কিয় ৰাতি বিমানত বিদেশ ভ্ৰমণ কৰি ভাল পাই নৰেন্দ্ৰ মোদীয়ে ?

PM Modi at Flights

বিগত প্ৰায় দুসপ্তাহ ধৰি চলিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণৰ ব্যস্ত সময়সূচী । চলিত মাহৰ আৰম্ভণিতে,জাৰ্মানী ,ডেনমাৰ্ক আৰু ফ্ৰান্সত তিনি দিনৰ ভ্ৰমণলৈ গৈছিল নৰেন্দ্ৰ মোদী ।

তাৰ পাছত বুদ্ধ জয়ন্তীত নেপাল ভ্ৰমণ কৰে নৰেন্দ্ৰ মোদীয়ে ।অহা সপ্তাহত জাপানলৈ আন এক গুৰুত্বপূৰ্ণ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে । প্ৰায় গোটেই মাহ ধৰি বিদেশ ভ্ৰমণত কটাইছে তেওঁৰ সময়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণৰ সময়সূচী লক্ষ্য কৰিলে বুজা যাব যে এক নিৰ্দিষ্ট আৰ্হি অনুসৰিয়ে তেওঁ ভ্ৰমণ কৰে । বেছিভাগ সময়তে, নৰেন্দ্ৰ মোদীয়ে নিশা বিদেশ ভ্ৰমণ কৰিবলৈ ভাল পায়।

তাৰ পাছত গোটেই দিনটো ব্যস্ততা আৰু নানা বৈঠক, আলোচনাত কটোৱাৰ পাছত নৰেন্দ্ৰ মোদীয়ে পৰৱৰ্তী গন্তব্যস্থানলৈ উৰা মাৰে। জাপান ভ্ৰমণো এই নিৰ্দিষ্ট আৰ্হিৰ ব্যতিক্ৰম নহ’ব।

২২ মে’, অৰ্থাৎ দেওবাৰে নিশা ৰাওনা হ’ব তেওঁ । ২৩ মে’ৰ পুৱাৰ ভাগত টকিঅ’ত উপস্থিত হ’ব আৰু পোনপটীয়াকৈ কামত যোগদান কৰিব।

জাপানৰ শীৰ্ষ ব্যৱসায়ীসকলৰ স’তে বৈঠকত মিলিত হ’ব আৰু ভাৰতীয়সকলকো উদ্দেশ্যে ভাষণ ও দিব প্ৰধানমন্ত্ৰীগৰাকীয়ে । পিছদিনা কোৱাড বৈঠকত অংশগ্ৰহণ কৰিব। দ্বিপাক্ষিক বৈঠকৰ পাছত একে ৰাতি ভাৰতলৈ উভতি আহিব।

নৰেন্দ্ৰ মোদীৰ শেহতীয়া বিদেশ ভ্ৰমণৰ ওপৰত চকু ফুৰালে দেখা যায় যে প্ৰধানমন্ত্ৰীয়ে জাৰ্মানী আৰু ডেনমাৰ্কত মাত্ৰ এটা ৰাতি অতিবাহিত কৰিছে। একেদৰে, জাপান ভ্ৰমণত, তেওঁ মাত্ৰ এটা ৰাতি কটাব আৰু ৰাতি ঘূৰি আহিব।

প্ৰধানমন্ত্ৰী মোদীয়ে এই মাহত পাঁচখন দেশ ভ্ৰমণ কৰিছে। তেওঁ এই দেশবোৰত মুঠ তিনিৰাতি অতিবাহিত কৰিছিল। সময় বচাবলৈ তেওঁ বিমানত চাৰি ৰাতি কটাইছিল। প্ৰধানমন্ত্ৰী মোদীক কেবা বছৰ ধৰি চিনি পোৱা এজন ঘনিষ্ঠ সূত্ৰই জনাইছে নৰেন্দ্ৰ মোদীৰ নিশা ভ্ৰমণৰ প্ৰকৃত কাৰণ।

কিয় ৰাতি বিমানত বিদেশ ভ্ৰমণ কৰি ভাল পাই নৰেন্দ্ৰ মোদীয়ে ?

তেওঁৰ কথাত, ৯০- দশকৰ আৰম্ভণিতে, যেতিয়া নৰেন্দ্ৰ মোদীয়ে সাধাৰণ নাগৰিক হিচাপে ভ্ৰমণ কৰিছিল, তেতিয়া তেওঁ বিশেষ ফ্ৰিকুৱেণ্ট-ফ্লায়াৰ কাৰ্ড ব্যৱহাৰ কৰিছিল।

সেই সময়ত, তেওঁ দিনত গন্তব্যস্থানলৈ যায় আৰু সাধাৰণতে হোটেলত থকাৰ পৰা টকা ৰাহি কৰিবলৈ শেষ নিশাৰ বিমানত উভতি আহে। নৰেন্দ্ৰ মোদীয়ে প্ৰায়ে বিমানেৰে আৰু বিমানবন্দৰত শুইছিল বুলি জনালে সূত্ৰই।

প্ৰধানমন্ত্ৰীৰ ঘনিষ্ঠ সূত্ৰই এইটোও জনাইছে, সময় আৰু সম্পদ ৰক্ষা কৰাটো নৰেন্দ্ৰ মোদীৰ অভ্যাস হৈ পৰিছে।

Exit mobile version