৰপেক্ষতাৰ মৌলিক বিষয়সমূহতাে কংগ্ৰেছে অবাঞ্চিত হস্তক্ষেপ কৰি পৰিস্থিতিৰ অৱনতি ঘটাই থৈছে। ১৯৮৫ত শ্বাহ বানাে গােচৰত সর্বোচ্চ ন্যায়ালয়ে বিবাহ বিচ্ছেদিতা মুছলমান মহিলাৰ ভৰণ-পােষণৰ ব্যয় আদায়ৰ সপক্ষে ৰায়দান কৰিছিল যদিও তদানীন্তন ৰাজীৱ গান্ধী চৰকাৰে সংবিধান সংশােধন কৰি হ’লেও তাৰ পৰা মুছলমান পুৰুষসকলক সকাহ দিয়া নাছিলনে? ইয়াক মুছলিম তােষণ নীতি আখ্যা দিলেও কংগ্ৰেছে সংখ্যাগৰিষ্ঠ হিন্দু ভােটাৰক সন্তুষ্ট কৰিবলৈকো বিভিন্ন সময়ত কম পদক্ষেপ গ্রহণ কৰা নাছিল।

বাবৰি মছজিদ ধ্বংসৰ সময়ত কেন্দ্ৰত নৰসিংহ ৰাও চৰকাৰ মূক দর্শক হৈ ৰােৱা নাছিল নে ? গতিকে কংগ্ৰেছে দেশৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰ অক্ষুন্ন ৰখাৰ বাবে আন্তৰিকভাৱে কোনাে পদক্ষেপ গ্রহণ কৰিছিল বুলি ক’ব নােৱাৰি। ভােট আদায়ৰ স্বার্থই যেতিয়া অগ্রাধিকাৰ লাভ কৰে তেতিয়া তেনে দল অথবা চৰকাৰৰ পৰা নিৰপেক্ষতাৰ আশাই বা কৰা যায় কেনেকৈ ?

বহুতে চিপিএমৰ নেতৃত্বত বাওঁপন্থী দলসমূহ দেশৰ ধৰ্মনিৰপেক্ষ চৰিত্র অক্ষুন্ন ৰখাৰ ক্ষেত্ৰত সফল হ’ব পাৰিলেহেঁতেন বুলি ভাবিছিল যদিও কেৰালাৰ বাদে অন্যান্য ৰাজ্যত তেওঁলােক নিজেই অস্তিত্বৰ সংকটত ভুগিবলগীয়া হৈছে। এনে পৰিপ্ৰেক্ষিতত ২০২৪ত বিজেপিবিৰােধী চৰকাৰ গঠন হলেও দেশত গভীৰভাৱে শিপাই যােৱা এই ধৰ্মৰ বিভাজন আঁতৰ কৰাটো সম্ভৱ হ’ব জানাে !

বিভিন্ন প্রতিকূল পৰিস্থিতিৰ বলি হ’বলগীয়া হােৱা সত্ত্বেও দেশৰ গৰিষ্ঠসংখ্যক লােকেই যে মােদী আৰু বিজেপিৰ কাৰ্যসূচীলৈ সমর্থন আগবঢ়াইছে সেয়া স্পষ্ট হৈছে। সেয়েহে বিৰােধী দলসমূহেও বিজেপিৰ এনে নীতিৰ বিকল্প পথ উদ্ভাৱনৰ পৰিৱর্তে অন্ততঃ ধৰ্মৰ ক্ষেত্ৰত একে পথকে অনুসৰণ কৰা পৰিলক্ষিত হৈছে। স্বাধীনতাৰ পৰৱৰ্তী কালছােৱাত দেখি অহা সংখ্যালঘু তােষণৰ পৰিৱর্তে সংখ্যাগুৰু হিন্দু তােষণৰ জৰিয়তে ক্ষমতাৰ যুঁজত বিজেপিয়ে অধিক সুফল লাভ কৰাত অন্যান্য দলসমূহৰাে যেন চকু মুকলি হৈছে।

গতিকে পূর্বৰ দৰে মুছলমানসকলে সন্মুখীন হােৱা সমস্যাসমূহৰ বিষয়ে মুকলিকৈ দাঙি ধৰিবলৈও দলসমূহ পিছ হুঁকিছে। দেশৰ বিভিন্ন প্ৰান্তত, ঘাইকৈ হিন্দী বলয়ত গােমাংসৰ নামত মুছলমান নাগৰিকে গণপ্রহাৰত প্ৰাণ হেৰুওৱা অথবা মুছলমানক মাৰি ধৰি দেশৰ পৰাই বাহিৰ কৰি দিব লাগে বুলি একাংশ নেতাই আগবঢ়াই অহা ভাষণ আদিয়ে নির্বাচনী প্রচাৰত যথেষ্ট গুৰুত্ব লাভ কৰিলেহেঁতেন যদিও সম্প্রতি সেই পৰিৱেশ নাই।

