ধনাঢ্য ব্যক্তিৰ তালিকাত তৃতীয় স্থানৰ পৰা ১৪ সংখ্যক স্থানত জুকাৰবাৰ্গ

701913 reuters mark zuckerberg

‘ফে’চবুক’ৰ প্ৰতিষ্ঠাপক মার্ক জুকাৰবাৰ্গৰ সম্পত্তিৰ পৰিমাণ শেহতীয়াভাৱে সামান্য বৃদ্ধি হোৱাত তেওঁ বিশ্বৰ ধনাঢ্য ব্যক্তিৰ তালিকাত ১৪ সংখ্যক স্থান লাভ কৰিলে।

ফ’বছৰ তথ্য অনুসৰি, বৰ্তমানে জুকাৰবাৰ্গৰ সম্পত্তিৰ পৰিমাণ হৈছে ৭৩.৬ বিলিয়ন ডলাৰ। ২০২১ৰ জুলাইত
জুকাৰবাৰ্গ বিশ্বৰ তৃতীয়জন সবাতোকৈ ধনী ব্যক্তি হিচাপে স্বীকৃত হৈছিল।

সেই সময়ত ফে’চবুকৰ প্ৰতিষ্ঠাপকৰ মুঠ সম্পত্তিৰ পৰিমাণ আছিল ১৪২ বিলিয়ন ডলাৰ। কিন্তু ফে’চবুকৰ বজাৰমূল্য হ্রাস পাবলৈ ধৰাত জুকাৰবাৰ্গৰ সম্পত্তিৰ পৰিমাণ হ্রাস পাবলৈ ধৰে।

কিছুদিন পূর্বে ধনাঢ্য ব্যক্তিৰ তালিকাখনত জুকাৰবাৰ্গৰ স্থান ১৮ সংখ্যকলৈ অৱনমিত হৈছিল। শেহতীয়াভাৱে ফে’চবুকৰ শ্বেয়াৰ মূল্য ২০ শতাংশ বৃদ্ধি পায় আৰু ইয়াৰ ফলত জুকাৰবাৰ্গৰ সম্পত্তিৰ পৰিমাণ ৭৩.৬ বিলিয়ন ডলাৰলৈ বৃদ্ধি পোৱাত বিশ্বৰ শীৰ্ষ ধনাঢ্যৰ তালিকাত তেওঁৰ স্থান ১৪ সংখ্যকলৈ উন্নীত হ’ল।

Exit mobile version