ভৱানীপুৰত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱা ১০ – ৩০ বজাত আৰক্ষীয়ে তালাচী চলাই বৃহৎ পৰিমাণৰ গাঞ্জাৰ লগতে গাঞ্জা কঢ়িওৱা ট্ৰাক জব্দ কৰে।লগতে এই দুস্কাৰ্যত জড়িত দুজন লোককো কৰায়ত্ত কৰিবলৈ সক্ষম হয়।
উল্লেখ্য যে ভৱানীপুৰ আৰক্ষী চকীৰ আৰক্ষীয়ে পূৱ দিশৰ পৰা পশ্চিম দিশলৈ এখন ট্ৰাকেৰে গাঞ্জা সৰবৰাহ কৰাৰ গোপন সুত্ৰৰ পৰা খৱৰ লাভ কৰি ভৱানীপুৰ চ’কত ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথত তালাচী চলায়।
পুৱা ১০ – ৩০ বজাত ডি এন ০৯ ইউ ৯০৪৮ নম্বৰৰ ট্ৰাকখনত তালাচী চলাই ট্ৰাকখনৰ চালকৰ আসনৰ ওপৰৰ কেবিনত অতি কৌশলগতভাৱে কে’বাটাও পেকেটত কঢ়িয়াই অনা ১২০ কিলোগ্ৰাম পৰিমাণৰ গাঞ্জা জব্দ কৰে।
উল্লেখ্য যে গাঞ্জা কঢ়িয়াই অনা ট্ৰাকখনৰ কণ্টেইনাৰখন খালী আছিল।আৰক্ষীয়ে গাঞ্জাসহ ট্ৰাকখন জব্দ কৰাৰ লগতে ট্ৰাকৰ চালকদ্বয়কো আটক কৰিছে।ধৃত ট্ৰাকৰ চালকদ্বয় হ’ল – এগৰাকী উত্তৰ প্ৰদেশৰ ঘাজিপুৰ জিলাৰ ৰামপুৰ ঘোঘাৱনৰ ছামিম আনছাৰী(৩৬) আৰু আনগৰাকী উত্তৰ প্ৰদেশৰ জয়পুৰ জিলাৰ চান্দৱাক কেৰাকাতৰ প্ৰমোদ কুমাৰ যাদৱ(৩০)।
উক্ত গাঞ্জাবোৰ মেঘালয়ৰ বৰাপানীৰ পৰা কঢ়িয়াই নি বিহাৰৰ ভিন্ন স্থানত বিক্ৰীৰ বাৱে নিয়াৰ যোজা কৰিছিল বুলি ধৃত চালক দুজনে স্বীকাৰোক্তি দিছে।জব্দ কৰা উৎকৃষ্ট গাঞ্জা খিনিৰ মূল্য প্ৰায় ১২ লাখ টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে।