১০ মাহত ১৩ বিলিয়ন ডলাৰৰ ঋণ গ্ৰহণ পাকিস্তানৰ

220523115924 imran khan ctw large 169

সম্প্ৰতি পাকিস্তানৰ প্ৰায় ৩৪ শতাংশ নাগৰিকে দৈনিক মাত্ৰ ৩.২ ডলাৰ অৰ্থাৎ প্ৰায় ২৪০ টকাৰ উপাৰ্জনত জীৱন যাপন কৰিছে । বৰ্তমানে পাকিস্তানে ভয়াৱহ বিত্তীয় সংকটৰ সন্মুখীন হৈছে ।

দেশৰ বিত্তীয় পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে পাকিস্তানে বৈদেশিক ঋণ গ্ৰহণ কৰিবলগীয়া হৈছে ।

পৰিসংখ্যা অনুসৰি বিগত ১০ মাহত পাকিস্তানে বিভিন্ন উৎসৰ পৰা ১৩,০৩৩ বিলিয়ন মাৰ্কিন ডলাৰৰ ঋণ গ্ৰহণ কৰিছিল । ২০২১ৰ জুলাইৰ পৰা ২০২২ এপ্ৰিললৈকে এই বৃহৎ পৰিমাণৰ বৈদেশিক ঋণ গ্ৰহণ কৰি সম্প্ৰতি পাকিস্তান ঋণগ্ৰস্ত হৈছে ।

আমেৰিকা, দক্ষিণ কোৰিয়া, ব্ৰিটেইন, জাৰ্মানী, ছৌদি আৰব আৰু চীনৰ পৰা পাকিস্তানে এই বৃহৎ পৰিমাণৰ ঋণ গ্ৰহণ কৰিছিল ।

Exit mobile version