Mahatma Gandhi : নিলামত উঠিব গান্ধীৰ স্মৃতি-বিজড়িত চশমা-খৰম

2020 08 22 102901 1598087633. large

নিলামত উঠিব জাতিৰ পিতা মোহনদাস কৰমচান্দ গান্ধীৰ কে’বাটাও সামগ্ৰী । ইংলেণ্ডৰ ‘ইষ্ট ব্রিষ্টল অক্সনছ’ সংস্থাটোৰ ধাৰণা, গান্ধীৰ স্মৃতি-বিজড়িত এই সামগ্ৰীসমূহ অন্তত পাঁচ কোটি টকাত বিক্রী হ’ব । ২০২০ত গান্ধীয়ে ব্যৱহাৰ কৰা এটা চশমা আঢ়ৈ কোটি টকাত (আঢ়ৈ লাখ পাউণ্ড) বিক্রী কৰিছিল সংস্থাটোৱে ।

এইবাৰ নিলামত আছে গান্ধীৰ ব্যৱহৃত দুটা চশমা, তেওঁ হাতে বোৱা দুখন খাদি কাপোৰ, তেওঁ নিজ হাতে বোৱা আৰু ব্যৱহাৰ কৰা খৰম, তেওঁ ব্যৱহাৰ কৰা এটা চিয়াঁহীৰ বটল আৰু গান্ধীয়ে লিখা কে’বাখনো পত্ৰ । আছে ছর্দাৰ বল্লভভাই পটেলে গান্ধীক লিখা কে’বাখন পত্ৰও । ইয়াৰ উপৰি, গান্ধীৰ কে’বাখনো ছবিও আছে ।

নিলাম সংস্থাৰ দাবী, ইয়াৰ ভিতৰত এখন সম্ভৱত গান্ধীৰ জীৱনকালত তোলা শেষ ছবি । ১৯৪৭-ৰ কোনো সময়ত দিল্লীৰ বিৰলা হাউছত গান্ধীৰ ব্যক্তিগত চিকিৎসকে এই ছবিটো তুলিছিল । বগা-ক’লা এই ছবিখনত দেখা গৈছে, বিচনাত বহি কথা কৈ আছে বাপুজিয়ে ।

সংস্থাৰ প্রতিনিধি অয়াণ্ড্ৰু ষ্টো-ৱে কয়, “প্রতিটো সামগ্ৰীৰ ঐতিহাসিক মূল্য অপৰিসীম ।” অহা ২১ মে’ পর্যন্ত অনলাইনত নিলাম আৰম্ভ হ’ব । ইচ্ছা কৰিলে কোনোৱে এপয়েন্টমেন্ট লৈ নিলাম সংস্থাৰ ব্রিষ্টল দপ্তৰত আহি সামগ্ৰীবোৰ নীৰিক্ষণো কৰি ল’ব পাৰে ।

Exit mobile version