যৌনকর্মীৰো ‘না’ কোৱাৰ অধিকাৰ আছে অথচ বিবাহিত মহিলাৰ নাই ! মন্তব্য দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ

1600x960 390020 delhi high court

বৈবাহিক ধর্ষণ (Marital Rape) অপৰাধ নেকি ? বুধবাৰৰ ৰায়ত উত্তৰ দিব পৰা নাই দিল্লী উচ্চ ন্যায়ালয়ে (Delhi High Court) । এই বিষয়ত ডিভিছন বেঞ্চৰ দুই ন্যায়াধীশে দুই ধৰণৰ পর্যবেক্ষণ জনায় । ন্যায়াধীশ চি হৰিশংকৰ (C Harishanker) বৈবাহিক ধর্ষণক অপৰাধ গণ্য কৰিবলৈ সন্মত নহয় । আনহাতে, ভিন্ন মত জনায় ন্যায়াধীশ ৰাজীৱ শকধেৰে (Rajiv Shakdher) । এই বিষয়ত কঠোৰ মন্তব্য কৰে ন্যায়াধীশ শকধেৰে । তেওঁ কয়, যৌনতাৰ বিষয়ত এজন যৌন কর্মীৰো ‘না’ কোৱাৰ অধিকাৰ আছে, কিন্তু এগৰাকী পত্নীয়ে নোৱাৰে ।

বৈবাহিক ধর্ষণ গোচৰৰ ৰায়ত কালি ন্যায়াধীশ চি হৰিশংকৰে কৈছিল, ধর্ষণ আইনৰ ব্যতিক্রমী ধাৰা কোনো কাৰণতে সংবিধানৰ পৰিপন্থী নহয় । কাৰণ, স্বামী-পত্নীৰ মতপার্থক্যৰ বাবেই একমাত্র এই ধৰণৰ অভিযোগ উত্থাপিত হয় । যাক কেতিয়াও সেই অর্থত অপৰাধ বুলি গণ্য কৰিব নোৱাৰি ।

ন্যায়াধীশ শকধেৰে পুনৰ কয়, “আইনৰ শক্তিৰ বাবেই এগৰাকী যৌনকর্মীৰো ‘না’ কোৱাৰ অধিকাৰ আছে, কিন্তু এগৰাকী বিবাহিত মহিলাই নোৱাৰে ।” ন্যায়াধীশ শকধেৰে আৰু কয়, “গণধর্ষণৰ ঘটনাত যদি স্বামী যুড়িত থাকে, তেনেহ’লে বাকীসকলে ধর্ষণৰ অপৰাধত আইনত শাস্তি পাব, কিন্তু স্বামীজন অভিযুক্ত নহ’ব । কিয় ? যিহেতু তেওঁ নির্যাতিতাৰ স্বামী ।”

ন্যায়াধীশ শকধেৰে আক্ষেপৰ সুৰত কয়, পত্নী যদি স্বামীৰ দ্বাৰা যৌন নিৰ্যাতনৰ বলি হয়, সেই ক্ষেত্রত এই মহিলাৰ বাবে আইনত কোনো উত্তৰেই নাই । যিহেতু বৈবাহিক ধর্ষণক অপৰাধ বুলি আমি মান্যতা দিয়া নাই । তেওঁ আৰু কয়, “বিবাহৰ পাছত এগৰাকী মহিলাই তেওঁৰ যৌন অধিকাৰ হেৰুৱায় । যিহেতু তেওঁ অন্যৰ সম্পত্তিত পৰিণত হয় ।” বৈবাহিক ধর্ষণৰ প্রমাণৰ বিষয়ত ন্যায়াধীশৰ মন্তব্য, কেৱল প্রমাণ কৰা কঠিন বাবে ধর্ষণ বুলি জানিও চকু বন্ধ কৰি থাকিব নোৱাৰি ।

উল্লেখ্য, বিয়াৰ পাছত স্বামী-পত্নীৰ সম্পর্কৰ মাজত ধর্ষণৰ প্রসংগ জড়িত হয় নে নহয় তাক লৈ দেশত প্ৰশ্ন উত্থাপিত হৈয়ে আছে । অনেকৰ মতে বিষয়টো পশ্চিমীয়া সংস্কৃতিৰ । এই বিষয়ত যোৱা সাত ফেব্রুৱাৰীত উচ্চ ন্যায়ালয়ে কেন্দ্রৰ অৱস্থান জনাব বিচাৰিছিল । যদিও কেন্দ্র‌ই এই পর্যন্ত তেওঁলোকৰ মত দিয়া নাই । সম্প্ৰতি কেন্দ্রৰ তৰফৰ পৰা জনোৱা হৈছিল, এই বিষয়ত সমস্ত ৰাজ্য আৰু কেন্দ্রশাসিত অঞ্চলৰ পৰা মতামত বিচৰা হৈছে । তাৰপাছত তেওঁলোকে তেওঁলোকৰ বক্তব্য জনাব ।

Exit mobile version