Labor Law : কেন্দ্রীয় শ্রম আইনত সংস্কাৰ, এক জুলাইৰ পৰা দৈনিক কামৰ সময় হ’ব পাৰে ১২ ঘণ্টা !

labour law

কেন্দ্রীয় শ্রম আইনৰ (Labor Law) সংস্কাৰৰ সুবাদত এইবাৰ দৈনিক কামৰ সময় বাঢ়িব । ফলত দৈনিক আঠ ঘণ্টাৰ পৰিৱর্তে এইবাৰ ‘ডিউটি আৱাৰ’ হ’ব পাৰে ১২ ঘণ্টা । কিন্তু সপ্তাহত তিনি দিন ছুটিও পাব । কেন্দ্রৰ নৰেন্দ্র মোদী (Narendra Modi) চৰকাৰৰ তৎপৰতাত এই বিষয়ত চিন্তা-চৰ্চা চলিছে । অৱশ্যে সংশ্লিষ্ট শ্রম বিধি সংস্কাৰ সময়সাপেক্ষ ।

সূত্রৰ খবৰ, দেশৰ সকলো ৰাজ্য‌ই এতিয়াও এই সংস্কাৰ সংক্রান্ত ‘নীতি’ তৈয়াৰ কৰিব পৰা নাই । সেই প্রক্রিয়া সুচাৰুৰূপে সম্পন্ন হ’লে তিনি মাহ পাছত এক জুলাইৰ পৰা কর্মচাৰীসকলৰ দৈনিক কামৰ সময়ত পৰিৱৰ্তন আহিব পাৰে । লগতে, এই পৰিৱর্তনৰ ফলত এজন কর্মচাৰীৰ বেতনবাবদ টকা (টেক হোম ছেলেৰী) কমাৰ সম্ভাৱনা আছে । তেনেদৰেই পিএফ (PF)-ৰ অনুদান বাঢ়াৰ সম্ভাৱনাও প্রৱল । অৱশ্যে সমগ্ৰ বিষয়টো সম্প্ৰতি পৰিকল্পনাৰ পৰ্যায়ত আছে । সম্প্রতি এই প্রক্রিয়া চলাৰ কথাও সংশ্লিষ্ট সূত্রেই জানিব পৰা গৈছে ।

নতুন নিয়মত দেশজুৰি ন্যূনতম বেতন কার্যকৰ কৰা হ’ব । সংশ্লিষ্ট মহলৰ বক্তব্য, ইয়াৰ ফলচ বিশেষভাৱে লাভবান হ’ব দেশৰ অসংখ্য , প্ৰব্ৰজনকাৰী শ্রমিকসকল । নতুন বিধি অনুযায়ী, সপ্তাহত তিনিদিন ছুটি পোৱাৰ সুযোগ পাব । দৈনিক কামৰ ম্যাদৰ ওপৰত নির্ভৰ কৰিব কোনো কর্মচাৰীয়ে সপ্তাহত তিনি দিন ছুটি পাব নে নাই ।

নতুন শ্রমবিধি অনুযায়ী, নৰ পৰা ১২ ঘণ্টাৰ ছিফ্ট কৰিবলগীয়া হ’ব পাৰে কর্মচাৰীসকলে (আগতে আছিল আঠ-ন ঘণ্টা) । যিসকলে দৈনিক ১২ ঘণ্টা কাম কৰিব, তেওঁলোকে সপ্তাহত তিনিদিন ছুটি পাব । প্রতি পাঁচ ঘণ্টা কামৰ মাজত ৩০ মিনিট বিৰতি ল’ব পাৰিব । দেশৰ সংগঠিত আৰু অসংগঠিত ক্ষেত্রত কর্মৰত কর্মচাৰীসকল এমপ্লয়িজ ষ্টেট ইনচিঅ’ৰেন্সৰ (Employees State Insurance) আওতাত আহিব । নতুন বিধিত মহিলাসকলে নাইট ছিফ্ট কৰিব পাৰিব ।

উল্লেখ্য, ভাৰতৰ ২৯ টা কেন্দ্রীয় শ্রম আইন চাৰিটা ক’ডত বিভক্ত । ক’ডৰ নিয়মৰ আছে চাৰিটা শ্রম ক’ড । তাৰ ভিতৰত আছে মজুৰি, সামাজিক নিৰাপত্তা, ইণ্ডাছট্রিয়েল ৰিলেচন, জীৱিকাৰ নিৰাপত্তা আৰু স্বাস্থ্য । তথ্য অনুসৰি, এই পর্যন্ত ২৩ খন ৰাজ্য‌ই এই আইন প্ৰস্তুত কৰিছে । আনহাতে, চাৰিটা লেবাৰ ক’ড সংসদত পাছ হৈছে ।

Exit mobile version