ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ এখন ঐতিহ্যমণ্ডিত গাঁও “নামফাকে” । আন্তঃৰাষ্ট্ৰীয় মঞ্চত পৰিচিত এই বিশেষ গাঁওখনে অতিজৰে পৰা বহু লোকক আকৰ্ষণ কৰি আহিছে । ১৮৫০ খ্ৰীষ্টাব্দত স্থাপন হোৱা বৌদ্ধ ধৰ্মাৱলম্বী লোকৰ এই গাঁওখনে বহন কৰি আহিছে এক অনন্য কৃষ্টি-সংস্কৃতিৰ মনোমোহা সভ্যতা ।
টাই জনগোষ্ঠীৰ অন্যতম ফাকেয়াল লোকসকলৰ ভাষাত ফা’ৰ অৰ্থ প্ৰাচীৰ আৰু কে’ৰ অৰ্থ পুৰণি বা প্ৰাচীন অৰ্থাৎ প্ৰাচীন প্ৰাচীৰ । তেওঁলোক আছিল পূৰ্বৰ ব্ৰহ্মদেশ আৰু এতিয়াৰ ম্যানমাৰৰ হুকং উপত্যকাৰ বাসিন্দা ।
উক্ত স্থানত শাসকীয় গোষ্ঠীৰ স্বৈৰাচাৰী শাসনত পিড়িত হৈ স্বৰ্গদেউ চুকাফা অহাৰ বাটেৰেই বাট বুটলি অসম আহি ওলাইছিল তেওঁলোক । প্ৰথমে অসমৰ দিচৈ (যোৰহাট, শিৱসাগৰ)ত বাস কৰিবলৈ লৈ মানৰ আক্ৰমণৰ পৰা হাত সাৰিবলৈ উজনিলৈ উজাই আহি প্ৰথমে নামচাই, মাৰ্ঘেৰিটা আৰু পাছত তেওঁলোকে ডিব্ৰুগড় জিলাৰ বুঢ়ীদিহিং নৈৰ পাৰত টিপামফাকে আৰু নামফাকে নামৰ দুখন গাঁও প্ৰতিষ্ঠা কৰি ধৰ্ম প্ৰচাৰৰ অৰ্থে বৌদ্ধবিহাৰ স্থাপন কৰে । বৌদ্ধধৰ্মৰ ৰীতি-নীতিৰে জীৱন ধাৰণ কৰা এই টাইফাকে লোকসকলে বুদ্ধদেৱৰ ‘অহিংসা পৰম ধৰ্ম’ক মূলমন্ত্ৰ হিচাপে লৈ বৌদ্ধ ধৰ্মৰ অষ্ঠ নীতি পালনেৰে নিজকে পৱিত্ৰ কৰি ৰখাৰ যি কৌশল আয়ত্ব কৰিছে সেয়া সমাজৰ বাবে এক অভিনৱ দান ।
কোনো ধৰণৰ অপৰাধমূলক কাম-কাজৰ পৰা ধৰ্ম জ্ঞানেৰে নিজকে আঁতৰাই ৰখা এইসকল লোকৰ আজি পৰ্যন্ত নাই কোনো আৰক্ষী থানাৰ গোচৰ । নিজ কলা-কৃষ্টিক অতিকৈ ভালপোৱা এইসকল বৌদ্ধধৰ্মী লোকে নিজস্ব পৰম্পৰা আৰু সংস্কৃতি ৰক্ষাত পালন কৰিছে আদৰণীয় ভূমিকা । বহুতো দেশী-বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু নামফাকে গাঁওখনত আছে বুৰঞ্জীপ্ৰসিদ্ধ বহুতো সমল । তেওঁলোকৰ নানা ধৰণৰ আপুৰুগীয়া ধৰ্মপুথিসমূহে এই কথাকে প্ৰমাণ কৰে ।
সুদূৰ য়ুনানৰ পৰা হুকং উপত্যকা হৈ অসমলৈ অহা এই লোকসকলে হেজাৰ বাধা সত্ত্বেও ধৰ্মপুথিসমূহ লগত লৈ আহিছিল । এই পুথিসমূহ সংৰক্ষণৰ ক্ষেত্ৰত তেওঁলোক বদ্ধ পৰিকৰ । বৌদ্ধধৰ্মী নামফাকেৰ লোকসকলৰ এখন আপুৰুগীয়া ধৰ্মপুথি হৈছ “লিক-খাম” (LIKKHAM) অৰ্থাৎ সোণৰ লিপি । সোণৰ পাতত লা-ৰে লিখিত এই পুথিখন তেওঁলোকে ব্যৱহাৰ কৰে পৱিত্ৰ কৰ্ম আদিত ।
লোকবিশ্বাস অনুসৰি কোনো এঘৰ লোকৰ যদিহে অপায় অমংগল হয় তেন্তে এই পুথি পাঠ কৰিলে সকলোধৰণৰ দায়দোষ মৰিষণ হয় । সোণৰ লিপিত লিখা এই বিশেষ পুথিখন দীঘতকৈ প্ৰস্থ বহল । প্ৰায় তিনিশ বছৰ পুৰণি কিতাপখন আমাৰ সাঁচীপাতৰ পুথিৰ দৰেই, য’ত প্ৰস্থ দুই ফুট আৰু দৈৰ্ঘ্য ছয় ইঞ্চিৰ হোৱাৰ লগতে ১৫ পৃষ্ঠাৰ মুঠ ৩০টা পৃষ্ঠাত সন্নিৱিষ্ট আছে অপূৰ্ব চিত্ৰকলাও ।
বৌদ্ধ ভিক্ষুসকলৰ জীৱনকালত কিবা ধৰণৰ ক্ৰটি বিচুত্যি হ’লেও এই পুথি পাঠ কৰোৱা হয় । নামফাকে বৌদ্ধবিহাৰত থকা এই বিশেষ পুথিখন সদায় দৰ্শন কৰিব পৰা সম্ভৱপৰ নহয় । সাঁচীপাতত লিখা চিত্ৰসম্বলিত ৰামায়ণ মহাভাৰতৰ উপৰিও নামফাকে বৌদ্ধবিহাৰত থকা কিতাপসমূহৰ ভিতৰত উল্লেখনীয় পুথি নৰকৰ সচিত্ৰ বৰ্ণনাৰ সাঁচীপতীয়া পুথি আৰু সোণৰ লিকখাম অন্যতম ।
বাঁহৰ পাতৰ ওপৰত তৰপ তৰপকৈ সোণৰ লগতে ধাতৱীয় বস্তুৰে তৈয়াৰী এই পুথিখন বছৰ বছৰ ধৰি কোনো ধৰণৰ ৰ’দ, বৰষুণ তথা পোক-পতংগৰ প্ৰকোপৰ দ্বাৰা নষ্ট নোহোৱাকৈ অক্ষত অৱস্থাত আছে । সোণ পানী চৰোৱা আখৰ সম্বলিত এই লিকখামৰ উপৰিও নামফাকে বৌদ্ধবিহাৰত আছে – ফুংচেইন নামৰ এখন গ্ৰন্থ, য’ত পৃথিৱীৰ ৩১খন জগত ব্ৰহ্মলোক, অৰূপভূমি, স্বৰ্গ, পৃথিৱীৰ ছটা স্তৰ, দেৱলোক আদিৰ কথা সন্নিৱিষ্ট আছে । তেওঁলোকৰ লোকবিশ্বাস মতে কি কৰ্মফল অনুসৰি স্বৰ্গ, মৰ্ত্য, পাতাললৈ যাব পাৰি সেয়া এই গ্ৰন্থত উল্লেখ আছে ।