Hassanabad bridge Collapse : পানীৰ তীব্ৰতাত ভাঙিল পাক-চীন সংযোগী চীনা সেতু ! প্রকাশ্যত ভিডিঅ’

1652251276 bridge collapse

হৰপ্পা বানত পানীৰ তীব্ৰতাত ভাঙিল পাকিস্তান আৰু চীনৰ সংযোগৰক্ষাকাৰী হাছানাবাদ সেতু ! পাকিস্তানৰ গিলগিট-বালতিস্তান অঞ্চলত বিপুল অর্থ ব্যয়ৰে সেতুটো প্ৰস্তুত কৰিছিল চীনে ।

হুঞ্জা উপত্যকাত কাৰাকোৰাম হাইৱেৰ ওপৰত এই সেতুটো এটা জনপ্রিয় পর্যটনস্থলো । প্রবল গৰমৰ বাবে উত্তৰ পাকিস্তানৰ শিশপাৰ হিমবাহ গলি যোৱাত হৰপ্পা বানৰ সৃষ্টি হয় । সেই পানী উপত্যকালৈ বৈ আহে । সেই অভিঘাত সহ্য কৰিব পৰা নাই এই গুৰুত্বপূর্ণ সেতুৱে । সেতুটো ভাঙি পৰে । ভাঙি পৰাৰ সেই দৃশ্য কেমেৰাত বন্দী হৈছে । ঘটনাটো শনিবাৰৰ ।

এই সেতু ভাঙি পৰাৰ ফলত উত্তৰ পাকিস্তানৰ স’তে কাৰাকোৰাম হাইৱেৰ মাধ্যমত সম্পূর্ণ যোগাযোগ বন্ধ হৈ গৈছে । কেৱল হাছানাবাদ সেতুৱে নহয়, পাকিস্তানৰ সংবাদমাধ্যম ‘ডন’ৰ প্রতিবেদনত কোৱা হৈছে, হৰপ্পা বানত হাছানাবাদৰ দুটা জলবিদ্যুৎ কেন্দ্রও উটি গৈছে ।

পাকিস্তানৰ পৰিৱেশ মন্ত্রী শ্বেৰি ৰহমানে টুইট কৰে, কিছুদিন পূৰ্বেই পৰিৱেশ মন্ত্রণালয়ৰ পৰা সতর্কবার্তা দিয়া হৈছিল । প্রচণ্ড গৰমত হিমবাহৰ গলনত হৰপ্পা বানৰ সৃষ্টি হ’ব পাৰে । সেই হৰপ্পা বানতেই হাছানাবাদ সেতু ধ্বংস হ’ল । শীঘ্ৰে এটা অস্থায়ী সেতু বনোৱা হ’ব দুই দেশৰ যোগাযোগ বজায় ৰাখিবলৈ ।’

Exit mobile version