যিমানেই গুৰুত্বপূৰ্ণ অথবা নিভাঁজ বিষয় নহওক কিয়, তাৰ সপক্ষে আৱাজ দিয়া মানে যে বিজেপিৰ হাতত সুযােগ তুলি দিয়া সেই কথা বিৰােধী দলসমূহে ভালকৈয়ে হৃদয়ংগম কৰি পেলাইছে। তেনেবােৰ বিষয় দাঙি ধৰিলে বিজেপিয়ে সেই দলক হিন্দুৰ স্বার্থবিৰােধী তথা সংখ্যালঘুপ্রেমী বুলি প্ৰচাৰ চলাই মুনাফা আদায় কৰাৰ আশংকাতে দলসমূহে কৌশলেৰে তাক এৰাই চলিছে।

শেহতীয়া পাঁচ ৰাজ্যৰ বিধানসভা নির্বাচনতাে তাৰ পূর্ণ প্রতিফলন দেখা গ’ল।লক্ষ্যণীয় এয়ে যে তােষণ নীতিৰ কথা একাষৰীয়া কৰি থৈও দেশৰ নির্বাচনী ৰাজনীতিত মুছলমানৰ প্রতিনিধিত্ব এক বহুল চর্চিত বিষয় হৈ আহিছে। স্বাধীনতাৰ পাছৰ প্ৰথমখন লােকসভাত মুছলিম সাংসদ আছিল মাত্র চাৰি শতাংশ; অথচ ১৯৫০ত মুছলমান জনসংখ্যা আছিল ১০ শতাংশ। ১৯৮০ৰ পৰা ২০১৪ৰ কালছােৱাত লােকসভাত মুছলিম সাংসদৰ সংখ্যা ন শতাংশৰ পৰা হ্রাস হৈ ৩.৭ শতাংশ হয়গৈ।

ইয়াৰ বিপৰীতে এই একেই কালছােৱাত মুছলিম জনসংখ্যা ১১.১ শতাংশৰ পৰা ১৪.২ শতাংশলৈ বৃদ্ধি পাইছে। গতিকে নির্বাচনী ৰাজনীতিত মুছলিমসকল ক্রমশঃ গুৰুত্বহীন হােৱাৰ পথত আগবাঢ়িছে বুলি ক’লেও ভুল কোৱা নহ’ব। ২০১৪ত মােদী কেন্দ্ৰৰ ক্ষমতালৈ অহাৰ পাছত ই অধিক লক্ষ্যণীয় হৈ পৰে। কিয়নাে ‘সবকা সাথ সবকা বিকাশ’ৰ শ্ল’গান দিলেও ২০১৪ আৰু ২০১৯ত একেৰাহে দুবাৰকৈ নির্বাচিত লােকসভাত বিজেপিৰ এগৰাকীও মুছলমান সাংসদ নাই।

২০১৪ত বিজেপিৰ সৰ্বমুঠ ৪২৮ গৰাকী প্রার্থীৰ ভিতৰত মাত্র সাতগৰাকী মুছলিম আছিল যদিও তাৰে এগৰাকীও জয়ী হ’বলৈ সক্ষম নহ’ল। শতাংশ হিচাপত ই দুই শতাংশতকৈও কম। তদুপৰি উত্তৰ প্ৰদেশৰ ৮০ খন আসনৰ ৭১ খনেই বিজেপিয়ে দখল কৰে যদিও তাত এগৰাকীও মুছলিম সাংসদ নাই; অথচ দেশৰ সর্ববৃহৎ জনসংখ্যাৰ ৰাজ্যখনত মুছলমান ১৮ শতাংশৰ অধিক।

সম্প্রতি ৫৪৩ জনীয়া লােকসভাত মাত্র ২৭গৰাকী মুছলিম সাংসদ আছে যদিও তাৰে এগৰাকীও বিজেপিৰ নহয়। অৱশ্যে ৰাজ্যসভাত বিজেপিৰ মুছলিম সাংসদ নথকা নহয়। অকল সেয়ে নহয়, একেৰাহে বিগত চাৰিটা নির্বাচনত ক্রমে ২০১৪ আৰু ২০১৯ৰ লােকসভা নির্বাচন তথা ২০১৭ আৰু ২০২২ বিধানসভা নির্বাচনত উত্তৰ প্ৰদেশত বিজেপিয়ে এজনাে মুছলিমক প্রার্থিত্ব প্রদান কৰা নাই। তেনেদৰেই মােদীৰ গৃহৰাজ্য।

