ব্যক্তিগত কোম্পানিকহে মুনাফা লাভৰ সুযোগ দিছে

১৫ হেজাৰ ম'বাইল টাৱাৰ, ২.৮৬ লাখ মিটাৰ অপ্টিক ফাইবাৰ গতাই দিছে

Telecom towers

দেশৰ একমাত্ৰ চৰকাৰী টেলিকম সেৱা প্ৰতিষ্ঠান ভাৰত সঞ্চাৰ নিগম লিমিটেড (বিএছ‌এন‌এল)ক স্বয়ং কেন্দ্ৰীয় চৰকাৰেই নিঃশেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে । চৰকাৰে বিএছ‌এন‌এলক বৃহৎ পুঁজিপতিক গতাই দিয়াৰ অভিসন্ধি কৰিছে । যাৰ বাবে অস্তিত্বৰ সংকটত ভুগিছে টেলিকম সেৱা প্ৰতিষ্ঠানটো ।

দ্ৰুত গতিত হ্ৰাস পাইছে বিএছ‌এন‌এলৰ গ্ৰাহকৰ সংখ্যা । যাৰ বাবে ২০০৯-১০ত বৃহৎ লোকচানৰ সন্মুখীন হৈছে বিএসএনএল-এ । ইয়াৰ পাছতো কাণসাৰ নাই কেন্দ্ৰীয় চৰকাৰৰ । এই টেলিকম সেৱাৰ উত্তৰণত গুৰুত্ব প্ৰদান কৰা নাই কেন্দ্ৰীয় চৰকাৰে । যাৰ বাবে অনিশ্চত ভৱিষ্যতক লৈ শংকিত হৈ পৰিছে এই সেৱাৰ স’তে জড়িত বিষয়া-কৰ্মচাৰীসকল । এনে এক সন্ধিক্ষণত বিএসএনএলৰ অসম চাৰ্কোলৰ কৰ্মচাৰীসকলে অহা দুইৰ পৰা চাৰি এপ্ৰিললৈ গুৱাহাটীত আয়োজন কৰিছে দশম সৰ্বভাৰতীয় সন্মিলন মাছখোৱাৰ প্ৰাগজ্যোতি আইটিএ চেণ্টাৰত অনুষ্ঠিত হ’বলগীয়া এই সন্মিলনৰ বিষয়ে কালি এক সংবাদমেলযোগে জানিবলৈ দিয়ে ইউনিয়নৰ অভ্যৰ্থনা সমিতিৰ উপ-সভাপতি গৰ্গ তালুকদাৰে ।

ইয়াত এক সংবাদমেলত সৰ্বভাৰতীয় বিএছ‌এন‌এল কৰ্মচাৰী ইউনিয়নৰ সাধাৰণ সম্পাদক পৰিমল অভিমন্যু উপস্থিত থাকি কেন্দ্ৰীয় চৰকাৰে বিএছ‌এন‌এলক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ কৰা বুলি অভিযোগ কৰে । তেওঁ কয়, ‘নেচনেল মনিটাইজেছনৰ জৰিয়তে পানীৰ দৰত বিএসএনএল আৰু এমটিএনএলৰ ১৪,৯১৭টা ম’বাইল টাৱাৰ আৰু ২.৮৬ লাখ মিটাৰ দৈৰ্ঘ্যৰ অপ্টিক ফাইবাৰ ব্যক্তিগত কৰ্প’ৰেটৰ হাতত গতাই দিব বিচাৰিছে চৰকাৰে । ইয়াৰ পৰা চৰকাৰে লাভ কৰিব ৪০ হেজাৰ কোটি টকা । এই কথা নিৰ্লজ্জভাৱে কেন্দ্ৰীয় চৰকাৰে বাজেট অধিবেশনত ঘোষণা কৰিছে । বাকী থকা সাত লাখ মিটাৰ অপ্টিক ফাইবাৰৰ নেটৱৰ্ক কেন্দ্ৰীয় চৰকাৰে ব্যক্তিগতকৰণ কৰি বিএসএনএলক নিঃশেষ কৰি পেলাব ।’

তেওঁ পুনৰ কয় যে বিএছ‌এন‌এলৰ উত্তৰণৰ ক্ষেত্ৰত চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই । বিএসএনএল-এ দুবছৰ পূৰ্বেই ফ’ৰ জি সেৱা আৰম্ভ কৰিব পাৰিলেহেঁতেন; কিন্তু কেন্দ্ৰীয় চৰকাৰে সেয়া নিবিচাৰে । তদুপৰি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত বাজেট অধিবেশনত দেশত ‘ফাইভ জি’ সেৱা বিএছ‌এন‌এল-এ নহয় বৰঞ্চ ব্যক্তিগত টেলিকম কোম্পানীয়ে আৰম্ভ কৰিব বুলি ঘোষণা কৰিছিল । ইয়াতকৈ আৰু পৰিতাপৰ কথা কি আছে বুলি তেওঁ ক্ষোভ উজাৰে ।

ইপিনে, কেন্দ্ৰীয় চৰকাৰক ভোডাফোনকে ধৰি বিভিন্ন টেলিকম কোম্পানীয়ে অনাদায় হৈ থকা লাখ লাখ কোটি এডজাষ্টেড গ্ৰছ ৰেভেনিও ফাকি দি আহিছে বুলি উল্লেখ কৰি তেওঁ পুনৰ কয়, ‘উচ্চতম ন্যায়ালয়ে কৰ পৰিশোধৰ নিৰ্দেশ দিয়া সত্ত্বেও টেলিকম কোম্পানীবোৰে সেই বিষয়ত গুৰুত্ব দিয়া নাই । তৎসত্ত্বেও চৰকাৰ নিমাত । সুখৰ কথা যে বিএছ‌এন‌এল-এ বিগত কে’বা বছৰত ২৫ লাখ নতুন গ্ৰাহক লাভ কৰিছে; কিন্তু আমি গ্ৰাহকক উন্নত সেৱা আগবঢ়াব পৰা নাই । চৰকাৰ এই ক্ষেত্ৰত নীৰৱ‌ ।’

যাৰ বাবে বিএছ‌এন‌এল-এ অস্তিত্বৰ সংকটত ভুগিছে বুলি তেওঁ উদ্বেগ প্ৰকাশ কৰে । উল্লেখ্য যে সৰ্বভাৰতীয় সন্মিলনখন দুই এপ্ৰিলত উদ্বোধন কৰিব চিআইটিইউৰ সৰ্বভাৰতীয় সভাপতি কে হেমলতাই । সংবাদমেলত অভ্যৰ্থনা সমিতিৰ সাংগঠনিক সভাপতি এম আৰ দাস, ইউনিয়নৰ প্ৰচাৰ সম্পাদক ডি কে দেৱনাথ আৰু শৈলন শৰ্মা উপস্থিত থাকে ।

Exit mobile version