দেশত নতুনকৈ ক’ৰনাত আক্ৰান্ত হ’ল ২,৫৬৮ জন। বৰ্তমানলৈকে দেশত ক’ৰনা ৰোগীৰ সংখ্যা ৪,৩০,৮৪,৯১৩ ।
ADVERTISEMENT
যোৱা ২৪ ঘণ্টাত, ক’ভিডত ২০ জন লোকৰ মৃত্যু হৈছে। বৰ্তমানলৈকে, দেশত ক’ভিডত মৃত্যুৰ সংখ্যা ৫২৩,৮৮৯ জন।
অৱশ্যে, সংক্ৰমণৰ হাৰ আগৰ দিনৰ তুলনাত ১৮.৬ শতাংশ হ্ৰাস পাইছে।
স্বাস্থ্য মন্ত্ৰালয়ে প্ৰদান কৰা তথ্য অনুসৰি, দেশত দৈনিক সক্ৰিয়তাৰ হাৰ এতিয়া ১.০৭ শতাংশ। প্ৰায় দুমাহৰ পাছত, দৈনিক সক্ৰিয়তাৰ হাৰ এক শতাংশৰ ওপৰলৈ গৈছে।
যোৱা ২৪ ঘণ্টাত ক’ভিডৰ ২,৯০০জন লোক সুস্থ হৈ উঠিছে ।