ৰাছিয়াৰ পৰা কিনা অপৰিশোধিত তেল ভাৰতৰ দুই সংস্থাক বিক্রী কৰিলে অ’এনজিচি-য়ে

ongc delhi 1

ৰাছিয়াৰ (Russia) পৰা কিনা অপৰিশোধিত তেল দেশৰ দুই সংস্থা হিন্দুস্তান পেট্র’লিয়াম কর্প’ৰেছন আৰু ভাৰত পেট্র’লিয়াম কর্প’ৰেছনক বিক্রী কৰিলে অ’এনজিচি (ONGC) বিদেশ লিমিটেডে । চলিত মাহতেই তেল বিক্রীৰ টেণ্ডাৰ আহ্বান কৰিছিল সংস্থাটোৱে । কিন্তু ইয়াৰ পাছতো বিদেশী ক্রেতা নোপোৱাত অৱশেষত দুই স্বদেশীয় সংস্থাকেই তেল বিক্রীৰ সিদ্ধান্ত ল’লে তেওঁলোকে । এক সর্বভাৰতীয় সংবাদমাধ্যমৰ প্রতিবেদনত এই তথ্য প্ৰকাশ ।

ইউক্রেইন আক্ৰমণৰ ফলত জাৰি হোৱা অসংখ্য নিষেধাজ্ঞাত জুৰুলা ৰাছিয়া । সেয়ে সেই দেশৰ তেল বিক্ৰী হৈছে বহু কম দৰত । এই সুযোগতে তেওঁলোকৰ পৰা তেল কিনাৰ সুযোগ এৰিব বিচৰা নাই ভাৰতে । ইউক্রেইন যুদ্ধৰ পৰিস্থিতিত দেশৰ ইন্ধন আমদানিক লৈ ৱাশ্বিংটনৰ ৰাজনীতি মানি লোৱা নহ’ব বুলি আগতেই কঠোৰ বার্তা দিছিল নতুন দিল্লীয়ে । ইয়াৰ পাছতেই জানিব পৰা গৈছিল মস্কোৰ পৰা অপৰিশোধিত তেল কিনিছে ভাৰতীয় সংস্থাই ।

ইয়াৰ পূৰ্বে জানিব পৰা গৈছিল, কম দামত ৰাছিয়াৰ পৰা তিনি মিলিয়ন বেৰেল তেল কিনিছে ‘ইণ্ডিয়ান অ‌ইল কর্প’ৰেছনে’ । এই বিষয়ত ইংগিতত আমেৰিকা আৰু ইউৰোপৰ দেশসমূহক ভাৰত চৰকাৰৰ তোপ, “যিয়ে নিজেই ৰাছিয়াৰ পৰা তেল কিনিছে তেওঁলোকৰ মুখত নিষেধাজ্ঞাৰ কথা নুশুৱাই । ভাৰতৰ ইন্ধন প্রয়োজনীয়তাক লৈ ৰাজনীতি মানি লোৱা নহ’ব ।”

ৰাছিয়াৰ (Russia) পৰা বিশেষ অনুমোদনত অপৰিশোধিত তেল কিনাৰ বিষয়ত সম্প্রতি ভাৰতক সতর্ক কৰিছে আমেৰিকাই । ৱাশ্বিংটনৰ মন্তব্য, ৰুছে তেল আমদানিৰ বাবে হয়তো ভাৰতৰ ওপৰত কোনো নিষেধাজ্ঞা আৰোপ কৰা নহ’ব । কিন্তু ইয়াৰ ফলত ইতিহাসত নতুন দিল্লীৰ অৱস্থান কিন্তু লিখা থাকিব অন্যভাৱে । ইতিহাসৰ ভুল দিশেই থাকিব নতুন দিল্লী ।

প্ৰত্যক্ষভাৱে নক’লেও এনেদৰেই ভাৰতক কটাক্ষ কৰিছে আমেৰিকাই । এক সাংবাদিক সন্মিলনত হোৱাইট হাউছৰ প্রেছ সচিব জেন ছাকিৰ পৰা জানিব বিচৰা হয় যে ভাৰতে মার্কিন নিষেধাজ্ঞাৰ সন্মুখীন হ’ব নেকি ? ইয়াৰ উত্তৰত তেওঁ কয়, ”ম‌ই নাভাবো যে ইয়াৰ ফলত কোনো নিষেধাজ্ঞা জাৰি হ’ব পাৰে । কিন্তু এয়াও ভাবিব লাগিব যে, এই মুহূর্তত ইতিহাস লিখিলে কোন কাৰ পক্ষত থাকিব । ৰাছিয়াৰ নেতৃত্বক সমর্থনৰ অর্থই তেওঁলোকৰ আগ্রাসনকো সমর্থন কৰা । যি আগ্রাসনৰ ফলাফল ভয়ংকৰ ।”

Exit mobile version