Russia Ukraine War : এইবাৰ অন্ত পৰিব নেকি যুদ্ধৰ ! তুৰস্কত পুনৰ শান্তি আলোচনা কৰিব ৰাছিয়া আৰু ইউক্রেইনে

AP22087627669626

এইবাৰ অন্ত পৰিব নেকি যুদ্ধৰ ! অহা কালি তুৰস্কত পুনৰ শান্তি আলোচনাত মিলিত হ’ব ৰাছিয়া আৰু ইউক্রেইন । তথ্য অনুসৰি, দুপক্ষই এইবাৰ যুদ্ধ শেষ কৰাৰ বিষয়ত আগ্রহী । সম্প্রতি ৰুছ সেনাবাহিনীয়ে জনাইছে, তেওঁলোকে এতিয়া কেৱল পূৱ ইউক্রেইনৰ ওপৰত নজৰ দিছে ।

কূটনীতিকসকলৰ ব্যাখ্যা, মস্কোৱে হয়তো তাৰ উচ্চাকাংক্ষা কমাই লক্ষ্যস্থিৰ কৰিব বিচাৰিছে । হয়তো যুদ্ধ স্তব্ধ কৰিব বিচাৰিছে তেওঁলোকেও । কিন্তু তাৰ আগতে মস্কোৰ চুক্তি ‘সাৱধানে’ বুজি ল’ব বিচাৰে ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভল’দিমিৰ জেলেনস্কিয়ে ।

ৰাছিয়াই দিয়া চৰ্তৰ ভিতৰত অন্যতম হ’ল ইউক্রেইনৰ ‘নিৰপেক্ষ অৱস্থান’ । অর্থাৎ নাটো বা ইউৰোপীয় ইউনিয়নত প্ৰৱেশ কৰাৰ চেষ্টা নকৰে তেওঁলোকে । পৰমাণু শক্তিধাৰী দেশ হোৱা স্বপ্নও নাৰাখিব ইউক্রেইনে । জেলেনস্কিয়ে জনাইছে এই কথা । তেওঁ কয়, ‘‘আমি এই চর্ত মানি ল’বলৈ প্ৰস্তুত নহয় ।’’ সাংবাদিকৰ আগত ইউক্রেইনীয় ৰাষ্ট্ৰপতিয়ে কয়, ‘‘যুদ্ধ আৰম্ভ হৈছিল এইবোৰ কাৰণতেই । অৱশ্যে ইউক্রেইনৰ নিৰাপত্তা অটুট থাকিব নে নাই, সেইটোও লক্ষ্যণীয় ।

তেওঁ আৰু কয়, তেওঁলোকৰ নিৰাপত্তা বিঘ্নিত হৈছে । সেয়া বুজি পাইছো । আলোচনা চলিছে । বিষয়টো গভীৰ । এইবোৰ আলোচনা যাতে এটুকুৰা কাগজতেই আবদ্ধ নাথাকে, সেয়া নিশ্চিত কৰিবলৈ আমি অধিক আগ্রহী । যাতে কাগজে-কলমে স্বাক্ষৰ কৰি দুই দেশৰ মাজত চুক্তি কৰা হয়, এই ক্ষেত্ৰত আগ্রহী‌ ।’’

জেলেনস্কিয়ে জনাইছে, ক্রাইমিয়া আৰু ডনবাছক লৈও যি যি সমস্যা আছে, সেয়া তেওঁ এই শান্তি আলোচনাতে শেষ কৰিব বিচাৰে । আৰু চর্ত ৰাখিব পাৰে ৰাছিয়াই । ইউক্রেইনৰ চোৰাংচোৱা বিভাগে জনাইছে, তেওঁলোকে খবৰ পাইছে, ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্রেইনক ভাঙি দিব বিচাৰে । তথ্য অনুসৰি, উত্তৰ আৰু দক্ষিণ কোৰিয়াৰ দৰে ইউক্রেইনকো দুভাগত ভাঙি দিয়াৰ সিদ্ধান্ত ল’ব পাৰে মস্কোৱে । কিন্তু কীভৰ চুবুৰীয়া অঞ্চলত ৰুছ বাহিনীৰ ব্যর্থতা বহু ক্ষেত্ৰত বাধা হ’ব পাৰে । ইউক্রেইনৰ চোৰাংচোৱা বিভাগৰ প্রধান জেনেৰেল কিৰিলো বুদানোভে দাবী কৰিছে, ৰাছিয়াই বুজি পাইছে ইউক্রেইনৰ চৰকাৰ তেঁওলোকে পেলাব নোৱাৰিব । সেয়ে দেশৰ পূৱ আৰু দক্ষিণ প্রান্তত নজৰ দিছে তেওঁলোকে ।

তেওঁ কয়, ‘‘ইয়াৰ পৰাই লাগিছে তেওঁলোকে ইউক্রেইনক কোৰিয়াৰ দৰে ভাঙিব বিচাৰিছে । এটা অংশ থাকিব অধিকৃত ইউক্রেইন হিচাপে, অন্য অংশটো থাকিব স্বাধীন ইউক্রেইন হৈ‌ । তেওঁলোকে ইউক্রেইনৰ যিসমূহ অঞ্চলত প্ৰৱেশ কৰিছে, এতিয়াই সেই স্থানবোৰত এটা ‘সমান্তৰাল শাসনব্যৱস্থা’ চলোৱাৰ চেষ্টা কৰিছে ।’’

অহা কালি পুনৰ শান্তি আলোচনা । যদিও আজিও দিনজুৰি ৰুছ গোলাবর্ষণ চলিছে । ৰাজধানীৰ চুবুৰীয়া অঞ্চলসমূহত আক্ৰমণ অব্যাহত । ইউক্রেইনৰ উপ-প্রতিৰক্ষামন্ত্রী হানা মিলাৰে জনাইছে, ৰাজধানী পর্যন্ত যাবলৈ এটা পথ তৈয়াৰ কৰাৰ চেষ্টা চলাইছে ৰুছ বাহিনীয়ে । লগতে কীভত বাহিৰৰ পৰা প্রয়োজনীয় সামগ্রী অহাতো বাধা দিছে তেওঁলোকে । কীভৰ উপৰি খাৰকিভ, লুৎস্ক, জিতোমিৰ, ৰিভনতো একেলেথাৰি আক্ৰমণ চলিছে ।

মাৰিয়োপ’লৰ পৰিস্থিতি ভয়াৱহ । চহৰৰ দক্ষিণ অংশ জব্দ কৰিছে ৰুছে । বন্দৰ দখল কৰিবলৈ ইউক্রেইনীয় বাহিনীৰ স’তে মুখামুখি সমৰ চলিছে । মাৰিয়োপ’লৰ মেয়ৰ বাদিম বয়চেংকোৱে জনাইছে, তেওঁলোক এতিয়াও প্রাণপণে যুঁজি আছে । অৱশ্যে আৰু অধিক সময় নাই । কালি সন্ধিয়া তেওঁ জনাইছে, চহৰ প্রায় ‘শত্রু’ৰ দখলত । টেলিভিছনত দিয়া সাক্ষাৎকাৰত বয়চেংকোৱে কয়, ‘‘আমি এতিয়া দখলকাৰীসকলৰ হাতত ।’’ তেওঁ অতি শীঘ্ৰে মাৰিয়োপ’লৰ পৰা সকলোকে উদ্ধাৰ কৰাৰ আহ্বান জনাইছে । তেওঁ কয়, ‘‘গণহত্যা কৰিছে তেওঁলোকে ।’’

Exit mobile version