গুজৰাটত ২০০৭ৰ পৰাই কোনাে এটি নির্বাচনতে বিজেপিয়ে মুছলিমক প্রার্থিত্ব প্রদান কৰা নাই। ৩৫ শতাংশৰাে অধিক মুছলিম জনসংখ্যাৰ ৰাজ্য অসমতাে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটত এজনাে মুছলিম বিধায়ক নাই। ফলস্বৰূপে বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মা আৰু পূর্বৰ সৰ্বানন্দ সােণােৱাল মন্ত্রীসভাত এজনাে মুছলমান সদস্য নথকাটো লক্ষ্যণীয় । এনেদৰেই মুছলমানক ক্ষমতাৰ পৰা আঁতৰাই ৰাখি হিন্দুত্ববাদী চৰিত্র প্রমাণেৰে বিজেপিয়ে নির্বাচন জয়ৰ প্রয়াস চলাই সাফল্য লাভ কৰিছে।

ইয়াৰ বিপৰীতে বিজেপি বিৰােধী দলসমূহে মুছলিমক প্রার্থিত্ব প্রদান কৰিলেও জনসংখ্যাৰ অনুপাত বজাই ৰাখিবলৈ চেষ্টা কৰা নাই। ধৰ্মৰ আধাৰত মেৰুকৰণ সৃষ্টি কৰি বিজেপিক সুফল লাভৰ সুযােগ নিদিবলৈকেহে এইবােৰ দল ব্যস্ত হ’বলগীয়া হৈছে। এনে পৰিপ্ৰেক্ষিতত বিজেপিৰ শাসন কালত মুছলমানসকলে অৱশিষ্ট প্রভাৱকণাে হেৰুৱাবলগীয়া হ’ব বুলি শংকিত হােৱাটো অস্বাভাৱিক নহয়।

কেৱল ৰাজনৈতিক প্রতিনিধিত্বৰ ক্ষেত্ৰতে নহয়, আর্থ-সামাজিক দিশত ভাৰতীয় মুছলমানৰ অনগ্ৰসৰতা ন্যায়াধীশ ৰাজেন্দ্র চাচাৰ কমিটীৰ প্রতিবেদনেই উদঙাই দিছে। গতিকে দেশৰ প্রায় ১৫ শতাংশ জনসংখ্যাৰ মুছলমানসকলৰ ভৱিষ্যৎ কোন দিশে সেই প্রশ্ন উত্থাপিত হ’বই। এচাম উগ্র নেতাই ভবাৰ দৰে মুছলমানসকলক ধৰি-বান্ধি নি আৰৱ সাগৰত পেলাই দিব নােৱাৰি, অথবা দেশান্তৰিত কৰিবও নােৱাৰি।

গতিকে দেশৰ বৈধ নাগৰিকৰূপে তেওঁলােকৰ সম-উন্নয়ন, সম-মর্যাদা নিশ্চিত কৰিব লাগিব যাতে দেশৰ উন্নয়নত তেওঁলােকৰ শ্ৰমৰ অৱদানেও স্বীকৃতি লাভ কৰে। যি ধৰণেই নহওক, মুছলমানসকলক বঞ্চিত কৰি ৰাখিলে পৰিস্থিতি জটিল হৈ পৰাৰ আশংকা নুই কৰিব নােৱাৰি। অৱশ্যে মুষ্টিমেয় ৰাজনৈতিক নেতা অথবা ধনী ব্যৱসায়ীৰ মাজত অনগ্রসৰ মুছলমানসকলৰ উন্নয়নৰ নমুনা বিচাৰিবলৈ গ’লে নহ’ব।মুছলমানসকলৰ সচেতনসকলেও তেওঁলােকৰ সম্প্রদায়টোক অনগ্রসৰ কৰি ৰখাৰ কাৰণসমূহ বিশ্লেষণ কৰি মুকলি মনেৰে আগবাঢ়ি অহাটোৱে সময়ৰ আহ্বান।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: pranjal sen deka
publisher

publisher

Related Posts

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?
Opinion

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?

April 24, 2023
Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!
Opinion

Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!

April 19, 2023
Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?
Opinion

Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?

March 27, 2023
Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?
Opinion

Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?

March 20, 2023
Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা
Opinion

Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা

March 14, 2023
Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম
Opinion

Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম

March 13, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d