মানাহ ৰাষ্ট্ৰীয় উদ্যান সংযোগী পথৰ মাজত পুখুৰী সদৃশ গাঁত

জনপ্ৰতিনিধিৰ ওপৰত বিভিন্নজনৰ ক্ষোভ, মানাহ সংযোগী পথক বিশ্ব দৰবাৰত বদনাম নকৰিবলৈ আহ্বান

WhatsApp Image 2022 04 25 at 5.56.36 PM 1

নামনি অসমৰ এখন উল্লেখযোগ্য বাণিজ্যিক নগৰী বৰপেটা ৰোডৰ পৰা বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান সংযোগী পথৰ বংশীবাৰী-পূৱ ছাফাকামাৰত পথৰ দূৰাৱস্থাই জ্বলাকলা খুৱাইছে পথাচাৰীৰ লগতে দেশী-বিদেশী পৰ্যটকক ৷ পথছোৱাৰ মাজত প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰীসদৃশ গাঁত ৷ কিন্তু এইবোৰ দেখিও নেদেখাৰ ভাও ধৰিছে চৰকাৰ, বিভাগীয় কৰ্তৃপক্ষ, মন্ত্ৰী, বিধায়ক কিম্বা স্থানীয় জনপ্ৰতিনিধিসকলে ৷ ৰাইজৰ অভিযোগ, পথছোৱা নিৰ্মাণৰ বাবে ঠিকাদাৰে কিছু কাম কৰিছিল যদিও হেমাহিৰে পথছোৱা আধৰুৱা অৱস্থাতে নিৰ্মাণৰ কাম সামৰি উধাও হৈছে ৷ তৎসত্ত্বেও গুৰুত্ব নাই কোনো এজন জনপ্ৰতিনিধিৰ ৷

এইহেন বাৰিষাৰ সময়ত এজাক বৰষুণ আহিলেই পথছোৱা যাতায়াতৰ বাবে ব্যাহত হৈ পৰে ৷ বৰষুণৰ পানীৰে উপচি পৰে পুখুৰী সদৃশ গাঁতবোৰ ৷ এতিয়া এই অৱস্থাৰে চলিছে যাতায়ত ৷ বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ এই পথেৰেই পৃথিৱীৰ ভিন্ন প্ৰান্তৰ পৰা দেশী-বিদেশী পৰ্যটকৰ সোঁত বয় ৷ যাৰ বাবে জনপ্ৰতিনিধিৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ ৷

পথছোৱাৰে মৰণত শৰণ দি অহা এগৰাকী আদিবাসী ছাত্ৰ নেতা মানছুখ ছানখাড়িকাই সাংবাদিকৰ আগত কয়, ‘এইয়া এক দুৰ্ভাগ্যজনক ঘটনা ৷ বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ অহা-যোৱা কৰা এইটো মূল পথ ৷ কিন্তু আজিও দেশী-বিদেশী পৰ্যটকৰ লগতে বিভিন্ন শ্ৰেণীৰ লোকক জ্বলাকলা খুৱাই আহিছে এই পথটোৱে ৷ পথটোৱে যেন এতিয়া মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ অহা পৰ্যটকৰ বাবে দুখবৰ হৈ পৰিছে ৷ উদ্যানখনৰ যি সুনাম তাত আঘাত হানিছে একমাত্ৰ এই জৰাজীৰ্ণ পথছোৱাই ৷’

চৰকাৰলৈ আহ্বান মানাহলৈ যোৱা এই পথছোৱাৰ কাম যাতে অতি শীঘ্ৰে সমাপন হয় আৰু এই ক্ষেত্ৰত যাতে স্থানীয় অভিভাৱক মন্ত্ৰীগৰাকীয়ে যৎপৰোনাস্তি ব্যৱস্থা হাতত লয় ৷ পথটোৰে আহ-যাহ কৰা আন এগৰাকী সচেতন ব্যক্তিয়ে জৰাজীৰ্ণ পথটো সন্দৰ্ভত কয়, ‘আমাৰ বাবে দুখৰ খবৰ ৷ চৰকাৰে আমাৰ এই মানাহলৈ যোৱা পথটো সূচল কৰাৰ ক্ষেত্ৰত তিলমানো গুৰুত্ব নিদিয়ে ৷ চৰকাৰৰ কোনো জনপ্ৰতিনিধিয়ে গুৰুত্ব নিদিয়ে পথটো নিৰ্মাণৰ ক্ষেত্ৰত ৷ মই ব্যক্তিগতভাৱে এগৰাকী ঠিকাদাৰক লগ কৰি এই ক্ষেত্ৰত বিতংকৈ জনাইছিলো যদিও একোৱে কামত নাহিল ৷ মই কৈছিলো, এইটো যিহেতু এটা আন্তঃৰাষ্ট্ৰীয় পথ, পথটো পকীকৰণ নকৰিলেও যাতে শিলবালি দি সকলো ৰাইজৰ বাবে কিছু সকাহ দিয়ে ৷’

