শৈক্ষিক, সাংস্কৃতিক সমাজ গঢ়ি তুলি সৰ্বস্তৰৰ ৰাইজ আগুৱাই যাব লাগিব : বিধায়ক ফনীধৰ তালুকদাৰ

সৰুপেটাৰ বিএইচবি মহাবিদ্যালয়ৰ সোণালী জয়ন্তীত সাংস্কৃতিক শোভাযাত্ৰা

WhatsApp Image 2022 04 23 at 5.42.16 PM

“আমি সৰ্বস্তৰৰ ৰাইজে আগুৱাই যাব লাগিলে এখন শৈক্ষিক সমাজ প্ৰতিষ্ঠা হ’ব লাগিব । সমান্তৰালভাৱে সংস্কৃতিৰে ঐক্যবদ্ধ হ’ব লাগিব আমাৰ সমাজত বসবাস কৰা সকলো জনগোষ্ঠী । আমাৰ সমাজখন শৈক্ষিক আৰু সাংস্কৃতিক সমাজৰূপে গঢ়ি তুলি সৰ্বস্তৰৰ ৰাইজ আগুৱাই যাব লাগিব‌ ।” এইদৰে কয় ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ফনীধৰ তালুকদাৰে আজি সৰুপেটাৰ বিএইচবি মহাবিদ্যালয়ত চলি থকা সোণালী জয়ন্তী উৎসৱত সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰি দিয়া ভাষণত ।

বিধায়ক ফনীধৰ তালুকদাৰে তেওঁৰ ভাষণত অসমৰ শৈক্ষিক, সাংস্কৃতিক ক্ষেত্ৰখন আগুৱাই নিয়াৰ বাবে চৰকাৰখনে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে বুলিও কয় । উল্লেখ্য যে আজি দিনৰ ১১ বজাৰ পৰা সৰুপেটাত উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাত বৰ্ণাঢ্য অসমীয়া, বড়ো জনগোষ্ঠীয় লোক সংস্কৃতি প্ৰদৰ্শিত হয়‌ । বিয়লি ন-পুৰণি ছাত্ৰ-ছাত্ৰীৰ সন্মিলন আৰু সন্ধিয়াৰ পৰা স্থানীয় শিল্পীৰ দ্বাৰা পৰিৱেশিত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় ।

কালিৰে পৰা তিনিদিনীয়াকৈ উদ্‌যাপিত সোণালী জয়ন্তী উৎসৱত কালি গ্ৰন্থ উন্মোচন, আলোচনাচক্ৰ, ন-পুৰণি অধ্যক্ষ, শিক্ষক-কৰ্মচাৰীৰ প্ৰীতি সন্মিলন, পতাকা উত্তোলন, স্মৃতি তৰ্পণ, ছহিদ তৰ্পণ, বন্তি প্ৰজ্বলন আদি বিভিন্ন কাৰ্যসূচী ৰূপায়িত হয় । কাইলৈ দিনৰ ভাগত মুকলি সভা, নিশা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব ।

Exit mobile version