Viral : ২৮ % ৰেহাইৰ পাছতো এটা প্লাষ্টিকৰ বাল্টিৰ দাম ২৬ হেজাৰ টকা ! তাকো ‘ষ্টক’শেষ

1653462419 balti

এটা প্লাষ্টিকৰ বাল্টিৰ মূল্য কিমান হ’ব পাৰে ? ১০০,২০০ অতি ভাল মানদণ্ডৰ হ’লে কমেও ৪০০ টকা। কিন্তু কেতিয়াবা আপুনি শুনিছে নে এটা সাধাৰণ মানদণ্ডৰ প্লাষ্টিকৰ বাল্টিৰ মূল্য ২৬ হেজাৰ টকা ! সেইটোও আকৌ ২৮ শতাংশ ৰেহাইৰ পাছত ।

এটা প্ৰতিষ্ঠিত অনলাইন বিক্ৰেতা কোম্পানীয়ে এটা প্লাষ্টিকৰ বাল্টিৰ বিক্ৰী কৰিছে ২৫হেজাৰ ৯৯৯ টকাত । ৰেহাইৰ নিদিয়াকৈ বাল্টিটোৰ মূল্য ৩৫,৯০০ টকা ৰখা হৈছে!

বিষয়টো পোহৰলৈ অহাৰ লগে লগে সকলো আচৰিত হৈছে । এনে দাম দেখি হতভম্ব নেটিজেনসকল । দামৰ সহ সেই বাল্টিটোৰ ছবিৰ স্ক্ৰীণশ্বট নেটত প্ৰচাৰ হোৱাৰ পাছতে ৰহস্য উৎঘাটনত নামি পৰিছে একাংশ ।

বাকেটটোৰ বাবে অনলাইন কোম্পানীৰ বিজ্ঞাপনত লিখা আছে, “প্লাষ্টিক বাকেট ফৰ হোম আৰু বাথৰুম ছেট অফ ৱান “।

মাহিলী কিস্তিৰ সুবিধাও আছে। ১,২২৪ টকাৰ মাহিলী কিস্তি। বিবেক ৰাজু নামৰ এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে ছবিখন শ্বেয়াৰ কৰি কয়, “মই ইয়াক অনলাইন মাৰ্কেটিংত দেখিছিলো।কি কৰা উচিত মই বুজিব পৰা নাই!” বাল্টিটো আৰু বিচাৰি পোৱা নাযাব। বিজ্ঞাপনটোত লিখা হৈছে, “দিজ প্ৰডাক্ট ইজ কাৰেণ্টলি আনএবেলেবেল।”

কিয় এই বাল্টিটো ইমান ব্যয়বহুল হ’ব পাৰে, এইটো সম্ভৱ নে, এই সকলোবোৰৰ ওপৰত এতিয়া চর্চা চলিছে । কিছুমানে অনুমান কৰে যে এইটো এটা কাৰিকৰী ত্ৰুটিৰ বাবে হৈছিল।
কেৱল বাল্টিই নহয়, আন এটা মাৰ্কেটিং কোম্পানীয়েও দুটা প্লাষ্টিকৰ মগৰ মূল্য ১০হেজাৰ টকা ।

Exit mobile version