Corona Update:দেশত পুনৰ বৃদ্ধি পালে সংক্ৰমিত সংখ্যা, শীৰ্ষত দিল্লী

মঙলবাৰে, ক’ভিড ৰোগীৰ সংখ্যা দুহেজাৰ-ৰ তললৈ হ্ৰাস পালেও, কিন্তু যোৱা ২৪ ঘণ্টাত, সংক্ৰমিত লোকৰ সংখ্যা পুনৰ তিনি হেজাৰ অতিক্ৰম কৰিছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত তিনি হেজাৰ ২০৫ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে, যি আগৰ দিনতকৈ ২৪.৮ শতাংশ অধিক।

মঙলবাৰে সংক্ৰমিত লোকৰ সংখ্যা আছিল ২,৫৬৪ জন। যোৱা ২৪ ঘণ্টাত দৈনিক সংক্ৰমণৰ হাৰ ০.৯৮ শতাংশলৈ বৃদ্ধি পাইছে।

বৰ্তমান সমগ্ৰ দেশতে মুঠ ১৮৯ কোটি ৪৮ লাখ এক হেজাৰ ২০৩ টা টিকাকৰণ কৰা হৈছে। যোৱা ২৪ ঘণ্টাত, ২,৮০২ জন লোক সুস্থ হৈ উঠিছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ বুলেটিন অনুসৰি, যোৱা ২৪ ঘণ্টাত ৩১ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত কেৰালাত মৃত্যুৰ সংখ্যা হৈছে ২৯ জন। মহাৰাষ্ট্ৰ আৰু দিল্লীত এজন লোকৰ মৃত্যু হৈছে।

দিল্লী এতিয়াও দেশত সংক্ৰমণৰ শীৰ্ষত আছে। যোৱা ২৪ ঘণ্টাত, ১,৪১৪ জন লোক আক্ৰান্ত হৈছে। ইয়াৰ পাছত আছে হাৰিয়ানা (৫০৫), উত্তৰ প্ৰদেশ (৩৩১) আৰু কেৰালা (২৯৬)।

Exit mobile version