আত্মনির্ভৰ ভাৰত, দেশত তৈয়াৰী প্ৰথম জাহাজ বিধ্বংসী ক্ষেপনাস্ত্ৰ উৎক্ষেপন কৰিলে নৌসেনাই

NPIC 202251813521

প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ভাৰতে ‘আত্মনিৰ্ভৰশীল’ হোৱাৰ দিশত আন এক পদক্ষেপ গ্ৰহণ কৰিছে। বুধবাৰে সম্পূৰ্ণ দেশীয় প্ৰযুক্তিত তৈয়াৰী প্ৰথম জাহাজ বিধ্বংসী মিছাইল উৎক্ষেপণ কৰিলে ভাৰত ভাৰতীয় নৌসেনা আৰু প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই (DRDO) |

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি, আজি উৰিষ্যাৰ বালাচোৰত ইণ্টিগ্ৰেটেড টেষ্ট ৰেঞ্জত মিছাইলটো পৰীক্ষা কৰা হৈছিল। মিছাইলটো নৌসেনাৰ চি কিং ৪২বি হেলিকপ্টাৰৰ পৰা নিক্ষেপ কৰা হৈছে ।

পৰীক্ষাটো নৌসেনা আৰু ডিআৰডিঅ’ৰ দ্বাৰা যুটীয়াভাৱে সম্পন্ন কৰা হয়। প্ৰতিৰক্ষা মন্ত্ৰালয়ে দেশৰ প্ৰথমখন জাহাজ বিৰোধী মিছাইল উৎক্ষেপণক প্ৰতিৰক্ষাৰ ক্ষেত্ৰত, বিশেষকৈ মিছাইল প্ৰযুক্তিৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হোৱাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচনা কৰে ।

বিশ্লেষকসকলৰ মতে, চীনৰ ওপৰত দৃষ্টি ৰাখি নৌসেনাক অত্যাধুনিক মিছাইল আৰু যুদ্ধজাহাজ সজ্জিত কৰি তুলিছে ভাৰতে । প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মঙলবাৰে মুম্বাইৰ মাজগাঁও ডকৰ পৰা আইএনএছ চুৰাট আৰু আইএনএছ উদয়গিৰি নামৰ দুখন যুদ্ধজাহাজ উদ্বোধন কৰে।

আৰু আজি নতুন দিল্লীয়ে জাহাজ বিৰোধী ক্ষেপণাস্ত্ৰ উৎক্ষেপণ কৰি চীনা নৌবাহিনীলৈ এটা বাৰ্তা প্ৰেৰণ কৰে। এপ্ৰিল মাহত ভাৰতীয় নৌসেনা আৰু বায়ু সেনাই ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ পৰিপ্ৰেক্ষিতত অত্যাধুনিক ব্ৰহ্মছ চুপাৰচনিক ক্ৰুজ মিছাইল সফলতাৰে উৎক্ষেপণ কৰে।

লাডাখত সীমান্ত সংঘৰ্ষৰ পাছৰে পৰা ভাৰত আৰু চীনৰ সৈন্যবাহিনীৰ মাজত বিবাদ চলি আছে। এনে পৰিস্থিতিত যোৱা বছৰ ভাৰত মহাসাগৰত ‘জিয়াং য়াং হং ০৩’ নামৰ এখন চীনা জাহাজৰ উপগ্ৰহ ছবিতো দেখা গৈছিল।

ভাৰতে চীনা নৌবাহিনীৰ গতিবিধিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে। নতুন দিল্লীয়ে স্পষ্ট কৰি দিছে যে ভাৰতীয় জলসীমাত কোনো অনুপ্ৰৱেশ গ্ৰহণ কৰা নহ’ব।

Exit mobile version