‘লেপটপ’ক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি পুটিন বাহিনীক জ্বলাকলা খোৱাইছে ইউক্রেইনৰ চাইবাৰ বিশেষজ্ঞ‌ই

cyber crime Complete Controller 1

আগ্নেয়াস্ত্র চলাই লক্ষ্যভেদ কৰিব নোৱাৰে । ৰাছিয়াৰ বিৰুদ্ধে তেঁৱো যুদ্ধত নামি পৰিছে । তেওঁৰ অস্ত্ৰ — কিব’র্ড আৰু মাউছ ! মাতৃভূমি ইউক্রেইনৰ দুর্দশাত হেকাৰৰ বিৰুদ্ধে হেকিঙকেই অস্ত্র কৰি যুদ্ধত নামিছে তেওঁ ।

শত্রুপক্ষ ৰাছিয়াৰ স’তে ‘ষড়যন্ত্ৰ’ত জড়িত চাইবাৰ অপৰাধীসকলৰ এটা কুখ্যাত গেঙৰ কম্পিউটাৰ ছিষ্টেমত বাৰে বাৰে অন্তর্ঘাতী আক্ৰমণ চলাইছে ইউক্রেইনৰ এটা চাইবাৰ বিশেষজ্ঞ‌‌ই । নিৰাপত্তাৰ বাবে যিয়ে সংবাদমাধ্যমৰ আগত নিজৰ পৰিচয় গোপন ৰাখিছে ।

২৪ ফেব্রুৱাৰীত ইউক্রেইন আক্রমণৰ চাৰি দিনৰ ভিতৰতে ৰাছিয়া আৰু পূৱ ইউৰোপৰ চাইবাৰ অপৰাধীসকলৰ অন্যতম ছিণ্ডিকেট কন্টিৰ কম্পিউটাৰ ছাৰ্ভাৰৰ পৰা বহু ফাইল, তথ্যসহ গোপন কথোপকথন ফাদিল হৈছে । ইয়াত এই চাইবাৰ বিশেষজ্ঞৰে হাত আছে বুলি দাবী আমেৰিকাৰ সংবাদমাধ্যম চিএনএন-ৰ ।

দীর্ঘ দিন ধৰি এফবিআইৰ দৃষ্টিত আছে চাইবাৰ অপৰীধীৰ কুখ্যাত গোষ্ঠী কন্টিৰ সদস্যসকল । অভিযোগ, আমেৰিকৰ শ শ গুৰুত্বপূর্ণ পৰিকাঠামোত আঘাত কৰি লক্ষাধিক ডলাৰৰ লোকচান কৰিছে কন্টিয়ে । ইউৰোপৰ বহু ক্ষেত্রৰ কম্পিউটাৰ ছাৰ্ভাৰত ভাইৰাছ ভৰাই সেইবোৰৰ সেৱাও সাময়িকভাৱে স্তব্ধ কৰি দিছিল তেওঁলোকে ।

কন্টি হৈছে এক প্ৰকাৰৰ ৰেনছমৱেৰৰ নাম । বিভিন্ন দেশৰ গুৰুত্বপূর্ণ পৰিকাঠামোৰ কম্পিউটাৰ ছিষ্টেমত এই মালৱেৰ সোমাই সেয়া ব্লক কৰি দিয়াই কন্টিৰ লক্ষ্য । ইয়াৰ ফলত ছিষ্টেমৰ সেৱা স্তব্ধ হৈ গ’লে পুনৰ আৰম্ভ কৰিবৰ বাবে মোটা অংকৰ অর্থ আদায় কৰে কন্টিয়ে । ৰেনছমৱেৰৰ নামতেই নিজৰ গেঙৰ নাম ৰাখিছে ইয়াৰ সদস্যসকলে । ট্রিকবটৰ দৰে হেকিং টুলো ব্যৱহাৰ কৰে কন্টিয়ে ।