বংশীবাৰী গাঁৱৰে স্থানীয় বাসিন্দা এগৰাকীৰ মন্তব্য, ‘পথছোৱা ইমানেই জৰাজীৰ্ণ হৈ পৰিছে যে লঘু যান বাহনৰ বাবে নামফলকত বৰ বৰ হৰফেৰে লিখা আছেই ৷ মুখ্যপথটো হৈছে বৰপেটা ৰোডৰ পৰা মানাহলৈ ৷ কিন্তু খহনীয়াৰ বাবে মুখ্য পথটোৰে যান বাহন চলাচল কৰিব নোৱাৰাৰ বাবে বংশীবাৰী হৈ এনেকৈ যানবাহনবোৰ চলাচল কৰে ৷ কিন্তু পথটো ডাম্পাৰ বা ট্ৰেক্টৰ জাতীয় যানবাহনৰ বাবে নহয় ৷ পথটোৰে চলাচল কৰা যানবাহনৰ পাটি ভাঙিলে বা টিউব পাম্পচাৰ হ’লে মেৰামতি কৰিব পাৰি কিন্তু পথটোৰে বহু ছাত্ৰ-ছাত্ৰীৰ আহ-যাহ, যদি এজন ছাত্ৰ বা ছাত্ৰীও কেনেবাকৈ মৃত্যুমুখত পৰে তাৰ ক্ষতি চৰকাৰ বা ঠিকাদাৰে বহন কৰিব পাৰিব জানো ৷ ৰঞ্জিত দাস এই সমষ্টিৰ বিধায়ক আছিল, দলৰ সভাপতি হ’ল, মন্ত্ৰী হ’ল ৷ এই পথটোৰে তেওঁ সঘনে আহ-যাহ কৰে । একেদৰে বিটিআৰৰ কাৰ্যবাহী সদস্য তথা স্থানীয় এমচিএলএ গৌতম দাস তেঁৱো পথটোৰে দিনত চাৰি-পাঁচবাৰ আহ-যাহ কৰে তথাপি কিন্তু পথছোৱা নিৰ্মাণৰ ক্ষেত্ৰত তেওঁলোকে তিলমানো গুৰুত্ব নিদিলে ৷ যদিও পথছোৱা চৰকাৰী মাটি নহয়, চৰকাৰে বিচাৰিলে ৰাইজে দিবলৈ প্ৰস্তুত আছে ৷ মুঠতে পথটো যাতায়াতৰ বাবে সূচল হ’ব লাগে ৷’

স্থানীয় এগৰাকী মহিলাই চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয়, ‘আমাৰ সাংঘাতিক ধৰণে অসুবিধা হৈছে ৷ পথটোৰ বাবে চোতালত পানী গোট খায় ৷ ওলাই যাবলৈ ৰাস্তা নাই ৷ গৰু-ছাগলী ঘৰৰ পৰা এৰাল দিবলৈ উলিওৱাত দিগদাৰ ৷ বাইককে ধৰি বিভিন্ন সৰু-বৰ গাড়ী ৰাস্তাটোৰ অৱস্থাৰ বাবে প্ৰায়েই দুৰ্ঘটনাত পতিত হয় ৷ মন্ত্ৰী ৰঞ্জিত দাস, গৌতম দাসে এই ক্ষেত্ৰত চাব লাগে ৷ কিন্তু নাচায় ৷’

বিভিন্ন শ্ৰেণীৰ লোক তথা দল সংগঠনে পথছোৱা অচিৰেই মেৰামতিৰ দাবী উত্থাপন কৰি বিশ্ব দৰবাৰত মানাহ অভিমুখী পথৰ বদনাম নাইকিয়া কৰাৰ আশা প্ৰকাশ কৰে ৷

Exit mobile version