মাতৃ ভাষা অবিহনে কোনো জাতিৰ অস্থিত্ব নাই : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

c542fed2 6cf9 4de2 ac87 cf8c4ff9cd9d

কাৰ্বি ভাষা-সাহিত্য চৰ্চাৰ লগতে সংৰক্ষণ আৰু বিশ্ব দৰবাৰত কাৰ্বি সাহিত্যক প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে মঙ্গল বাৰৰ পৰা পশ্চীম কাৰ্বি আংলঙল ডংকাছাৰ’পত আৰম্ভ হৈছে ৩০ সংখ্যক কাৰ্বি লামেত আমাই (কাৰ্বি সাহিত্য সভা)।

চাৰিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে আয়োজন কৰা অধিৱেশনখনৰ প্ৰথম দিনা উত্তৰ পুৰ্বাঞ্চলৰ লগত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিনিধিসকলক অভ্যৰ্থনা সমিথিয়ে অধিৱেশনলৈ আন্তৰিক আদৰনি জনায়।

অধিৱেশন উপলক্ষে আটকধুনিয়া মূল মণ্ডপ আৰু আদৰণি তোৰণে সকলোকে আৰ্কষিত কৰি তোলা পৰিলক্ষিত হৈছে। অধিৱেশনত বিভিন্ন প্ৰান্তৰ থলুৱা উৎপাদিত সা-সামগ্ৰি লৈ ব্যৱসায়িসকলে অস্থায়িভাৱে স্থাপন কৰা বিপনীসমূহ সজাই পৰাই তোলা পৰিলক্ষিত হয়।

সমান্তৰালভাৱে কাৰ্বি আংলং স্বায়িত্ব পৰিষদৰ অধিনত থকা বিভাগেও নিজা বিপনী স্থাপন কৰাৰ লগতে উৎপাদিত সামগ্ৰী বিক্ৰীৰ ব্যৱস্থা কৰা পৰিলক্ষিত হৈছে।

বৃহস্পতিবাৰে পুৱা সভাৰ পতাকা উত্তলন কৰাৰ লগতে বৰ্ণিল শুভাযাত্ৰাৰে আৰম্ভ হয় কাৰ্বি লামেত আমাই(কাৰ্বি সাহিত সভা)ৰ কাৰ্যসূচী।এইলৈ কাৰ্বি লামেত আমাইৰ সভাপতি হুকুৰ ছিং ৰংপিৰ পৰিচালনাত অনুষ্ঠিত কৰা মুকলি সভাত বিভিন্ন প্ৰান্তৰ প্ৰতিনিধি,বিভিন্ন ভাষা-সাহিত্যৰ প্ৰতিনিধি,বুদ্ধিজীৱিসকলোৰ উপৰি মুখ্য অথিতি ৰূপে সভাত অংশ গ্ৰহন কৰি ৰাজ্যৰ মূখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ ভাষন প্ৰদান কৰি কয় যে,মাতৃ ভাষা অবিহনে কনো জাতি-জনজাতি দীৰ্ঘকাললৈকে নিজৰ অস্থিত্ব বজাই ৰাখিব নোৱাৰে।

নিজৰ ভাষা সাহিত্য চৰ্চাৰ জৰিয়তে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা লাভ কৰা সম্ভৱ।নৱপ্ৰজন্মক উদ্দেশ্য কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে,নিজৰ ভাষা সাহিত্য চৰ্চাৰ লগত সংৰক্ষণৰ ক্ষেত্ৰত নৱপ্ৰজন্ম সংকল্পবদ্ধ হোয়া অতিপ্ৰয়োজন।

কাৰ্বি ভাষা সাহিত্য ৰাজ্যআখনৰ আটাইতকৈ পুৰোনি।কাৰ্বি জনগোষ্ঠিক অসমৰ কলম্বাস বুলি অবিহিত কৰাৰ লগত এই জনগোষ্ঠিৰ লোক সংস্কৃতিৰ চহকী ইয়াৰ গৰিমা বজাই ৰাখিবলৈ চৰকাৰে যথা সম্ভৱ সহায় সহযোগিত আগবঢ়াৱ বুলিও প্ৰতিস্ৰুতি দিয়ে।

পদ্মশ্ৰী ৰংবং তেৰাং আৰু পদ্মশ্ৰী ধনেশ্বৰ ইংতি সাহিত্য চৰ্চাৰ জৰিয়তে জিনাখনক গৌৰাম্ভিত কৰিছে।কাৰ্বি সাহিত্য দেশৰ বিভিন্ন প্ৰান্তত বিয়পিবলৈ তেওঁলোকে বলিষ্ঠ ভুমিকা গ্ৰহন কৰিছে।এই ভুমিকা যোগ যোগ লৈকে জিলাখনৰ প্ৰত্যেক ব্যক্তিৰ অন্তৰত থাকিব।

লগতে কাৰ্বি সাহিত্যসমূহ আন আন ভাষাতে অনুবাদ কৰি ইয়াৰ পৰিধি বৃদ্ধি কৰাৰ ববে কাৰ্বি সাহিত্য সভাত আহ্বান জনায়। আনহাত কাৰ্বি আংলং স্বায়িত্ব পৰিষদৰ মূখ্যকাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে মুকলি সভাত ভাষণ প্ৰদান কৰি কয় যে পোনপ্ৰথম বাৰৰ বাবে স্বায়িত্ব পৰিষদে নিজা ববিয়াকৈ বাজেট দাখিল কৰিছে।

এই বাজেট জিলাখনত বসবাস কৰা সকলো জাতি-জনজাতিৰ সৰ্বাঙ্গিন উন্নয়নৰ বাবে।কোনটো বিভাগে কিমান কাম কৰিব পৰিষদে নিৰ্ণয় কৰিব।অনুষ্ঠিত মুকলি সভাত ৰাজ্যিক বিজেপি সভা পতি ভবেশ কলিতা,বিধান সভাৰ উপাধ্যক্ষ নুমোল মমিন,বিধায়ক বিদ্যাছিং ইংলেঙ,ৰূপছিং তেৰন,দৰছিং ৰংহাঙৰ উপৰি পৰিষদৰ কাৰ্যবাহী সদস্য সকল উপস্থিত থাকে।

উল্লেখ যে কাৰ্বি আংলং স্বায়িত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ পৰিষদীয় সমষ্টি বিথুং ৰেংথেমাৰ অধিনত অনুষ্ঠিত অধিৱেশন সাফল্য কৰি তোলিবলৈ আহ্বায়ক সমিতিয়ে আহ্বান জনায়।

Exit mobile version