চাইবাৰ জগতত এই অপৰাধীসকলৰ লাভো কম নহয় । ক্রিপ্ট’কাৰেন্সিৰ লেনদেন কৰে এনে সংস্থাই এলিপ্টিক-ৰ দাবী, ৰেনছমৱেৰৰ মাধ্যমত ২০২১ত মাত্র চাৰি মাহতেই কন্টিয়ে আয় কৰিছিল ২.৫৫ কোটি ডলাৰ ।

আমেৰিকাৰ দাবী, কন্টিৰ সহায়কৰ্তাৰ ভিতৰত আছে ভ্লাদিমিৰ পুটিন চৰকাৰ । ৱাশ্বিংটনৰ বিৰুদ্ধে কৌশলগত সুবিধা লোৱাৰ বাবেই এই পদক্ষেপ ক্রেমলিনৰ । যদিও সেই দাবী অগ্রাহ্য কৰিছে ৰাছিয়াই । ইউক্রেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণাৰ পাছৰ দিনাই ৰাছিয়াক নিজৰ সমর্থনৰ কথা জনাই বিবৃতি প্রকাশ কৰিছিল কন্টিয়ে । ইয়াৰ পাছতেই কন্টিৰ বিৰুদ্ধে অন্তর্ঘাতী আক্ৰমণৰ সিদ্ধান্ত লয় বুলি দাবী এই ইউক্রেইনীয় চাইবাৰ বিশেষজ্ঞৰ ।

পৰিচয় গোপন ৰাখিলেও এই বিশেষজ্ঞৰ সুৰক্ষা বজায় ৰাখিবলৈ তেওঁক ডেনিলো ছদ্মনামে সম্বোধন কৰিবলৈ প্ৰস্তুত হৈছে চিএনএন । কিয় এই যুদ্ধত যোগ দিলে ডেনিলোৱে ? তেওঁৰ দাবী, ৰাছিয়াৰ আক্ৰমণত বিধ্বস্ত নিজৰ দেশক তেওঁ চিনিব‌ই পৰা নাই ।

পূর্বতন ছোভিয়েত ইউনিয়নৰ ইউক্রেইনত জন্ম হ’লেও দীর্ঘকাল দেশৰ বাহিৰত আছিল ডেনিলো । তেওঁ নিজৰ দেশৰ দখল ৰাছিয়াৰ হাতত গুচি যোৱাটো কোনো কাৰণতেই নিবিচাৰে । ফলত এই যুদ্ধত চাইবাৰ সুৰক্ষা বিশেষজ্ঞ হিচাপে তেওঁৰ দক্ষতাকেই অস্ত্ৰ কৰি লৈছে ডেনিলোৱে । তেওঁ ইউৰোপৰ আণ্ডাৰগ্রাইণ্ড চাইবাৰ ক্রিমিনেল ইকনমি নামৰ বিষয়কো কামত লগাইছে ।

ডেনিলোৰ দাবী, ২০১৬ত প্রথমবাৰ তেওঁ কন্টিৰ কম্পিউটাৰ ছাৰ্ভাৰত হেকিং কৰিছিল । তাৰ পাছৰ পৰা চুপচাপ তেওঁলোকৰ গতিবিধি লক্ষ্য ৰাখিছিল । কন্টিৰ ছাৰ্বাৰত সোমাই অপেক্ষা কৰিছিল, কেতিয়া অপৰাধীসলে ভুল কৰে ।

চিএনএন-ক ডেনিলোৱে কয়, ‘‘কেতিয়াবা কেতিয়াবা তেওঁলোকে ভুল কৰে । সেই সময়তেই তেওঁলোকক ধৰা পেলোৱাৰ শ্ৰেষ্ঠ সময় । ম‌ই তেওঁলোকৰ গতিবিধিৰ ওপৰত লক্ষ্য ৰাখিছিলো । সঠিক সময়ত সঠিক স্থানত থকাৰ বাবে এইবোৰ কৰিব পাৰিছো ।’’

