Cabinet : শ্রীলংকাত নতুন কেবিনেট

123998703 hgwn 7uw

সম্পূর্ণ ভাঙি পৰিছে দেশৰ অর্থনীতি । ‘পদত্যাগ দিয়ক ৰাষ্ট্ৰপতিয়ে’, ক্রমাগত দাবী উত্থাপিত হৈছে বিভিন্ন মহলত । দেশৰ এই সংকটজনক সময়ত নতুন কেবিনেট গঠন কৰিলে শ্রীলংকাৰ ৰাষ্ট্ৰপতি গোতাবায়া ৰাজাপক্ষেয়ে ।

এই নতুন কেবিনেটত ৰাজাপক্ষেৰ পৰিয়ালৰ বিশেষ কোনো নাই । এই পৰিয়ালৰ বিৰুদ্ধে বহুদিন ধৰিয়ে স্বজনপোষণৰ অভিযোগ তীব্র হৈছে । গোতাবায়াৰ জ্যেষ্ঠ ভাতৃ মাহিন্দা ৰাজাপক্ষে‌ই সম্প্ৰতি দেশৰ প্রধানমন্ত্রী ।

আজি শপত গ্ৰহণ কৰা ১৭ জন নতুন মন্ত্রী হৈছে — দীনেশ গুণবর্ধনে (গৃহমন্ত্রী), ডগলাছ দেৱনন্দা (মৎস্য), ৰমেশ পাথিৰানা (কৃষি), প্রসন্ন ৰণতুংগা (পর্যটন), দিলুম আমুনুগামা (পৰিবহণ আৰু শিল্প), কনক গেৰাথ (পথ পৰিবহণ), বিদূৰ বিক্রমনায়েকে (শ্রম), জনক উকুমবুৰা (জলসম্পদ), ছেহান সেমসিংগে (বাণিজ্য), মোহন প্রিয়দর্শন ডি ছিলভা (খোৱা পানী), বিমলবীৰ দেশনায়েকে (বন), কাঞ্চন বিজয়শেখৰ (বিদ্যুৎ), থেনুকা বিধানহামাগে (ক্রীড়া), নালক গোদাহেওয়া (সংবাদমাধ্যম), চান্না জয়ছুমানা (স্বাস্থ্য), নাচিৰ আহমেদ (পৰিৱেশ) আৰু প্রমিতা বান্দাৰা তেন্নাকুন (জাহাজ) ।

ৰাষ্ট্ৰপতিয়ে আজি বিৰোধী দলসমূহক আহ্বান জনায় যে, তেওঁলোকে যেন জোঁট চৰকাৰত যোগ দিয়ে‌। ৰাষ্ট্ৰপতিয়ে কয়, ‘‘আমাৰ দেশ এতিয়া অভূতপূর্ব এক সংকটত আছে । ম‌ই বিচাৰো যে, আমি সকলোৱে হাত মিলাই এই সংকটৰ সমাধান কৰো ।’’ অৱশ্যে ৰাষ্ট্ৰপতিৰ এই আবেদনত কাণসাৰ দিয়া নাই বিৰোধীসকলে । তেওঁলোকৰ এটাই দাবী — পদত্যাগ কৰক গোতাবায়াই ।

আজি লৈ পঞ্চম দিন কিনা-বেচা বন্ধ ৰাখিলে কলম্বো ষ্টক এক্সচেঞ্জে । বিদেশী ঋণত জর্জৰিত দেশখনৰ হাতত এতিয়া ইন্ধন কেনিবলৈও অর্থ নাই ।

Exit mobile version