ATM Theft : জেচিবি মেচিনেৰে এটিএম লৈ উধাও চোৰ !

omthboh7kmmz94ny 1650791009

পুৰণি কৌশলৰে নহয় । কৌশল সলনি কৰি এটিএম চুৰিৰ ঘটনা ঘটিল মহাৰাষ্ট্রৰ ছাংলিত । হাতুৰী, বটালী বা গেছকাটাৰ ব্যৱহাৰ কৰি নহয়, জেচিবি মেচিন আনি এটিএমৰ কিয়স্ক ভাঙি এটিএম মেচিন তুলি নিলে চোৰৰ দলে ।

দেওবাৰে নিশা এই চুৰিৰ ঘটনাটো সংঘটিত হৈছে । সমগ্ৰ ঘটনাটো ধৰা পৰিছে চিচিটিভি ফুটেজত । ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতেই তদন্তত নামিছে আৰক্ষী । জেচিবি মেচিনটো এটিএমৰ পৰা কিছু দূৰত এটা পেট্র’ল পাম্পৰ কাষত উদ্ধাৰ কৰে আৰক্ষীয়ে ।

আৰক্ষী সূত্রে খবৰ, এটিএমৰ পৰা ২৭ লাখ টকা চুৰি হৈছে । চোৰকেইটাৰ সন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে । চুৰিৰ এই নতুন কৌশলক লৈ সামাজিক মাধ্যমত বেচ চর্চা হৈছে ।

https://twitter.com/DextrousNinja/status/1518061508567068673?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1518061508567068673%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fwww.anandabazar.com%2Findia%2Fthieves-took-away-atm-with-jcb-machine-dgtl%2Fcid%2F1340712

ধেমেলীয়াভাৱে কোনো কোনোৱে এই ঘটনাক ‘মানি হেইষ্ট’ৰ স’তে তুলনা কৰিছে । তেওঁলোকে কয়, ‘এইটো ২০২৩-ৰ মানি হেইষ্ট ।’ কোনোৰ মতে আকৌ, ‘এইবোৰ নিবনুৱা আৰু কর্মহীনতাৰ ছবি । যিমানে নিবনুৱাৰ হাৰ বাঢ়িব, সিমানেই এই ধৰণৰ কাম বাঢ়িব ।’

যোৱা সপ্তাহতেই চুৰিৰ এটা ভিডিঅ’ ভাইৰেল হৈছিল । উত্তৰ প্রদেশৰ এটা হার্ডৱেৰৰ দোকানত চুৰিৰ পাছত চোৰে আনন্দত নাচিছিল । সেই ছবিও ধৰা পৰে চিচিটিভি ফুটেজত ।

Exit mobile version