ইয়াৰ আগতেও কন্টিৰ কুকীর্তিৰ বহু তথ্যপ্রমাণ ইউৰোপীয় বিষয়াসকলৰ হাতত তুলি দিছে দাবী ডেনিলোৰ । কিন্তু এইবাৰ তেওঁৰ যুঁজ মাতৃভূমিৰ বাবে । দেশত উভতাৰ পাছত তেওঁ তেওঁৰ প্রিয়জনৰ ঘৰৰ আশপাশত ভয়ংকৰ বোমাবর্ষণ দেখিছে । অসংখ্য নিৰীহ নাগৰিকৰ প্রাণহানিৰ খবৰ পাইছে । সেয়ে তৎপৰ হৈছে বুলি দাবী ডেনিলোৰ । ইয়াৰ পাছতেই তেওঁ অনলাইনত কন্টিৰ তথ্য ফাদিল কৰি থাকে । ডেনিলোৱে কয়, ‘‘ম‌ই গুলি কৰি লক্ষ্যভেদ কৰিব নোৱাৰো । কিন্তু কিব’র্ড আৰু মাউছেৰেই যুঁজ দিব পাৰো ।’’

হোৱাইট হাউছৰ অভিযোগ, ৰাছিয়া-ইউক্রেইন যুদ্ধৰ আগৰ পৰাই ইউক্রেইনৰ বহু চৰকাৰী ৱেবছাইটত আক্ৰমণ কৰিছে অপৰাধীসকলেও । এই কাৰ্যত সহায় কৰিছে ৰাছিয়াৰ সামৰিক গুপ্তচৰ সংস্থা জিআৰইউ-ৱে । যদিও এই দাবী অস্বীকাৰ কৰিছে ক্রেমলিনে । আনহাতে, ৰাছিয়াৰ বহু সংস্থাত হেকিঙৰ বাবেও ভল’দিমিৰ জেলেনস্কি চৰকাৰে ‘চাইবাৰযোদ্ধাসকলক’ উৎসাহ দিছে বুলি দাবী ।

বস্তুত, এই যুদ্ধত যেন পার্শ্বযোদ্ধা হিচাপে কাম কৰিছে হেকাৰসকলে । ডেনিলোৰ দৰে বহু ‘চাইবাৰযোদ্ধা’ই ৰাছিয়া অথবা ইউক্রেইনৰ পক্ষ লৈ যুদ্ধত নামিছে । কন্টিৰ দৰে কুখ্যাত গোষ্ঠীৰ ছাৰ্ভাৰত আক্ৰমণ কৰাৰ বাবে এফবিআইৰ দৃষ্টিত পৰিছে ডেনিলো । তেওঁৰ স’তে যোগাযোগো কৰিছে এফবিআই-য়ে । যদিও তেওঁলোকে কন্টিৰ গোপন তথ্য প্রকাশ্যত ননাৰ অনুৰোধ কৰিছে ডেনিলোক । এফবিআইৰ শংকা, ইয়াৰ ফলত সতর্ক হৈ ছাৰ্ভাৰ সলনি কৰিব কন্টিয়ে । তেতিয়া তেওঁলোকক ধৰা আৰু কঠিন হৈ পৰিব ।

ৰাছিয়াৰ আক্ৰমণৰ পৰা বাচিবৰ বাবে বাংকাৰত আশ্রয় লোৱাৰ সময়তো ডেনিলোৱে তেওঁৰ লেপটপটো এৰি দিয়া নাছিল । তাত বহিও কন্টিৰ বিৰুদ্ধে তেওঁ যুঁজ অব্যাহত ৰাখিছিল । কিয় ? ডেনিলোৱে কয় শ, ‘‘এইটোৱে মোৰ কাম । এই কাম কৰিব পাৰো বাবেই কৰিছো ।’’

মহাশক্তিশালী ৰাছিয়াক ধৰাশায়ী কৰিবৰ বাবে হেকিংকেই সম্বল কৰিছে ডেনিলোৱে । তেওঁ কয়, ‘‘এইখন মোৰ দেশ । যদি তেওঁলোকে (ইউক্রেইন চৰকাৰ) মোক অস্ত্রৰ জোগান দিয়ে, তেতিয়া যুদ্ধত যাম । কিন্তু ম‌ই (লেপটপত) টাইপিং কৰি ভাল পাওঁ ।’’

Exit mobile version