Climate :১২১ বছৰৰ গৰমৰ ৰেকৰ্ড ভংগ কৰিলে ২০২২ ৰ মাৰ্চে,

1648891180 heat wave

মাৰ্চত আটাইতকৈ গৰম দিন দেখিলে ভাৰতে । যোৱা ১২১ বছৰৰ ইতিহাসত! বতৰ বিজ্ঞান বিভাগৰ শেহতীয়া প্ৰতিবেদনত এই কথা কোৱা হৈছে।

তথ্য অনুসৰি, স্বাভাৱিক সৰ্বোচ্চ তাপমাত্ৰাতকৈ গড়ে ১.৮৫ ডিগ্ৰী চেলচিয়াছ অধিক আছিল ২০২২ ৰ সৰ্বাধিক তাপমাত্ৰা ! গড় নিম্নতম তাপমাত্ৰা স্বাভাৱিকতকৈ ১.৩৭ ডিগ্ৰী চেলচিয়াছ অধিক আছিল।

ইয়াৰ আগতে জানুৱাৰীত বতৰ ভৱনৰ এক প্ৰতিবেদনত কোৱা হৈছিল যে ১৯০১ চনৰ পাছত যোৱা ১২০ বছৰৰ ইতিহাসত ২০২১ হৈছে ভাৰতৰ পঞ্চম উষ্ণতম বছৰ।

মাৰ্চ মাহত বতৰৰ গতিশীলতাৰ প্ৰতি লক্ষ্য ৰাখি, বতৰ বিজ্ঞানীসকলৰ এটা অংশই অনুমান কৰিছে যে ২০২২ চনত উষ্ণতাৰ এক নতুন অভিলেখ স্থাপন কৰিব পাৰে।

কেৱল তাপমাত্ৰা বৃদ্ধিয়ে নহয়, বছৰটোৰ আৰম্ভণিতে দেশখনত উদ্বেগজনক ভাৱে হ্ৰাস পাইছে বৰষুণ! বিমান কাৰ্যালয়ৰ মতে, সমগ্ৰ দেশতে মাৰ্চ মাহত বৰষুণৰ ঘাটি প্ৰায় ৭১ শতাংশ।

১১৪ বছৰত, ইয়াতকৈ কম বৰষুণৰ মাত্ৰ দুটা উদাহৰণ আছে। এনে পৰিস্থিতি কৃষি খণ্ডৰ বাবে উদ্বেগজনক। সাধাৰণতে, মাৰ্চ মাহত দেশখনত গড়ে ৩০.৪ মিলিমিটাৰ বৰষুণ হয়।

কিন্তু এইবাৰ মাৰ্চ মাহত মাত্ৰ ৮৯ মিলিমিটাৰ বৰষুণ হৈছিল। ইয়াৰ আগতে ১৯০৮ চনৰ মাৰ্চ মাহত দেশখনত ৮.৭ মিলিমিটাৰ বৰষুণ হৈছিল। ১৯০৯ চনৰ মাৰ্চমাহত ৭.২ মিমি।

Exit mobile version