Russia : ৰাছিয়াৰ অস্ত্র সন্দৰ্ভত ‘প্ৰত্যুত্তৰ’ নির্মলা সীতাৰমনৰ

1570980 nirmala sitharaman

প্রতিৰক্ষাৰ ক্ষেত্রত ভাৰতে ৰাছিয়াৰ ওপৰত নির্ভৰ কৰাটো তেওঁলোকে নিবিচাৰে বুলি স্পষ্টভাৱে জনালে পেন্টাগনে । কিন্তু আমেৰিকাৰ পৰা ভাৰতৰ বিত্তমন্ত্রী নির্মলা সীতাৰামনেও জনালে, ঐতিহ্যগতভাৱে প্রতিৰক্ষাৰ ক্ষেত্রত ভাৰত ৰাছিয়াৰ ওপৰত নির্ভৰশীল । দ্বিপাক্ষিক সম্পর্কৰ দৰে এই বিষয়টোও প্ৰয়োজনীয় । আমেৰিকাই নিশ্চয় নিবিচাৰে, তেওঁলোকৰ বন্ধু দুর্বল হৈ পৰাটো ।

কালি পেন্টাগনৰ প্রেছসচিব জন কার্বিয়ে কয়, ‘‘ভাৰত আৰু অন্যান্য দেশক ম‌ই স্পষ্ট কৰি দিছো যে, প্রতিৰক্ষাৰ ক্ষেত্রত ৰাছিয়াৰ ওপৰত তেওঁলোকৰ নির্ভৰশীলতা মুঠেই আমেৰিকাৰ কাম্য নহয় । ভাৰতৰ স’তে প্রতিৰক্ষা সহযোগিতা আমাৰ বাবে মূল্যবান ।’’ উপ-বৈদেশিকসচিব ৱেণ্ডি শ্বেৰমেনে কয়, “চীনক লৈ তেওঁলোক (ভাৰত) চিন্তিত । তেওঁলোকৰ বাহিনীত ৰুছ অস্ত্রৰ ভৱিষ্যৎ নাই । কাৰণ আমাৰ নিষেধাজ্ঞাৰ ফলত ৰাছিয়াৰ প্রতিৰক্ষা উদ্যোগ প্ৰভাৱিত হৈছে । অদূৰ ভৱিষ্যতেও সেয়া স্বাভাৱিক নহয় ।’’

আন্তর্জাতিক অর্থ ভাণ্ডাৰ আৰু বিশ্ব বেংকৰ বার্ষিক সন্মিলনত যোগ দিবলৈ আমেৰিকাত গৈ ভাৰতৰ বিত্তমন্ত্রীয়ে ইতিমধ্যে জ’ বাইডেন প্রশাসনৰ একাধিক শীর্ষ কৰ্মচাৰীৰ স’তে সাক্ষাৎ কৰিছে । এক প্রশ্নৰ উত্তৰত সীতাৰমনে কয়, ‘‘ভাৰত-আমেৰিকা সম্পর্ক গভীৰতৰ হৈছে বুলিয়ে ভাবো । কিন্তু সম্পর্কৰ লগতে ভাৰতৰ কে’বা দশক ধৰি চলি অহা কিছু ঐতিহ্যও আছে । বিষয়টো কেৱল ৰাছিয়াৰ ওপৰত প্রতিৰক্ষাৰ ক্ষেত্রত ঐতিহ্যগত নির্ভৰশীলতা নহয় ।’’

বিত্তমন্ত্রীয়ে জনায়, ৰাছিয়াৰ ক্ষেত্রত ভাৰতে ভাবি-চিন্তি যি নীতি লৈছে, তাৰ বাবে আমেৰিকাৰ স’তে দূৰত্ব বাঢ়িছে, বিষয়টো তেনে নহয় । প্রচ্ছন্নভাৱে পাকিস্তান আৰু চীন প্রসংগ দাঙি ধৰি সীতাৰমনে কয়, ‘‘(আমেৰিকাক) বন্ধুৰ ভৌগোলিক অৱস্থানটোও বুজিব লাগিব । ক’ভিড সত্ত্বেও আমাৰ উত্তৰ সীমান্তত উত্তেজনা আছে । পশ্চিম সীমান্ততো অশান্তি । আফগানিস্তানত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজ দিবৰ বাবে পোৱা অস্ত্রৰে আমাক লক্ষ্য কৰা হৈছে । এনে অৱস্থাত কোনো বিকল্প নাথাকে । আমেৰিকাই যদি বন্ধু বিচাৰে, নিশ্চয় সেই বন্ধুক দুর্বল কৰিব নিবিচাৰিব ।’’

Exit mobile version