কোকৰাঝাৰত নাৰকীয় ঘটনাত দোষী সাব্যস্ত তিনি যুৱকক ফাঁচীৰ ৰায়দান আদালতৰ

Screenshot 340

কোকৰাঝাৰৰ অভয়াকুটিৰ লোমহৰ্ষক ধৰ্ষণ-হত্যাকাণ্ডত বৃহস্পতিবাৰে দোষী সাব্যস্ত হোৱা তিনি যুৱকক আজি ফাঁচী । ৰায় প্ৰদান কৰিলে কোকৰাঝাৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ বিশেষ আদালতে । আজি বিশেষ আদালতৰ ন্যায়াধীশ চি চতুৰ্বেদীয়ে এই ৰায় প্ৰদান কৰে ।

অপৰাধী কেইজন হৈছে ক্ৰমে ফৰিজুল ৰহমান (২২), নাজিবুল আলী (১৯) আৰু মেজ্জামিল শ্বেখ (২০) । অপৰাধীসকলৰ হৈ উকালতি কৰিছিল জ্যেষ্ঠ অভিযুক্তা তথা প্ৰাক্তন সাংসদ ডেভিদ লেজাৰে । প্ৰথমে আৰক্ষীৰ তৰফৰ পৰা ৮৫০ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰা হৈছিল যদিও আজি আদালতত উত্থাপিত অভিযোগনামা আছিল ২৫০ পৃষ্ঠাৰ ।

উল্লেখ্য যে বিগত বৰ্ষৰ ১১ জুনত কোকৰাঝাৰ জিলাৰ বাওখুংগ্ৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত অভয়াকুটি গাঁৱৰ এটা জনজাতি পৰিয়ালৰ দুই কিশোৰীক দলবদ্ধভাৱে ধৰ্ষণ কৰি পৈশাচিকভাৱে হত্যা কৰাৰ ঘটনা সংঘটিত হৈছিল । অভয়াকুটি নামৰ দুৰ্গম গাঁওখনৰ ৰাভা সম্প্ৰদায়ৰ দুই সম্পৰ্কীয় ক্ৰমে ১৬ আৰু ১৪ বছৰীয়া পেহীয়েক আৰু ভতিজীক দলবদ্ধ ধৰ্ষণ কৰি পাছত হত্যা কৰি এডাল গছত চিপ লগাই ওলোমাই থৈ গৈছিল । এই ঘটনাই ৰাজ্যজুৰি জোকাৰণিৰ সৃষ্টি কৰে ।

আদালতৰ ৰায় প্ৰদানৰ পাছতে ভুক্তভোগীৰ পৰিয়ালবৰ্গই আৰক্ষী প্ৰশাসন, জিলা প্ৰশাসন তথা আদালতক ধন্যবাদ জনাইছে । দোষী কেইজনৰ ফাঁচী হোৱাত তেওঁলোকৰ (ভুক্তভোগী) আত্মাই শান্তি পাইছে আৰু এনেকুৱা কাম যাতে কোনেও কৰিবলৈ সাহস নকৰে তাৰ বাবে এইটো এটা প্ৰমাণ হৈ ৰ’ব বুলি কয় ভুক্তভোগী পৰিয়ালবৰ্গই ।

এই গোচৰৰ মূল্য অনুসন্ধানকাৰী বিষয়া আছিল অতিৰিক্ত জিলা আৰক্ষী অধীক্ষক সুৰজিত সিং পানেশ্বৰ । তেওঁৰ নেতৃত্বতে আৰক্ষীৰ দলে অনুসন্ধান চলাইছিল । পক্স’ আইনৰ অধীনত এইটো অসমত প্ৰথমটো গোচৰৰ ৰায়দান ।

Exit mobile version