কলৰ পুষ্টিগুণক লৈ নতুনকৈ কোৱাৰ কোনাে প্রয়ােজনীয়তা নাই। নিতৌ এটাকৈ কল খাব পাৰিলেই । আপুনি নিৰােগী হৈ থাকিব পাৰে। আপুনি বিশ্বাস নকৰিলেও কথাটো সত্য। মাত্র এটা কলতে আছে আপােনাক সুস্থ কৰি ৰাখিব পৰা,শক্তি। মাত্র এটা কলৰ দ্বাৰাই শৰীৰৰ অনেক সমস্যা দূৰ হ’ব পাৰে। কলৰ উপকাৰী দিশসমূহক লৈ অনেক চর্চা হৈছে। কোষ্ঠকাঠিন্য সমস্যাত ভােগা ৰােগীৰ বাবে কলে মহৌষধিৰ কাম কৰে। ইয়াৰ উপৰি হজমশক্তি বৃদ্ধিতে কলৰ বিকল্প বিচাৰি পােৱা কঠিন। সেয়াই নহয়, কলৰ আৰু অনেক উপকাৰী গুণ আছে।
মানসিক স্বাস্থ্য
মস্তিষ্কত ছেৰ’ট’নিনৰ অভাৱ ঘটিলে সচৰাচৰ হতাশাৰ জন্ম হয়। কলে সেই ছেৰ’ট’নিন বৃদ্ধিত সুহায় কৰে। ইয়াৰ কাৰণ হৈছে কলত থকা ট্রিপ্ট ‘ফান। কল মনৰ উদ্বেগ হ্রাসৰ ক্ষেত্ৰতাে উপকাৰী।
ওজন নিয়ন্ত্রণ
পুৱা এটাকৈ কল খােৱাটো অতি উপকাৰী। ইয়াৰ দ্বাৰা সমগ্ৰ দিনটোৰ বাবে প্রয়ােজনীয় কেলৰি পােৱা যায় আৰু ওজনাে নিয়ন্ত্রণত থাকে।
মস্তিষ্কৰ বাবে
কল হৈছে পটাছিয়াম আৰু মেগনেছিয়াম সমৃদ্ধ ফল। নিয়মিতৰূপে কল খালে মস্তিষ্কলৈ শক্তি সৰবৰাহ অব্যাহত থাকে। ফলত যিকোনাে কামতে মনােযােগ বাঢ়ে।
হাড় সবল কৰে
কেলছিয়ামৰ অভাৱ দূৰ কৰাত কল অতি উপকাৰী ফল। সেয়ে কল খালে হাড় সবল হয়। এতিয়া সবাতােকৈ ডাঙৰ প্ৰশ্নটো হৈছে, নিতৌ ঠিক কেইটা কল খােৱা ভাল ? এইক্ষেত্ৰত চিকিৎসকৰ মতে, শৰীৰৰ যাৱতীয় উপাদানৰ অভাৱ দূৰ কৰিবলৈ নিতৌ এটাকৈ কল খাৱাই যথেষ্ট।অৱশ্যে কল হৈছে লঘু খাদ্য। সেয়ে দুটাকৈ খালেও কোনাে সমস্যা নহয়। কিন্তু নিশাৰ ভাগত কল খালে ঠাণ্ডা লগাৰাে আশংকা থাকে। সেয়ে দিনৰ ভাগতে খােৱা ভাল। শৰীৰ চৰ্চাৰ আগে-পিছে কল খাব পাৰিলে ভাল। ইয়াৰ দ্বাৰা শক্তি বৃদ্ধি হয়। সেয়ে পলম নকৰি আজিৰে পৰাই খাদ্য তালিকাত ৰাখক এটাকৈ কল।






























