চিৰাঙত ২৭টাকৈ ৰঙালী বিহু উদ্‌যাপন সমিতিক ডেৰ লাখ টকাৰ চেক প্ৰদান

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ ৰাজ্যখনৰ ১০ বছৰ পুৰণি তথা যিবিলাক বিহু সমিতিয়ে বহাগৰ সাত তাৰিখৰ ভিতৰত ৰঙালী বিহু উদ্‌যাপন কৰিব সেই সমিতিসমূহক ১.৫০ লাখ (ডেৰ লাখ) টকা বিত্তীয় সাহায্য হিচাপে প্ৰদান কৰাৰ কথা ঘোষণা কৰা অনুসৰি আজি কাজলগাঁৱত আৰ্থিক অনুদান প্ৰদান কৰে ৷

এই মৰ্মে, চিৰাং জিলা প্ৰশাসনে জিলাখনত ২৭খন ৰঙালী বিহু, ৰংজালী বৈশাগু আৰু বিষুৱা উদ্‌যাপন সমিতি বাছনি কৰা অনুসৰি সাহায্য প্ৰদান কৰা হয় ৷ জিলা উপায়ুক্তৰ কাৰ্যালয় সভা কক্ষত অনুষ্ঠিত চেক বিতৰণ অনুষ্ঠানটো পৰিচালনা কৰে চিৰাঙৰ অতিৰিক্ত উপায়ুক্ত নিৰ্মালী বৰুৱাই ৷

অনুষ্ঠানত চিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে মুখ্য অতিথিৰূপে উপস্থিত থাকি ৰাজ্য চৰকাৰে বিহু উদ্‌যাপন সমিতিসমূহৰ বাবে গ্ৰহণ কৰা এই আঁচনি লোৱাৰ বাবে মুখ্যমন্ত্ৰী শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে ৷ তেওঁ বিহু, ৰংজালী বৈশাগু আৰু বিষুৱা উৎসৱ উদ্‌যাপন সমিতিসমূহক প্ৰকৃত পক্ষে অসমৰ সংস্কৃতি ৰক্ষাৰ হকে উৎসৱ উদ্‌যাপন কৰিবলৈ আহ্বান জনায় ৷

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত চিৰাং জিলা প্ৰশাসনে প্ৰদান কৰা এক কালীন আৰ্থিক সাহায্য প্ৰদান কাৰ্যসূচীত বিটিচিৰ পৰিষদীয় সদস্য চাইখং বসুমতাৰী, প্ৰভাত বসুমতাৰী, চিৰাং জিলাৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ আৰু চিৰাং জিলাৰ আৰক্ষী অধীক্ষক প্ৰাণজিত বৰাই অসমৰ জাতীয় উৎসৱটি পালনৰ সময়ত উদ্‌যাপন সমিতিসমূহে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাৱলীৰ ওপৰত মন্তব্য কৰে ৷

আজি ৰঙালী বিহু, ৰংজালী বৈশাগু আৰু বিষুৱা উৎসৱ উদ্‌যাপন সমিতিসমূহক বিশিষ্ট অতিথিসকলে আনুষ্ঠানিকভাৱে ডেৰ লাখ টকাৰ চেক প্ৰদান কৰে ৷ চিৰাং জিলাৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে অনুষ্ঠানত মুখ্যমন্ত্ৰী শৰ্মাই প্ৰদান কৰা এই বিত্তীয় সাহায্যখিনিয়ে ৰঙালী বিহু উদ্‌যাপন সমিতিসমূহক নিশ্চয় বিহু উদ্‌যাপন কৰাত সকাহ দিব বুলি উল্লেখ কৰে । উপায়ুক্তগৰাকীয়ে বিহু সমিতিসমূহক ৰঙালী বিহুৰ আগতীয়া শুভেচ্ছা জ্ঞাপন কৰে ।

Exit mobile version