কাজিৰঙা Eco Sensitive Zone হ’লে জিলাখনৰ খিলঞ্জীয়াৰ অধিকাৰ হ্ৰাস হ’ব : কেএছএ

WhatsApp Image 2022 03 31 at 6.23.22 PM

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সীমা বৃদ্ধিৰ বিৰোধিতাৰে এক সংবাদমেল সম্বোধন কৰি কাৰ্বি ছাত্ৰ সন্থাৰ সভপতি ছিমিয়ন ৰংফাৰে কয় যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক অসম চৰকাৰে Eco Sensitive Zone হিচাপে ঘোষণা কৰাৰ সিদ্ধান্ত লৈছে । এই ঘোষণাই কাৰ্বি আংলং জিলাৰ খীলঞ্জীয়াসকলৰ অধিকাৰ হ্ৰাস কৰিব নেকি ।

ইয়াকে স্পষ্ট কৰিবৰ বাবে অসম চৰকাৰক আহ্বান জনাই সভাপতিগৰাকীয়ে প্ৰকাশ কৰে যে এলিফেণ্ট কৰিডৰৰ নামত কাৰ্বি আংলং জিলাৰ বহু অঞ্চল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অন্তৰ্ভুক্ত কৰিব বিচৰা হৈছে । কাৰ্বি পৰিষদখন যিহেতু ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত ইয়াক অধিগ্ৰহণ কৰিবলৈ পৰিষদৰ অনুমতিৰ প্ৰয়োজন আছে । আমি জনাত পৰিষদে অনুমতি প্ৰদান কৰা নাই । সেয়ে জিলাখনৰ বহু ভূমি ৰাষ্ট্ৰীয় উদ্যানত অন্তৰ্ভুক্ত হোৱাটো বিৰোধিতা কৰো । কাৰণ যুগ-যুগ ধৰি এই অঞ্চলসমূহত বসবাস কৰি অহা খিলঞ্জীয়া লোকসকলে এই নিতীৰ ফলত গৃহতেই গৃহহীণ হ’ব ।

আনহাতে, অসম-মেঘালয় সীমা চুক্তিৰ সন্দৰ্ভত কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতিগৰাকীয়ে দাবী উত্থাপন কৰি কয় যে অসম-মেঘালয় সীমান্তৰ ব্লক-১ আৰু ব্লক-২ কাৰ্বি আংলং জিলাৰ অন্তৰ্গত । ইয়াৰ প্ৰমাণ ১৯৫১ৰ চৰকাৰী অধিসূচনাতেই আছে । কাৰ্বি আংলং জিলাৰ এক ইঞ্চি মাটি আনক নিদিওঁ আৰু আনৰ মাটিও আমাক নালাগে বুলিও সংবাদমেলত স্পষ্টবাৱে কয় ।

উল্লেখ যে অসম-মেঘালয় সীমা সমস্যা সমাধানৰ বাবে ২৯ মাৰ্চত নতুন দিল্লীত গৃহমন্ত্ৰী অমৃত শ্বাহৰ উপস্থিতিত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কণৰেড চাংমাৰ মাজত সীমা চুক্তি স্বাক্ষৰিত হয় । দুয়োখন ৰাজ্যৰ সীমা বিবাদ নিষ্পত্তি কৰিবৰ বাবে দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে লোৱা বলিষ্ঠ পদক্ষেপ ৰাজ্য দুয়োখনৰ বাবে শুভ সংকেত বুলিও প্ৰশংসা কৰে ।

Exit mobile version