Schools in Delhi : স্কুল বন্ধ কৰা সমাধান নহয় ! ৰাজধানীত ক’ভিড বৃদ্ধিত এই মত অধিকাংশ কর্তৃপক্ষৰ

delhi school

দিল্লীত পুনৰ ক’ভিড সংক্রমণ বৃদ্ধি পাইছে । ফলত আকৌ উদ্বেগ বাঢ়িছে । লগতে প্ৰশ্ন উত্থাপন হৈছে পুনৰ তলাবন্ধৰ পথ অৱলম্বন কৰিব নেকি চৰকাৰে ? ক’ভিড পৰিস্থিতিৰ বাবে স্কুল-কলেজ আৰু শিক্ষা প্রতিষ্ঠানবোৰ দীর্ঘ দুবছৰ ধৰি বন্ধ হৈ আছিল । শিক্ষাৰ বিপুল ক্ষতি হৈছে । ফলত সংক্রমণ বৃদ্ধিত আকৌ স্কুল-কলেজ বন্ধ হ’লে শিক্ষাব্যৱস্থা ভাঙি পৰিব পাৰে বুলি ধাৰণা কৰিছে শিক্ষামহলে ।

অৱশ্যে সংক্রমণ বাঢ়িলেও স্কুল-কলেজ বন্ধ কৰাৰ পক্ষত যাব বিচৰা নাই অধিকাংশ কর্তৃপক্ষ‌ই । দিল্লীৰ বহু স্কুল কর্তৃপক্ষ‌ৰ মতে, স্কুল বন্ধ কৰিলেই সমস্যাৰ সমাধান নহ’ব । হ’ব‌ও নোৱাৰে । স্কুলত যদি কোনো শিক্ষাৰ্থী ক’ভিড আক্রান্ত হয়, গোটেই স্কুলকে বন্ধ নকৰি সংশ্লিষ্ট শ্রেণীক বন্ধ কৰা প্রয়োজন বুলি কয় তেওঁলোকে ।

দিল্লীৰ এক খ্যাত স্কুলৰ প্রধান শুভি ছোনিয়ে জনায়, কৰ’না হয়তো আমাৰ জীৱনৰ আঁতৰ নহ’ব । খুব বেছি হ’লে ইয়াৰ প্রকোপ কমি কমি আগন্তুক দিনত সাধাৰণ জ্বৰৰ দৰে হৈ যাব । সংক্রমণ যদি দ্রুত বৃদ্ধি পায়, তেনেহ’লে সেই ক্ষেত্রত ভাগে ভাগে স্কুল চলোৱা উচিত । সপ্তাহত তিনি দিন অফলাইনত আৰু দুদিন অনলাইনত ক্লাছ কৰা উচিত । কিন্তু স্কুল বন্ধ কৰি দিয়া কোনো কাৰণতেই সমাধান হ’ব নোৱাৰে । শিক্ষাৰ্থীসকল লাহে লাহে স্বাভাৱিক হ’বলৈ লৈছে । পুনৰ যদি স্কুল বন্ধ কৰি দিয়া হয়, তেনেহ’লে শিক্ষাব্যৱস্থাৰ চৰম ক্ষতি হ’ব বুলি কয় শুভিয়ে ।

ৰোহিণীৰ এটা খ্যাত স্কুলৰ অধ্যক্ষ অনশু মিত্তলে জনাইছে, স্কুলত যাতে সংক্রমণ নহয়, তাৰ বাবে ক’ভিডবিধি সঠিক মতে মানি চলা প্ৰয়োজন । স্কুল কর্তৃপক্ষ‌য়ো এই বিষয়ত নিয়মিত লক্ষ্য ৰখা উচিত ।

দিল্লীৰ বহুকেইখন স্কুলত শিক্ষাৰ্থীসকলৰ ক’ভিড সংক্রমণ বঢ়াত উদ্বেগ বাঢ়িছে ক্রমশ । বিগত ২৪ ঘণ্টাত ৰাজধানীত নতুন আক্রান্তৰ সংখ্যা ১২ শতাংশ বাঢ়িছে । নতুন আক্রান্তৰ সংখ্যা ৫১৭ । ২০ ফেব্রুৱাৰীৰ পাছত সোমবাৰে পুনৰ পাঁচশ অতিক্ৰম কৰিলে দৈনিক আক্রান্তৰ সংখ্যা । দৈনিক সংক্রমণ বাঢ়িলেও সংক্রমণৰ হাৰ কিন্তু দেওবাৰৰ তুলনাত কমিছে ।

Exit mobile version